নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি হেঁপাহৰ উৰুকা, বজাৰত উভৈনদী ভোগালীৰ সামগ্রী

ডিজিটেল ডেস্ক, ১৩ জানুৱাৰী : অসমৰ চৌদিশে এতিয়া ভোগালী বিহুৰ উছাহ৷ অসমৰ গাঁৱে–ভূঞে, নগৰে–চহৰে এতিয়া ভোগালী বিহুৰ আলোড়ন৷ অসমৰ প্রতিখন গাঁৱৰ ঢেঁকীশালত এতিয়া চিৰা–পিঠা, সান্দহ খুন্দাৰ সেই পুৰাতন শব্দৰ কোলাহল৷ ঢেঁকীৰ ৰজনজনাই যোৱা মাতত, গাঁৱৰ জীয়ৰী–বোৱাৰীৰ হাঁহি–খিকিন্দালিৰ শব্দত সমগ্র অসমজুৰি এতিয়া ভোগালী বিহুৰ আয়োজন৷

ভোগৰ সম্ভাৰ লৈ অসমীয়াৰ পদূলিত ভোগালী বিহু৷ অসমীয়াৰ প্রাণৰো প্রাণৰ হেঁপাহৰ ভোগালী বিহুৰ আজি উৰুকা৷ ভোগ–ৰসৰ সম্ভাৰ লৈ হেঁপাহৰ ভোগালী বিহু আজি প্রতিজন অসমীয়াৰ দুৱাৰডলিত৷ উৰুকা মানেই ভোগ, উৰুকা মানেই আনন্দ, উৰুকা মানেই যেন অসমীয়াৰ আৱেগ৷ উৰুকা মানেই প্রতিজন অসমীয়াই লগেভাগে এসাঁজ খোৱাৰ আনন্দৰ উৎসৱ৷ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া প্রতিজন অসমীয়াৰ এই উৎসৱক লৈ সীমাহীন ব্যস্ততা৷ পথাৰৰ ধান–মাহ ভঁৰাললৈ সামৰি–সুতৰি প্রতিজন অসমীয়াই আজি ভোগালীৰ ভোগ উপভোগৰ বাবে সাজু৷

ভোগালী বিহু অর্থাৎ মাঘ বিহুৰ উৰুকাৰ নিশা প্রতিজন অসমীয়াই লগেভাগে চোতালত এসাঁজ খাবৰ বাবে সাজু হৈছে৷ গ্রামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ–ভাতৰ বাবেও চলিছে প্রস্তুতি৷ কেৱল ভোগৰ প্রস্তুতিয়েই নহয়, মাঘৰ বিহুৰ মেজিৰ জুইক সাক্ষী কৰি প্রতিজন অসমীয়াই নিজ নিজ পৰিয়ালৰ লগতে সমগ্র জাতিটো যাতে আগন্তুক দিনত প্রত্যাহ্বানৰ মাজতো বর্তি থাকে, তাৰ বাবে নেদেখাজনৰ পৰা বিচাৰিব আশীর্বাদ৷

আজি উৰুকা পালন কৰাৰ পিছত কাইলৈ মাঘ বিহু৷ এই মাঘ বিহুৰ দিনাই পুৱা মেজিৰ জুইৰ উত্তাপেৰে উজ্জীৱিত হয় অসমৰ জাতীয় জীৱন৷ এই মেজিৰ জুইৰ তপ্ত শিখাই পুহমহীয়া ম’হৰ শিং কঁপোৱা জাৰ খেদাই পোহৰাই তুলিব জাতীয় জীৱনৰ পথ৷ বিগত সময়ত নানা প্রতিকূলতাৰ মাজেৰে পাৰ কৰি অহা অসমীয়া জাতিটোৱে বৰাক–লুইতৰ দুয়োপাৰে ভোগালীক আদৰাৰ প্রস্তুতি চলাইছে৷ পথাৰে পথাৰে গাঁৱৰ ডেকা–গাভৰু, যুৱক–যুৱতী, শিশু, বুঢ়া–মেথাই লগ লাগি সাজিছে আটকধুনীয়া ভেলাঘৰ, সাজিছে মেজি৷ অসমৰ জাতীয় জীৱনক বর্ণিল মেধাৰে আলোকিত কৰি চিৰদিনৰ কাৰণে নিঃকিন কৰি যোৱা গায়ক–শিল্পী জুবিন গার্গৰ অবর্তমানত প্রথমবাৰৰ বাবে বিহু পাতিবলৈ লৈছে অসমীয়াই৷ অৱশ্যে শিল্পীগৰাকীৰ প্রতি মৰম–সন্মান জনাই তেওঁৰ উপস্থিতিৰ নান্দনিক অনুভৱেৰে গাঁৱে–চহৰে যুৱক–যুৱতী, শিশু–কিশোৰে সাজি উলিয়াইছে শিল্পীজনৰ প্রতিমূর্তি মুখাৱয়ব৷ প্রকৃতার্থত এয়া ভেলাঘৰ বুলি ক’ব পৰা নাযায়৷ শিল্পীজনৰ কায়িক অনুভৱক সাক্ষী কৰিয়েই অসমবাসীয়ে বিষণ্ণতাৰ মাজতো পাতিবলৈ লৈছে বিহু৷

অৱশ্যে অসমৰ বহু গ্রামাঞ্চলত ধান–মাহ শাক–পাচলিৰ পৰা আৰম্ভ কৰি মাছ–মাংস, দৈলৈকে অপর্যাপ্ত সম্ভাৰ উভৈনদী যদিও বহু অঞ্চলত বিহুৰ দ্রব্য সামগ্রীৰ দাম বৃদ্ধিয়ে আহুকালতো পেলাইছে সর্বসাধাৰণক৷ বিশেষকৈ গুৱাহাটীৰ দৰে চহৰ–মহানগৰসমূহত বিহুৰ উপচাৰসমূহৰ দাম আকাশলংঘী হোৱা দেখা গৈছে৷ নগৰাঞ্চলত মাছ–মাংসৰ লগতে চিৰা–পিঠা–সান্দৰ মূল্যই সীমা চেৰাই গৈছে৷ গুৱাহাটী মহানগৰীৰ খানাপাৰা, গণেশগুৰি, উলুবাৰী, আমবাৰী, ছয়মাইল আদিকে ধৰি বিভিন্ন অঞ্চলত আয়োজন কৰা ভোগালী মেলা তথা বজাৰসমূহত ভোগৰ সামগ্রীসমূহৰ দাম আকাশলংঘী হোৱা দেখা গৈছে৷

You might also like