নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাবত সমন্বয় পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস পালন

আজি গুৱাহাটী প্ৰেছ ক্লাবত সমন্বয় পুথিভঁৰালৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় আৰু সেই উপলক্ষে সমন্বয় পুথিভঁৰালৰ বাৰ্ষিক সংকলন ‘জাখৰ’ উন্মোচন কৰা হয়। এই অনুষ্ঠানটোত সমন্বয় পুথিভঁৰালৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্রবর্তী তথা বিশিষ্ট স্থপতিবিদ বিশ্ব দত্ত আৰু জাখৰ উন্মোচক তথা নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাহিত্যিক,সাহিত্য অকাডেমী বঁটা বিজয়ী ড° অৰূপা পটংগীয়া কলিতাই জাখৰ উন্মোচন কৰে।

ড° কলিতাই তেওঁৰ ভাষণ প্ৰসংগত আন্ধাৰ দিনৰ সাহিত্যৰ ওপৰত আলোকপাত কৰি কয় যে যুগে যুগে আন্ধাৰ সময়ত উৎকৃষ্ট সাহিত্যৰ সৃষ্টি হৈছে আৰু অত্যন্ত বেয়া সময়তো সাহিত্য কৰ্মৰ লগত জড়িত ব্যক্তি সকলে এনে বহি নাথাকি কালজয়ী সৃষ্টি কৰি থৈ গৈছে আৰু এই কালজয়ী সৃষ্টিৰ কাৰণে সেই সময়ৰ সমাজ ব্যবস্থা বা আন্ধাৰ সময়ৰ কথা পৰৱৰ্তী সময়ত মানুহে জানিব পাৰিছে। তেখেতে ছোভিয়েট ৰাছিয়াৰ সাহিত্যৰ নিদর্শনৰ পৰা আদি কৰি অসমীয়া সাহিত্যলৈ এক বিস্তৰ ব্যাখ্যা উল্লেখ কৰে।

ভাষণ প্ৰসংগত তেওঁ নীলমণি ফুকনৰ কবিতাৰ কথা উল্লেখ কৰি কয় যে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ধ্ৰুৱজ্যোতি বৰা,নীলমণি ফুকনৰ উপন্যাস তথা কবিতাত আন্ধাৰ দিনৰ কথা সুন্দৰভাৱে প্ৰকাশ পাইছে। তেখেতে আনকি নিজৰ সাহিত্য কৰ্মটো আন্ধাৰ দিনৰ চিত্র অংকণ কৰা বুলি ব্যক্ত কৰে।

গ্ৰন্থ উন্মোচনী তথা বক্তৃতানুষ্ঠানটো বিশিষ্ট সংগীতশিল্পী তথা সমন্বয় পুথিভঁৰালৰ মুখ্য উপদেষ্টা উমেশ দত্ত আৰু সংগীতা তালুকদাৰ ৰহমানৰ গীতেৰে আৰম্ভ হয় আৰু এই গীতৰ কথা আবেদুৰ ৰহমানৰ আৰু সুৰ উমেশ দত্তৰ। সমন্বয় পুথিভঁৰালৰ সভাপতিয়ে উদ্দেশ্য বাখ্যা তথা আদৰণি ভাষণ আগবঢ়াই আৰু ইয়াৰ পিছতেই সমন্বয় পুথিভঁৰালৰ বিগত ১৭ বছৰৰ কাম-কাজৰ এক চমু আলোকপাত আগবঢ়াই মুখ্য সম্পাদক আবেদুৰ ৰহমানে।

আলোকপাত কৰি কয় যে সমন্বয় পুথিভঁৰালে মুলত তিনিটা দিশত কাম কৰি আছে,কিতাপৰ আদান-প্ৰদান,সংগীত আৰু নাটকৰ চৰ্চা লগতে বৌদ্ধিক উত্তৰণৰ কাৰণে বৈঠক আদিৰ জৰিয়তে সমসাময়িক প্ৰজন্মটোক বৌদ্ধিকভাৱে আগবঢ়াই নিয়াৰ বাবে যত্নপৰ হৈ আহিছে। তেওঁ আলোকপাত কৰি কয় যে সমন্বয় পুথিভঁৰালত বিগত ১৭ টা বছৰত ১৭,০০০ ৰো অধিক বাৰ কিতাপৰ আদান-প্রদান হৈছে য’ত ৮০৩ গৰাকী সদস্য তথা প্ৰায় ৮,০০০ কিতাপেৰে পৰিপূৰ্ণ হৈ থকা সমন্বয় পুথিভঁৰালত নিয়মীয়া পঢ়ুৱৈৰ সংখ্যা ১০০ৰো অধিক বুলি তেওঁ আলোকপাত উল্লেখ কৰে।

গ্ৰন্থ উন্মোচনী সভাতে বিশিষ্ট স্থপতিবিদ বিশ্ব দত্ত আৰু বিশিষ্ট নিবন্ধকাৰ দ্বিজেন বৰ্মনেও প্ৰাসংগিক মন্তব্য আগবঢ়ায়। গোটেই অনুষ্ঠানটো আঁত ধৰে সমন্বয় পুথিভঁৰালৰ মুখ্য সম্পাদক আবেদুৰ ৰহমানে আৰু তেওঁক সহযোগিতা আগবঢ়ায় কাৰ্যকৰী সভাপতি নুৰুল ইছলামে। প্ৰায় শতাধিক ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত পুথিভঁৰালৰ প্ৰতিস্থাপক উপদেষ্টা তথা শিক্ষাবিদ প্ৰয়াত তাজিমুদ্দিন আহমেদক বিশেষভাৱে স্মৰণ কৰা হয়। লগতে সদ্যপ্ৰয়াত কবি বিপুল দত্ত, অনুভৱ তুলসী আৰু বিশিষ্ট বামপন্থী বুদ্ধিজীৱী উদয়াদিত্য ভৰালীকো সোৱৰণ কৰি বক্তব্য আগবঢ়ায় নুৰুল ইছলামে। দুঘণ্টাজোৰা মেদহীন অনুষ্ঠানটোৱে উপস্থিত আটাইকে আপ্লুত কৰে।

Niyomiya Barta Desk, Date of Published, 7 July

You might also like