নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমনৱেলথ গেমছঃ আজি যুঁজত নামিব লাভলীনাঃ শিৱ থাপাৰ হাতত ধৰাশায়ী পাকিস্তানৰ চুলেমান

বিশেষ বাৰ্তা, ৩০ জুলাইঃ কমনৱেলথ গেমছত আজি যুঁজত নামিব অসমকন্যা লাভলীনা বৰগোহাঁই। অসমবাসীৰ আশা-প্ৰত্যাশাৰে ৰিঙত নামিব খেলুৱৈগৰাকী। মহিলাৰ বক্সিঙত আজি যুঁজত নামিব অলিম্পিকৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ লাভলীনাই প্রথম ৰাউণ্ডত নিউজিলেণ্ডৰ অখ্যাত খেলুৱৈ এৰিয়েন নিকলছনৰ বিপক্ষে অৱতীর্ণ হ’ব৷ ৬৬–৭০ কিলোগ্রাম শাখাত লাভলীনাৰ প্রথম প্রতিপক্ষ তুলনামূলকভাৱে সহজ হ’লেও কোৱার্টাৰ ফাইনেলত ৱেলছৰ ৰছী ইকলেছৰ বিৰুদ্ধে কঠিন প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে কালি অনুষ্ঠিত খেলত অভিজ্ঞ ভাৰতীয় বক্সাৰ অসম সন্তান শিৱ থাপাই সুন্দৰ আৰম্ভণি ঘটাবলৈ সক্ষম হৈছে৷ পুৰুষৰ ৬৩.৫ কেজি শাখাত শিৱই পাকিস্তানৰ চুলেমান বেলছৰ বিপক্ষে সহজ বিজয় সাব্যস্ত কৰে৷ ২৮ বছৰীয়া শিৱই বেলছৰ বিপক্ষে ৫–০ ব্যৱধানত জয়লাভ কৰি লাইট ৱেল্টাৰৱেইট শাখাৰ প্রি–কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হয়৷ পাঁচবাৰৰ এছিয়ান চেম্পিয়নশ্বিপৰ পদক বিজয়ী অসমৰ বক্সাৰগৰাকীয়ে আক্রমণাত্মক প্রদর্শনেৰে বেলছক ধৰাশায়ী কৰে৷ বিশ্ব চেম্পিয়নশ্বিপৰ প্রাক্তন ব্রঞ্জৰ পদক বিজয়ী শিৱই ৰিঙত উজ্জীৱিত প্রদর্শনেৰে শিৱই পাকিস্তানী বক্সাৰগৰাকীক এটাও পইণ্ট সংগ্রহ কৰিবলৈ সুযোগ নিদিলে৷ অৱশ্যে অসমৰ আন এগৰাকী খেলুৱৈ টানিয়া চৌধুৰীয়ে বিফলতা প্রদর্শন কৰে৷ লন বলৰ ছিংগলছত টানিয়াক স্কটলেণ্ডৰ ডি হগানে ১০–২১ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে৷

You might also like