নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈদ্যুতিক কাৰিকৰী চমকেৰে ৰাৱণ দাহন : টিহু বাৰোৱাৰী দুৰ্গা পূজাৰ মুখপত্ৰ “কাত্যায়নী” উন্মোচন

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ১১৯ সংখ্যক টিহু বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱ  উদযাপন সমিতিৰ  উদ্যোগত  আজি টিহু হাইস্কুল খেলপথাৰত উলহ মালহেৰে পালন কৰা হয়  ৰাৱণ দাহন উৎসৱ। আজি বিয়লি হেঙুলী আকাশত এন্ধাৰ নামি অহাৰ লগে লগে আকাশত বিচ্ছুৰিত হয় এটাৰ পাছত  এটাকৈ ভিন ভিন  ৰং বিৰঙৰ আতচবাজী। প্ৰায় দুই ঘন্টা ধৰি আকাশত বিভিন্ন ৰঙৰ সমাহাৰে সৃষ্টি কৰে এক মায়াময় পৰিবেশ। ছাঁ-পোহৰ, সুমধুৰ বেণ্ডৰ মুৰ্চনা আৰু “ডি জে”ৰ সংগীতে সৃষ্টি কৰা এক নান্দনিক পৰিবেশৰ সাক্ষী হৈ ৰয় বিভিন্ন প্ৰান্তৰ অৰ্ধলক্ষাধিক ভক্ত দৰ্শনাৰ্থী। ইয়াৰ পাছতে ফটকা, আতচবাজী, বোমা আদিৰে নিৰ্মাণ কৰা একশ ফুট  উচ্চতাৰ ৰাজকীয় ভংগিমাৰে থিয় হৈ থকা  ৰাৱণৰ বিশাল প্ৰতিমূৰ্তি উৎসুক দৰ্শকৰ হৰ্ষধ্বনিৰ মাজত অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ সহায়ত দাহন কৰা হয়। ইয়াৰ পূৰ্বে বিয়লি টিহু হাটখলাস্থিত দুৰ্গা মন্দিৰৰ পৰা উলিওৱা এক বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে টিহু নদীৰ শ্বহীদ স্মৃতি উদ্যান ঘাটত দেৱীক বিসৰ্জন দিয়া হয়।  ৰাৱণ দাহন অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাৱণ দাহন অনুষ্ঠানত টিহু নগৰত বিৰ দি বাট নোপোৱাৰ অৱস্থাৰ সৃষ্টি হয়। আৰক্ষী প্ৰশাসনে চৌদিশৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। ইপিনে, কালি নিশা টিহু বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি পৱন হালৈৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিমান কলিতা আৰু কিশোৰ কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত টিহু বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজা সমিতিৰ মুখপত্ৰ “কাত্যায়নী” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড° গোবিন্দপ্ৰসাদ শৰ্মাই। টিহু দুৰ্গাপূজা সমিতিৰ সম্পাদকদ্বয় পাৰ্থপ্ৰতীম তালুকদাৰ আৰু কিশোৰ কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ আগবঢ়োৱা সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, বিশিষ্ট চিকিৎসক ডাঃ মাধৱ ৰাজবংশী আদি বিশিষ্ট ব্যক্তিসকলে ভাষণ আগবঢ়ায়। সভাত বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ, প্ৰশাসনিক বিষয়া ভৱানীপ্ৰসাদ শৰ্মা, নৱজ্যোতি পাঠক, আৰক্ষী বিষয়া প্ৰকাশ মেধি, চিকিৎসক ডাঃ হেমকান্ত শৰ্মাকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত  টিহু দুৰ্গা পূজাৰ থীম চং মুকলি কৰা হয়।

প্ৰেৰক গুণজিত কলিতা

You might also like