নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাংস্কৃতিক মহাসংগ্রাম

অজস্র প্রতিভাৰে ভৰি আছে ৰাজ্যৰ বিভিন্ন প্রান্ত৷ ক্রীড়া, সংস্কৃতি, শিক্ষা, প্রযুক্তি সকলো ক্ষেত্রতে পোৱা যায় প্রতিভাৰে প্রোজ্বল নৱপ্রজন্ম৷ যিফালে চকু দিয়া যায় সিফালেই উজলি আছে প্রতিভাৰ আকৰ৷ কিন্তু এই প্রতিভাসমূহ বিচাৰি উলিয়াব পৰা তেনে কোনো মাধ্যম নাই৷ চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ ওপৰত ৰাজ্যৰ চৌদিশে সিঁচৰতি হৈ থকা প্রতিভাসমূহ আৱিষ্কাৰ কৰি এখন উপযুক্ত মঞ্চ প্রদানৰ দায়িত্ব অর্পণ কৰা হৈছে যদিও এই বিভাগসমূহ যেন সম্পূর্ণৰূপে সফল হ’ব পৰা নাই৷ ইয়াৰ ফলত বহু প্রতিভা কলিতে মৰহি গৈছে অথবা উপযুক্ত মঞ্চ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে৷ দীর্ঘদিন ধৰি অব্যাহত থকা এই অৱস্থাৰ অৱসান ঘটাবলৈ আগবাঢ়ি আহিছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অসমৰ প্রতিটো প্রান্তৰ সংগীতৰ প্রতিভাসমূহ বিচাৰি উলিয়াই তেওঁলোকক আগুৱাই নিবলৈ আৰম্ভ কৰিছে ‘অসম সাংস্কৃতিক মহাসংগ্রাম’ৰ দ্বাৰা ৷ ৰাজ্যৰ তৃণমূল পর্যায়ৰ পৰা সাংস্কৃতিক প্রতিভাসমূহ উলিয়াই অনাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে ২০২৩–২৪ বিত্তীয় বর্ষৰ অধীনত আৰম্ভ কৰিছে এই প্রতিযোগিতাখনৰ৷ ইতিমধ্যে যোৱা ১০ নৱেম্বৰৰ পৰা ১০ লক্ষাধিক ছাত্র–ছাত্রী নামি পৰিছে এই সাংস্কৃতিক মহাসংগ্রামত৷ প্রতিযোগিতাখনত অন্তর্ভুক্ত কৰা হৈছে ছটা বিভাগ৷ সেইবোৰ হৈছে– জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত, ৰবীন্দ্র সংগীত, বিহুনৃত্য (দলীয়) আৰু জাতীয় নৃত্য (দলীয়)৷ প্রতিযোগিতাৰ পৰা যাতে তৃণমূল পর্যায়ৰ কোনো প্রতিভা বাদ নপৰে, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ প্রতিখন গাঁও পঞ্চায়ত আৰু পৌৰ নিগমৰ পৰা আৰম্ভ কৰা হৈছে সাংস্কৃতিক যুঁজ৷ কালি প্রথম পর্যায়ৰ প্রতিযোগিতাৰ অন্ত পৰিছে৷ গাঁও পঞ্চায়ত তথা পৌৰ নিগমৰ পৰা শ্রেষ্ঠত্ব প্রতিপন্ন কৰি প্রতিযোগীসকলে সমষ্টিভিত্তিক প্রতিযোগিতাত অৱতীর্ণ হ’ব৷ প্রতিটো সমষ্টিত প্রত্যেক বিভাগত শ্রেষ্ঠত্ব অর্জন কৰা প্রতিযোগীসকলে জিলাভিত্তিক প্রতিযোগিতাত অংশগ্রহণ কৰিব৷ জিলাৰ শ্রেষ্ঠসকলে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া মূল প্রতিদ্বন্দ্বিতাত নিজৰ প্রতিভা দাঙি ধৰাৰ সুযোগ লাভ কৰিব৷ অহা বছৰৰ ফেব্রুৱাৰীত আয়োজন কৰা হ’ব চূড়ান্ত প্রতিযোগিতা৷ প্রতিযোগিতাখন পৰিচালনা কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ সকলো ঠাইৰ পৰা প্রায় তিনি হাজাৰ বিচাৰক নির্বাচন কৰা হৈছে৷ বিশেষজ্ঞ লোকৰ দ্বাৰা নির্বাচিত এইসকল বিচাৰকে সম্প্রতি প্রতিযোগিতা পৰিচালনা কৰি আছে৷ প্রতিযোগিতাখন সফল কৰি তোলাৰ বাবে অসম সাংস্কৃতিক সঞ্চালকালয়, বিভিন্ন জিলাৰ উপায়ুক্ত কার্যালয়, জ্যোতি ভাৰতী, গাঁও পঞ্চায়ত, পৌৰ নিগম আদিৰ কর্মচাৰীসকলে ৰাতি–দিন একাকাৰ কৰি নিজৰ দায়িত্ব অব্যাহত ৰাখিছে৷ এই প্রতিযোগিতাখন সফলভাৱে সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্রান্তৰ সাংস্কৃতিক প্রতিভাসমূহে এখন উপযুক্ত মঞ্চ পাব আৰু মুখ্যমন্ত্রীগৰাকীৰ এনে অভিনৱ চিন্তা–চেতনাই সার্থক ৰূপ লাভ কৰিব৷
