নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈ হিন্দু হয়নে নহয় সন্দেহ আছে : মন্ত্ৰী পীয়ূষ হাজৰীকা

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ “অখিল গগৈ হিন্দু হয়নে নহয় সন্দেহ আছে।ম আজিলৈকে আপুনি অখিল গগৈক মন্দিৰলৈ যোৱা দেখিছেনে? মজজিদলৈ যোৱাত আমাৰ আপত্তি নাই। কিন্তু সমান্তৰালকৈ অখিল গগৈ মন্দিৰলৈও যাওক।”- অখিল গগৈয়ে নামাজ আদায় কৰা সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। আজি মৰিয়নি বিধানসভা সমষ্টিৰ কলীয়াপানীত আয়োজিত বিজেপিৰ এক যোগদান কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এইদৰে কটাক্ষ কৰে অখিল গগৈক। মন্ত্ৰীগৰাকীয়ে এইবুলিও কয়- বিজেপি হৈছে দেশৰ সৰ্ববৃহৎ শৃংখলিত ৰাজনৈতিক দল। বিজেপিত লেং মৰা ৰাজনীতি নাই। সেয়া আছে অখিল গগৈৰ দলতহে। অখিল গগৈয়ে কাকো ওপৰলৈ যাবলৈ নিদি একপ্ৰকাৰ স্বৈৰাচাৰী চলাই আছে নিজৰ মাজতে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ এই প্ৰাকক্ষণত বিৰোধী কংগ্ৰেছত আন এক মোক্ষম আঘাত ঘটিল মৰিয়নি সমষ্টিত। মংগলবাৰে কলীয়াপানীত আয়োজিত এক যোগদান সভাত বিজেপি দলত প্ৰায় তিনি শতাধিক কৰ্মী সমৰ্থকক লৈ উদ্যোগপতি প্ৰতাপ শইকীয়াই দেশৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে।ইয়াৰে অধিকাংশ লোকেই কংগ্ৰেছ সমৰ্থক আছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে সমাজহিতৈষী ব্যক্তি প্ৰতাপ শইকীয়াই নিজ উপাৰ্জনৰ এটি অংশৰ পৰা কলিয়াপানীত তেওঁৰ পৰিবাৰৰ সোঁৱৰণত দৰিদ্ৰ মেধা ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বাবে জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় নামেৰে এখন সম্পূৰ্ণ বিনামূলীয়া শিক্ষা ব্যৱস্থাৰে এখন অত্যাধুনিক সা সুবিধাসম্পন্ন বিদ্যালয়, গুৰু উপাসনাৰ বাবে এটি নামঘৰ, এখন বৃদ্ধাশ্ৰম, এখন শ্মশান নিৰ্মাণ কৰি সমাজৰ বাবে মুকলি কৰি দিছে। লগতে চাহ উদ্যোগকে ধৰি নিজৰ বিভিন্ন ব্যৱসায়ৰ যোগেদি কেইবাশত পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে। আজি এনে এজন ব্যক্তিক বিজেপি দলে পাই অতিকৈ আনন্দিত হৈছে বুলি সদৰি কৰি আগলৈ এইগৰাকী অসমীয়া আদৰ্শবান ব্যক্তিক কিঞ্চিত সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াবলৈ আশা প্ৰকাশ কৰিছে মন্ত্ৰী হাজৰীকাই। ইপিনে উক্ত সভাত সাংসদ পল্লৱ লোচন দাস, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি প্ৰতাপ শইকীয়াক দললৈ আদৰণি জনাই অনাগত দিনত ৰাইজৰ হকে একলগ হৈ কাম কৰি যোৱাৰ আশা প্ৰকাশ কৰে। লগতে এই যোগদানে বিজেপিৰ হাত অধিক শক্তিশালী কৰিছে বুলি সদৰি কৰি ৰাইজক উন্নয়ন ধাৰা অব্যাহত ৰাখিবলৈ বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই উপস্থিত সকলোকে।

প্ৰেৰক দিগন্ত হাজৰিকা

You might also like