নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৩১ জুলাই, শাওণ মাহৰ ১৪ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা সপ্তমী, নক্ষত্র : চিত্রা, যাত্রা : মধ্যম

মেষ : আর্থিকত ভাল৷ ব্যৱসায়–বাণিজ্যত মধ্যম৷ বিবাহৰ যোগ দেখা দিব৷ প্রতিকাৰ : হনুমান চালিচা পাঠ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

বৃষ : কর্মস্থানত গতানুগতিক পৰিৱেশ থাকিব৷ ভ্রমণ লাভজনক হ’ব৷ শুভ ৰং মটিয়া৷ শুভ সংখ্যা ৪৷ শিৱ মন্দিৰ দর্শন কৰিব৷

মিথুন : আজি কোনো বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰিব পাৰিব৷ ব্যৱসায় বা বাণিজ্যৰ দ্বাৰা আয় বৃদ্ধিৰ যোগ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷ দুহাল গৰুক দানা খুৱাব৷

কর্কট : কর্মস্থানত বা বিষয়ত কিছু চিন্তা থাকিব৷ পাৰিবাৰিক শুভ৷ স্বাস্থ্য মধ্যম৷ প্রতিকাৰ : তামৰ পাত্রত পানী খাব৷ শুভ ৰং সেউজীয়া৷ সংখ্যা ২৷

সিংহ : কর্মস্থানত স্বচ্ছতা নাপাবও পাৰে৷ প্রেম আৰু দাম্পত্যত মধ্যম৷ ৰুক্ষ ব্যৱহাৰ ত্যাগ কৰিব৷ প্রতিকাৰ : সূর্য প্রণাম কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

কন্যা : আর্থিক দিশত ভাল দেখা যায়৷ কর্মক্ষেত্রত দক্ষতা বৃদ্ধি হ’ব৷ বিদ্যাত বাধা আছে৷ প্রতিকাৰ : ১জন শিশুক পায়স খুৱাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

তুলা : তৎপৰতা বজাই ৰাখিব৷ শৰীৰ মধ্যম৷ প্রেমত বিৰোধ৷ প্রতিকাৰ : শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷ তুলসী গছত পানী দিব৷

বৃশ্চিক : ভ্রমণৰ যোগ দেখা দিব৷ ব্যৱসায়ত ভাল৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷ মংগল স্ত্রোত পাঠ কৰিব৷

ধনু : কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ ফল৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷ কোনো পূজাৰীক ফল দান কৰিব৷

মকৰ : কর্মত উদ্বেগ থাকিব৷ তথাপি যোগাযোগ ৰক্ষা কৰিব পাৰিব৷ প্রতিকাৰ : ৰাতিপুৱা আৰু সন্ধিয়া শুক্রস্ত্ৰোত পাঠ কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

কুম্ভ : শিল্পকলাত পাৰদর্শিতা বৃদ্ধি পাব৷ দিনটোত খৰচৰ মাত্রা বৃদ্ধি হ’ব পাৰে৷ শৰীৰ মধ্যম৷ শুভ ৰং ক’লা৷ শুভ সংখ্য ৬৷ আজি অলপ ক’লা তিল খাব৷

মীন : আজি বিশেষ কিছুমান কার্যসূচীৰ সঠিক সমাধান পাব৷ মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ শুভ সংখ্যা ১৷ আজি নিৰামিষ আহাৰ খাব৷ শুভ ৰং গুলপীয়া৷

You might also like