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই কৈছিল, ‘এই পৃথিৱী এক ক্রীড়াংগন, ক্রীড়া হ’ল শান্তিৰ প্রাংগণ’৷ এই নীতিকে সাৰোগত কৰি শাসনাধিষ্ঠিত চৰকাৰখনে ক্রীড়াত বিশেষভাৱে গুৰুত্ব দি আহিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শমাই দেশৰ ক্রীড়াক্ষেত্রৰ অন্যতম কেন্দ্রৰূপে অসমক প্রতিষ্ঠা কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ ফলশ্রুতিতে সাংস্কৃতিক মহাসংগ্রামৰ সমান্তৰালভাৱে ৰাজ্যজুৰি খেল মহাৰণৰ কার্যসূচী হাতত লৈছে৷ এইবাৰ নতুন দিল্লীত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই খেল মহাৰণ কার্যসূচীৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ তৃণমূল পর্যায়ত ক্রীড়া প্রতিভা চিনাক্তকৰণ আৰু প্রতিপালনৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে এই ক্রীড়া মহাৰণৰ৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্রান্তত কেইবালক্ষ খেলুৱৈয়ে নিজৰ প্রতিভা প্রদর্শনৰ লক্ষ্যৰে প্রতিদ্বন্দ্বিতাত নামি পৰিছে৷ এই মহাৰণত অন্তর্ভুক্ত কৰা হৈছে এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, ভলীবল, কাবাদী আৰু খো–খো৷ অৱশ্যে যিবোৰ স্থানত খো খো খেল নাই, সেই স্থানসমূহত বিকল্প খেল অন্তর্ভুক্ত কৰাৰ অনুমতি দিয়া হৈছে৷ লগতে বয়স অনুযায়ী প্রতিযোাগিতাৰ বাবে নির্ধাৰণ কৰা হৈছে ৪টাকৈ শাখা৷ ১৯ বছৰ অনূর্ধ্বৰ পুৰুষ আৰু মহিলা তথা ১৯ বছৰ ঊর্ধ্বৰ পুৰুষ আৰু মহিলাৰ বাবে মুকলি ৰখা হৈছে এই শাখা৷ সাংস্কৃতিক মহাসংগ্রামৰ দৰে খেল মহাৰণতো গাঁও পঞ্চায়ত, স্থানীয় নগৰ সংস্থা অথবা ৱার্ড পর্যায়ৰ পৰা আৰম্ভ হৈছে প্রতিদ্বন্দ্বিতা৷ সাংস্কৃতিক মহাসংগ্রামত প্রতিটো বিভাগত ১২ৰ পৰা ১৮ বছৰ, ১৯ৰ পৰা ২৫ বছৰ আৰু ২৬ৰ পৰা ৩৫ বছৰ বয়সৰ প্রার্থীয়ে অশগ্রহণ কৰিছে৷ আনহাতে বিটিআৰ আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ গাঁও পৰিষদ উন্নয়ন সমিতি/এম এ চি পর্যায়, বিধানসভা সমষ্টিসমূহত আৰু ৰাজ্যিক পর্যায়ত অনুষ্ঠিত হৈছে প্রতিযোগিতা৷ গাঁও পঞ্চায়ত পর্যায়ত শ্রেষ্ঠত্ব অর্জন কৰা খেলুৱৈসকলে সমষ্টি পর্যায়ত আৰু বিধানসভা সমষ্টি পর্যায়ৰ শ্রেষ্ঠ খেলুৱৈসকলে ৰাজ্যিক প্রতিদ্বন্দ্বিতাত অংশগ্রহণৰ সুযোগ লাভ কৰিব৷ জানুৱাৰীৰ মাজভাগত সামৰণি পৰিব খেল মহাৰণৰ৷ চলিত মাহৰ আৰম্ভণিৰ পৰা আৰম্ভ হোৱা খেল মহাৰণে ঠায়ে ঠায়ে দ্বিতীয় পর্যায়ত উপনীত হৈছে৷ খেল মহাৰণৰ চূড়ান্ত পর্যায়ৰ প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব গুৱাহাটী, ডিব্রুগড়, শিলচৰ, কোকৰাঝাৰ আৰু ডিফুত৷ এই ঠাইসমূহত কোনো এটা নির্দিষ্ট খেলৰ চূড়ান্ত প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা৷ একেদৰে সাংস্কৃতিক মহাসংগ্রামৰ চূড়ান্ত প্রতিযোগিতা অনুষ্ঠিত হ’ব গুৱাহাটীৰ কলাক্ষেত্রত৷ এই দুখন বৃহৎ প্রতিযোগিতা সফলভাৱে অনুষ্ঠিত কৰিব পাৰিলে সেয়া অসম তথা ভাৰতৰ ক্রীড়া আৰু সাংস্কৃতিক জগতৰ ইতিহাসত এক অনন্য অভিলেখ হ’ব৷ কাৰণ ইয়াৰ পূর্বে কেতিয়াও কোনো ৰাজ্যিক প্রতিযোগিতাত ১০ লাখ প্রতিযোগীয়ে অংশগ্রহণ কৰাৰ নজিৰ নাই৷ এয়া হ’ব চলিত চৰকাৰখনৰ আন এক মাইলৰ খুঁটি৷

You might also like