নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটগ্ৰহণৰ বাবে জোনাইৰ গন্তব্য স্থানলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়া

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কাইলৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’বলগা লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জোনাই (জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিটো আজি গন্তব্য স্থানলৈ ৰাওনা হয় ভোট বিষয়া পুলিং-প্ৰিজাইডিসকলে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জোনাই বিধানসভা সমষ্টিতো আজি পুৱাৰে পৰা মহকুমাধিপতি কাৰ্য়্যলয়ৰ পৰা  ইভিএমৰ লগতে যাৱতীয় নথিপত্ৰ আদি লৈ প্ৰিজাইডিং, পলিং বিষয়াৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনী দলে কেন্দ্ৰসমূহলৈ ৰাওনা হৈছেl জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৩৩টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ২১৫০৬৬গৰাকী ভোটাৰে কাইলৈ ভোটদান কৰিবl ইয়াৰে পুৰুষ ভোটাৰ ১,০৭,১৭৩ আৰু মহিলা ভোটাৰ ১,০৭,৮৯৩। এইবাৰ প্ৰথমবাৰলৈ জোনাই সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰ বেছি হোৱা দেখা গৈছে। জোনাই বিধানসভা সমষ্টিক ২৫টা ছেক্টৰ আৰু ৭টা জ’নত ভাগ কৰি নিৰ্বাচন পৰিচালনা কৰা হৈছে। ইয়াৰ অতিকৈ দুৰ্গম তিনি নং শিৱগুৰি এল পি স্কুল ভোট কেন্দ্ৰক এটা ছেক্টৰ, মেছাকী চাপৰিৰ ৯২নং, ৯৩নং আৰু ৯৪নং ভোট কেন্দ্ৰ তিনিটাক এটা ছেক্টৰ আৰু মৌজা চপৰিৰ একমাত্ৰ ভোট কেন্দ্ৰক এটা ছেক্টৰ হিচাপে পৰিচালনা কৰি ভোট গ্ৰহণৰ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে ১৬নং নেপালী বস্তিত এল পি স্কুল ভোট কেন্দ্ৰ আৰু ১৯নং জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰক আদৰ্শ ভোট কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে দহটা ভোট কেন্দ্ৰ কেৱল মহিলা পুলিং প্ৰিজাইডি বিষয়াৰ দ্বাৰা ভোট গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোট গ্ৰহণৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে প্ৰায় ডেৰ সহস্ৰাঝিক আৰক্ষী অৰ্ধসামৰিক বাহিনী ৰাওনা সৈতে কেন্দ্ৰসমূহলৈl মুঠ ২৩৩টা ভোট কেন্দ্ৰ বিশিষ্ট জোনাই সমষ্টিত ৩০ শতাংশ ভোটিং মেচিন আৰু ২০ শতাংশ পুলিং-প্ৰিজাইডিং বিষয়াসকলে সংৰক্ষিত ৰখা হৈছে। নিৰ্বাচনৰ বিভিন্ন কোষ পৰিচালনাৰ লগতে পুলিং-প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষী সকলক গন্তব্য স্থান ভোট কেন্দ্ৰলৈ নিবলৈ ৩০২টা সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰদান বৰুৱা, কংগ্ৰেছৰ পৰা উদয় শংকৰ হাজৰিকা, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ পৰা ঘনকান্ত চুতীয়া, কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়াৰ পৰা ধীৰেণ কছাৰী, চছিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ পৰা পল্লব পেগু, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ পৰা বীৰেন বাইলুং, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে গোবিন বিশ্বকৰ্মা, দেৱনাথ পাইত আৰু বিক্ৰম ৰামচিয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

প্ৰেৰক কৰবী দলে

You might also like