নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ মে’, জেঠ মাহৰ ৯ তাৰিখ
বৃহস্পতিবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : বিশাখা, যাত্রা : শুভ

মেষ : নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷

বৃষ : মনলৈ উৎসাহ আহিব৷ নতুন কামত সুযোগ পাব৷ শৰীৰো ভালদৰে পাৰ হ’ব৷ ভ্রমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

মিথুন : প্রায় দিশতে মনটো মুকলি লাগিব৷ শিল্পসুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷

কর্কট : দুই–এটা বাধাৰ মাজেৰে দিনটোত অগ্রগতি কৰিব৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকক৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫৷

সিংহ : উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগ আদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ সন্তানৰ সুখ৷ বিদ্যাত অনুকূল৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

কন্যা : খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠান আদিত আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ দাম্পত্যত চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷

তুলা : আর্থিক দিশত টানত পৰিলেও কোনো সৎ বন্ধু বা তেনে উৎসৰ পৰা উপকৃত হ’ব৷ বিদ্যাত বাধা কম৷ দাম্পত্যত শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

বৃশ্চিক : হাই–কাজিয়াৰ সূত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা কাজিয়া বঢ়াই নলৈ ক্ষিপ্র অৱস্থাক নিয়ন্ত্রণ কৰক৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৩৷

ধনু : আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

মকৰ : শৰীৰ খুব ভালেৰে নাযাব৷ ব্যয়ৰ কাৰক৷ উৎকণ্ঠাৰ পৰা কিছু সকাহ পাব যদিও সম্পূর্ণ সন্দেহমুক্ত নহ’ব৷ শুভ ৰং পাতল ক’লা, শুভ সংখ্যা ৬৷

কুম্ভ : মনোবল থাকিব৷ কর্মত উৎসাহ থকাত আপোনাৰ প্রায়বোৰ কামতে খুঁত নাথাকিব৷ শৰীৰ খুব বেয়া বুলিব নোৱাৰি৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৪৷

মীন : কষ্টদায়ক হ’ব পাৰে বুলি হাতত লোৱা কাম স্থগিত নৰখাই উচিত হ’ব৷ ব্যৱসায়ত প্রাপ্ত ধনৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

You might also like