নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ এপ্রিল, ব’হাগ মাহৰ ৭ তাৰিখ
শনিবাৰ ঃ তিথি– শুক্লা দ্বাদশী, নক্ষত্র ঃ পূর্বফাল্গুনী, যাত্রা ঃ শুভ

মেষঃ টকা–পইচাৰ অভাৱৰ পৰা সামান্য সকাহ পাব৷ সন্দেহে পাৰিবাৰিক অশান্তি বৃদ্ধি কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷

বৃষঃ কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে৷ সহকর্মীৰ দ্বাৰা উপকৃত হোৱাৰ আশা আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

মিথুনঃ আপুনি আজি অলপ সাৱধানে চলা–ফুৰা কৰিব৷ হাতত আঘাত পাব পাৰে৷ ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব৷ সন্তানৰ শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷

কর্কটঃ মূৰত আঘাত পাব পাৰে৷ হাতলৈ টকা–পইচা আহিব, কিন্তু খৰচ বাঢ়িব৷ আনক সহায় কৰি সন্মান পাব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷

সিংহঃ যান–বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ’ব৷ ক্ষতিৰ আশংকা দেখা যায়৷ কর্মসংস্থাপন হ’ব পাৰে৷ বন্ধু বিচ্ছেদ হোৱাৰ ভয়৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷

কন্যাঃ চাকৰিৰ ক্ষেত্রত বেমেজালি দেখা যায়৷ দুর্ঘটনা হৈ আঘাত পোৱাৰ আশংকা আছে৷ কর্মত আনৰ সহায়ে ক্ষতি কৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

তুলাঃ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ সন্তানৰ ভুল কামে সন্মান লাঘৱ কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷

বৃশ্চিকঃ আজি টকা ধাৰলৈ নিদিব বা নল’ব৷ পৰিয়ালৰ সদস্যৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷

ধনুঃ আকস্মিক দুর্ঘটনাত পতিত হোৱাৰ ভয়৷ আত্মীয়ৰ সমস্যাৰ কথা শুনি দুখ পাব পাৰে৷ পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷

মকৰঃ শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব৷ প্রাকৃতিক দুর্যোগত ক্ষতিৰ আশংকা আছে৷ কর্মস্থানৰ পৰিৱর্তনৰ বাবে সমস্যাত পৰিব পাৰে৷ অবাবত অর্থ ব্যয় বৃদ্ধি পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

কুম্ভঃ কোনো বিশেষ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে৷ আপুনি কৰা ভাল কামৰ বাবে সন্মান পাব পাৰে৷ সন্তানৰ পৰা আর্থিক ক্ষতি হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

মীনঃ দূৰ ভ্রমণ কৰিব লগা হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ খং দমাই ৰাখক নহ’লে বিপদত পৰিব৷ সন্তানৰ শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

You might also like