নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচকৰ দৃষ্টি কাঢ়ি এছিয়া কাপৰ ঘোষিত ভাৰতীয় দলত স্থান লাভ তিলক বাৰ্মাৰ

বিশেষ বাৰ্তা, ২১ আগষ্টঃ কম সময়ৰ ভিতৰতে ভাৰতীয়য় দলত স্থান লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে তিলক বাৰ্মাই। কমসংখ্যক খেলেৰে নিৰ্বাচক মণ্ডলীৰ আস্থাভাজন হৈ পৰা তিলকে ভাৰতীয় জাতীয় দলত এছিয়াৰ কাপৰ বাবে আজি ঘোষিত দলত স্থান লাভ কৰি নিজ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে। এছিয়া কাপৰ বাবে টীম ইণ্ডিয়াত স্থান লাভ কৰিছে যুৱ বেটছমেন তিলক বাৰ্মাই। ৱেষ্ট ইণ্ডিজ ভ্ৰমণত অভিষেক ঘটাইছে তিলক বাৰ্মাই। একে সময়তে এতিয়া এছিয়া কাপ দলত স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৱেষ্ট ইণ্ডিজ ভ্ৰমণত তিলক বাৰ্মাই দৰ্শনীয় বেটিং কৰে। অৱশ্যে ইয়াৰ পূৰ্বে তিলক বাৰ্মাই আই পি এলত নিজৰ বেটিং বিক্ৰম দেখুৱাইছে। আই পি এলত ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰে তিলক বাৰ্মাই। ২০২২ চনৰ আই পি এল নিলামত মুম্বাই ইণ্ডিয়ানছে তিলক বাৰ্মাক ক্ৰয় কৰিছিল। টীম ইণ্ডিয়াৰ হৈ ৭খন টি-২০ মেচ খেলিছে তিলক বাৰ্মাই। আনহাতে তিলক বাৰ্মাই আই পি এলৰ ২৫খন খেলত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰিছে। ভাৰতৰ হৈ তিলক বাৰ্মাই ৭খন টি-২০ মেচত গড়ে ৩৪.৮ আৰু ১৩৮.১ ষ্ট্ৰাইক ৰেটত ১৭৪ ৰান সংগ্ৰহ কৰিছে। তিলক বাৰ্মাই আই পি এলৰ ২৫খন খেলত গড়ে ৩৮.৯ আৰু ষ্ট্ৰাইক ৰেট ১৪৪.৫ৰে ৭৪০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰি তিলক বাৰ্মাই প্ৰথম শ্ৰেণী আৰু লিষ্ট-এ মেচতো ভাল প্ৰদৰ্শন আগবঢ়াইছে। ঘৰুৱা ক্ৰিকেটত হায়দৰাবাদৰ হৈ খেলে তিলক বাৰ্মাই। তিলক বাৰ্মাই প্ৰথম শ্ৰেণীৰ ৯খন খেলত গড়ে ৩৭.৪ আৰু ৫৫ ষ্ট্ৰাইক ৰেটত ৫২৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰি তিলক বাৰ্মাই লিষ্ট-এৰ ২৫খন খেল খেলিছে। এই ২৫খন মেচত তিলক বাৰ্মাই গড়ে ৫৬.২ আৰু ষ্ট্ৰাইক ৰেট ১০১.৬ৰে ১২৩৬ ৰান সংগ্ৰহ কৰিছে। আই পি এলৰ বাহিৰেও তিলক বাৰ্মাই ঘৰুৱা টি-২০ৰ ৫৪খন মেচত গড়ে ৩৭ আৰু ষ্ট্ৰাইক ৰেটত ১৫৯২ ৰান সংগ্ৰহ কৰিছে। উৎকৃষ্ট বেটিঙৰ উপৰি তিলক বাৰ্মাই প্ৰয়োজনত অফ স্পীন বল কৰিব পাৰে।  আই পি এল ২০২৩ ছিজনত আচৰিত ধৰণৰ প্ৰদৰ্শন দেখুৱাইছিল তিলকে।

You might also like