আজিৰ দিনটোৰ ৰাশিফল
আজি ৮ জুলাই, আহাৰ মাহৰ ২৩ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : শুভ
মেষ : পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ অবাবত খৰচ বাঢ়িব৷ সন্তানৰ শুভ৷ শুভ ৰং হালধীয়া, সংখ্যা ৭৷
বৃষ : হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ নিজৰ ভুলত সমস্যাত পৰিব৷ বন্ধুৰ লগত মনোমালিন্য হ’ব পাৰে৷ সহকর্মীৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ শুভ ৰং নীলা, সংখ্যা ৬৷
মিথুন : ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয়৷ খং দমন কৰি ৰাখক অন্যথা ক্ষতি হ’ব৷ সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ৯৷
কর্কট : মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷
সিংহ :: দুর্ঘটনা হৈ আঘাত পাব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সন্তানৰ শুভ৷ শুভ ৰং আকাশী নীলা, সংখ্যা ৬৷
কন্যা : মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলে সমাধান হ’ব পাৰে৷ আর্থিকত সহায় পাব৷ সন্তানৰ শুভ৷ শুভ ৰং বগা, সংখ্যা ৮৷
তুলা : বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ সম্পত্তিক লৈ কাজিয়া–পেছাল হোৱাৰ সম্ভাবনা৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ শুভ ৰং ৰঙা, সংখ্যা ২৷
বৃশ্চিক : আনৰ উপদেশ মতে কাম কৰি বিপদত পৰিব পাৰে৷ ঘৰতে অপদস্থ হোৱাৰ ভয়৷ টকা–পইচা অবাবত খৰচ হ’ব৷ সন্তানৰ শুভ৷ শুভ ৰং হালধীয়া, সংখ্যা ৪৷
ধনু : প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ শুভ কাম আৰম্ভ কৰিব পাৰি৷ হাতলৈ টকা–পইচা আহিব৷ কর্ম স্থানত অবাঞ্ছিত পৰিস্থিতি সৃষ্টি হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷
মকৰ : পাৰিবাৰিক অন্তঃকলহ বাঢ়িব৷ শত্রুৰ পৰা সাবধান হ’ব৷ পিছলৈ ভৰিৰ আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷শুভ ৰং নীলা, সংখ্যা ৭৷
কুম্ভ : ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
মীন : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