নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত নাবালিকাক অভব্য আচৰণ কৰি গ্ৰেপ্তাৰ তিনি যুৱক

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : চিলাপথাৰ থানাৰ অন্তৰ্গত ডিমৌ ডেমগাঁৱত বিহুৰ দিনতে নাবালিকাক হাৰাশাস্তি কৰি গ্ৰেপ্তাৰ হ’ল তিনি যুৱক। অভিযোগ মতে পহিলা ব’হাগৰ দিনা ডিমৌ বালিখুতি বড়ো গাঁৱৰ দুগৰাকী নাবালিকাই ডিমৌত বজাৰ কৰি ঘৰলৈ গৈ আছিল। পিছে ডেমগাঁৱত স্থানীয় তিনিজন যুৱকৰ সৈতে কোনো কথাত সামান্য কথাৰ কটাকটি হয় কিশোৰীৰ সৈতে। ঘটনা ইমানতেই শাম নাকাটিল। যুৱকৰ দলে পুনৰ বাইকৰে গৈ আগচি ধৰি আপত্তিজনক অংগত হাত দিয়াৰ লগতে হাতত ধৰি বহু কটু কথা শুনাই চূড়ান্তভাৱে অপমান কৰে। বিষয়টো মীমাংসাৰ বাবে ৰাইজ মিলিত হয় যদিও উক্ত স্থানটো পুনৰ অপমানিত কৰে কিশোৰীৰ অভিভাৱককে। এইক্ষেত্ৰত বুধিন ফুকন নামৰ চিলি সূৰ্যোদয় হাইস্কুলৰ সহকাৰী শিক্ষকজনৰ বিৰুদ্ধে অভিভাৱকক ভয় ভাবুকি দিয়াৰ লগতে জনজাতি ভূমিপুত্ৰ বড়ো জনগোষ্ঠীক তীব্ৰ তাচিল্য কৰি মন্তব্য কৰা বুলি আঙুলি উঠিছে শিক্ষককগৰাকীৰ বিৰুদ্ধে। ঘটনাটোত অপমানিত আৰু আতংকিত অভিভাৱকে চিলাপথাৰৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে IPC 341/354(A)/352/34 আৰু POSCO আইন অনুসৰি গোচৰ পঞ্জীয়ন কৰি তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰীহক সুৰক্ষা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই।

প্ৰেৰক কৰবী দলে

You might also like