নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চর্চাত হায়দৰাবাদ সমষ্টি

এতিয়া দেশজুৰি অনুষ্ঠিত হ’বলগীয়া লোকসভাৰ নির্বাচনে সমগ্র ভাৰতবাসীক আচ্ছন্ন কৰি ৰাখিছে৷ এইবাৰ নির্বাচন সাতটা পর্যায়ত অনুষ্ঠিত হ’ব৷ আজি আৰম্ভ হৈছে প্রথম পর্যায়ৰ ভোটদান৷ আজি ২১খন ৰাজ্যৰ ১০২টা লোকসভা সমষ্টিত ভোটদান অনুষ্ঠিত হ’ব৷ আনহাতে ২৬ এপ্রিলত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ৷ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব ১৩খন ৰাজ্যৰ ৮৯টা সংসদীয় সমষ্টিত৷ ৭ মে’ত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনত ১২খন ৰাজ্যৰ ভোটাৰে ৯৪টা সমষ্টিত ভোটদান সাব্যস্ত কৰিব৷ ১৩ মে’ত অনুষ্ঠিত হ’ব চতুর্থ পর্যায়ৰ ভোটদান৷ সেইদিনা ১০খন ৰাজ্যৰ ভোটাৰে ৯৬টা সংসদীয় সমষ্টিত ভোটদান কৰিব৷ একেদৰে ২০ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চম পর্যায়ৰ ভোটগ্রহণত ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ষষ্ঠ পর্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব ২৫ মে’ত৷ সেইদিনা ৭খন ৰাজ্যৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ’ব৷ সপ্তম তথা অন্তিম পর্যায়ৰ ভোট অনুষ্ঠিত হ’ব ১ জুনত৷ সেইদিনা ৮খন ৰাজ্যৰ ৫৭টা সমষ্টিত ভোটাৰ ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটদান কৰিব৷ ২ জুনৰ পৰা ৰাজ্যসমূহত পর্যায়ক্রমে ভোটগণনা অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে দেশৰ শাসক দলটোৰ ভাগ্য নির্ণয় হ’ব৷ অহা ৪ জুনত নির্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দ্বিতীয়টো কার্যকাল সম্পূর্ণ কৰিব৷ মুঠ ৫৪৩গৰাকী প্রার্থী মনোনীত কৰিবলগীয়া এই নির্বাচনৰ প্রতিটো দলে জয়লাভৰ আশাৰে প্রার্থী নিক্ষেপ কৰিছে৷ এইবাৰ নির্বাচনত প্রধানমন্ত্রী মোদীৰ লগতে গৃহমন্ত্রী অমিত শ্বাহ, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আদিৰ নিচিনা প্রার্থী অৱতীর্ণ হ’ব যদিও প্রতিখন আসন আৰু প্রতিগৰাকী প্রার্থীৰ আছে এক বিশেষ মর্যাদা৷ কিন্তু কিছুমান সমষ্টি আৰু প্রার্থীয়ে দেশৰ সকলো সচেতন ভোটাৰৰ দৃষ্টি আকর্ষণ কৰি আহিছে৷ এই প্রার্থী আৰু সমষ্টিয়ে ৰাজ্যৰ সীমাৰ পৰিধি ভাঙি দেশজুৰি চর্চা লাভ কৰে৷ তেনে এটি চর্চিত সমষ্টি হৈছে হায়দৰাবাদ৷ তেলেংগানা ৰাজ্যৰ এইখন আসনৰ বাবে ভোটগ্রহণ হ’ব ১৩ মে’ত৷ ৰাজ্যখনত মুঠ আসনৰ সংখ্যা ১৭খন৷ তেলেংগানাৰ মুখ্য সমষ্টিকেইটা হৈছে হায়দৰাবাদ, নিজামাবাদ, কৰিমনগৰ, মালকাজগিৰি আৰু চিকান্দাৰবাদ৷ ৰাজ্যখনত হায়দৰাবাদৰ আসনখনৰ বিশেষ গুৰুত্ব আছে৷ দীর্ঘদিন ধৰি এই আসনখন দখল কৰি আহিছে ‘অল ইণ্ডিয়া মজলিছ–ই–ইট্টেহাদুল্ মুছলিমিন দলৰ নেতা আছাদুদ্দিন অ’ৱেইছিয়ে৷

এইবাৰ তেওঁৰ বিপক্ষে থিয় দিছে বিজেপিৰ প্রার্থী কমপেল্লা মাধৱী লতাই৷ ২০১৯ চনৰ নির্বাচনত অ’ৱেইছিৰ হাতত পৰাজিত হৈছিল বিজেপিৰ প্রার্থী ভাগৱত ৰাও৷ অ’ৱেইছিয়ে মুঠ ৫,১৭,৪৭১টা ভোট লাভ কৰাৰ বিপৰীতে ভাগৱত ৰাওৱে লাভ কৰিছিল ২,৩৫,২৮৫টা ভোট৷ সমষ্টিটোত ২০১৪ চনৰ নির্বাচনতো অ’ৱেইছিৰ হাতত পৰাজিত হৈছিল ৰাও৷ অৱশ্যে সেইবাৰ ৰাওৱে ২০১৯ চনৰ নির্বাচনতকৈ অধিক ভোট লাভ কৰিছিল৷ ৰাওৱে ২০১৪ত ৩,১১,৪১৪টা ভোট লাভ কৰাৰ বিপৰীতে আছাদুদ্দিন অ’ৱেইছিয়ে লাভ কৰিছিল ৫,১৩,৮৬৮টা ভোট৷ ২০০৪ চনৰ পৰা আছাদুদ্দিন অ’ৱেইছিয়ে হায়দৰাবাদৰ পৰা নির্বাচনত জয়লাভ কৰি আহিছে৷ ইয়াৰ পূর্বে ১৯৯৯ চনত সমষ্টিটোৰ পৰা বিজয়ী হৈছিল চুলতান ছালাহুদ্দিন অ’ৱেইছি৷ ৫৯ শতাংশ মুছলমান ভোট থকা সমষ্টিটোত ১৯৯৬ চনত বিজেপিয়ে ভেংকায়া নাইডুক প্রার্থিত্ব প্রদান কৰিছিল৷ কিন্তু চুলতান ছালাহুদ্দিন অ’ৱেইছিৰ হাতত নাইডু পৰাজিত হৈছিল ৭৩,২৭৩টা ভোটত৷ এইবাৰ সমষ্টিটোত বিজেপি দলে সুবক্তা মাধৱী লতাক প্রক্ষেপ কৰিছে চাৰিবাৰৰ সাংসদ তথা এআইএমআইএম দলৰ প্রার্থী আছাদুদ্দিন অ’ৱেইছিৰ বিৰুদ্ধে৷ ২০২৪ৰ লোকসভা নির্বাচনৰ বাবে বিজেপিয়ে প্রার্থী তালিকা প্রকাশ কৰাৰ আগমুহূর্তলৈ ভাৰতীয় ৰাজনীতিত মাধৱী লতা বিশেষ পৰিচিত নাছিল৷ কিন্তু দুই মার্চত প্রার্থী তালিকা ঘোষণা কৰাৰ পিছত আৰু ৪৯ বছৰীয়া মাধৱী লতাৰ কিছুমান বিতর্কিত মন্তব্যই তেওঁক নিশাৰ ভিতৰতে দেশজুৰি জনপ্রিয় কৰি তোলে৷ ১৯৮৪ চনৰ পৰা আছাদুদ্দিনৰ পিতৃ ছালাহুদ্দিনে হায়দৰাবাদ দখল কৰি আহিছে৷ আছাদুদ্দিনক প্রত্যাহ্বান জনাবলৈ বিজেপিয়ে মাধৱী লতাক প্রক্ষেপ কৰিছে, উচ্চ শিক্ষাৰে শিক্ষিত প্রার্থী ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী মাধৱী লতা এগৰাকী নৃত্যশিল্পীও৷ তদুপৰি তেওঁ তিনি তালাকৰ বিৰুদ্ধে আৰম্ভ হোৱা অভিযানৰ মূল বক্তা আছিল৷ ২০১৯ চনত এই আইনখন সংসদত গৃহীত হয়৷ এই আইনক সততে সমালোচনা কৰি অহা অ’ৱেইছিৰ বিৰুদ্ধে মাধৱী লতাৰ প্রার্থিত্ব নিশ্চিতভাৱে তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

You might also like