পথ দুর্ঘটনাত বিপদঘণ্টা
উদণ্ড অভিনেত্রীৰ গাড়ীৰ খুন্দাত আহত নলবাৰীৰ ছামিউল হকৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি উক্ত ঘটনাক লৈ তীব্র চর্চা হোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে অভিনেত্রীগৰাকীক আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছে৷ ঠিক একে সময়তে নলবাৰীৰ দকাউনীয়া পথ দুর্ঘটনাত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন যুৱক গুৰুতৰভাৱে আহত হয়৷ আহত কেউজনকে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও নলবাৰী জিলা নিৱাসী ভূমিধৰ বৈশ্যৰ মৃত্যু হয়৷ এই দুটা মাথোঁ উদাহৰণহে৷ দৈনিক এনে পথ দুর্ঘটনাৰ শিৰোনাম প্রায়ে পঢ়িবলৈ পোৱা যায়৷ সম্প্রতি ৰাজ্যত সুচল ৰাস্তা–ঘাটৰ প্রসাৰৰ লগে লগে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে দুর্ঘটনাৰ সংখ্যা৷ এটা সমীক্ষাত প্রকাশ পাইছিল যে ভাৰতবর্ষত গড়ে যিমানসংখ্যক লোকে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে, তাতোকৈ অধিক লোকৰ পথ দুর্ঘটনাত মৃত্যু হয়৷ এই ধৰণৰ মৃত্যুৱে কেৱল ঘৰখনকে ক্ষতি নকৰে, বৰঞ্চ পথ দুর্ঘটনাৰ ফলত দেশৰ ঘৰুৱা উৎপাদনৰ তিনি শতাংশ ক্ষতি হয় বুলি এটা প্রতিবেদনত প্রকাশ পাইছিল৷ ৰাষ্ট্রসংঘই ২০৩০ চনৰ ভিতৰত পথ দুর্ঘটনাৰ সংখ্যা হ্রাস কৰাৰ বিভিন্ন লক্ষ্য নির্ধাৰণ কৰিছে যদিও এই সমস্যা সমাধানৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰি আহিছে৷ অসমত ২০২৩ চনৰ জানুৱাৰীৰ পৰা নৱৱেম্বৰ মাহলৈ ৬,৬৯৮টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৪ চনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈ ১১,৫৫৮টা পথ দুর্ঘটনা সংঘটিত হৈছিল৷ ২০২৪ বর্ষত দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পালেও মৃত্যুৰ সংখ্যা হ্রাস পাইছে৷ কিন্তু আহতৰ সংখ্যা পূর্বৰ তুলনাত বৃদ্ধি পাইছে৷ ২০২৪ চনৰ জানুৱাৰী মাহত ৮১৯টা, ফেব্রুৱাৰীত ৮২২টা, মার্চত ৯১৪টা, এপ্রিলত ৮১৪, মে’ত ৮০১টা, জুনত ১২৩৪টা, জুলাইত ১৩১৪টা, আগষ্টত ১২৭৩টা, ছেপ্টেম্বৰত ১২৪৯টা, অক্টোবৰত ১২১৫টা, নৱেম্বৰত ১০৪৭টা পথ দুর্ঘটনা সংঘটিত হৈছে৷ নৱেম্বৰ মাহৰ ১০৪৭টা পথ দুর্ঘটনাত ২৪৫জনৰ মৃত্যু হৈছিল৷ এই নৱেম্বৰ মাহটোত সংঘটিত হোৱা অধিকাংশ দুর্ঘটনা কামৰূপ মহানগৰ, বাক্সা, ডিমা–হাছাও, গোৱালপাৰা, শদিয়া, দক্ষিণ শালমাৰা, যোৰহাট, ধুবুৰী, বজালী আৰু শ্রীভূমি জিলাত হৈছিল৷ এই দুর্ঘটনাবোৰৰ মূলতে হৈছে জনসাধাৰণৰ সচেতনতাৰ অভাৱ, বাট–পথৰ সমস্যা৷ বহু সময়ত দুর্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰা হয় যদিও জনসাধাৰণেও আইন অমান্য কৰা দেখা যায়৷ যাৰ বাবে সময়ে সময়ে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলগীয়া হয়৷ অনস্বীকার্য যে অধিকাংশ পথ দুর্ঘটনা সংঘটিত হয় চালকৰ ভুলৰ বাবে, কিছুমান দুর্ঘটনা সংঘটিত হয় কদর্যময় বাট–পথৰ বাবে৷ বহু সময়ত দেখা যায় আজিকালি অভিভাৱকে ১৮ বছৰ তলৰ কিশোৰকো বাহন চলাবলৈ দিয়ে৷ অনুজ্ঞাপত্র নোহোৱাকৈ বাহন চলাবলৈ দিয়াটো কিমান ভয়াৱহ কথা, এই বিষয়ে বিহু শিক্ষিত লোকেও ভাবি নাচায়, যাৰ ফলত অকালতে প্রাণ হেৰুৱাবলগীয়া হয় কিশোৰ নতুবা পথচাৰীয়ে৷ ইয়াৰ উপৰি বহু যান–বাহনৰ চালকসকলৰ অজ্ঞতা–নিৰক্ষৰতা, অমনোযোগিতাৰ বাবে দুর্ঘটনাসমূহ সংঘটিত হয়৷
অসমত বহু চালকে যান–বাহন নীতি, আইন মানি নচলে৷ বহু চালকে যান–বাহন আইন সম্পর্কে অৱগতও নহয়৷ যান–বাহনৰ গতিবেগ, ৰাস্তাৰ দাঁতিৰ সাংকেতিক চিহ্ণ আদিবোৰৰ প্রয়োগ নজনাৰ বাবেও পথ দুর্ঘটনা সংঘটিত হোৱা দেখা যায়৷ চালকৰ অনুজ্ঞা-পত্র প্রদানৰ ক্ষেত্রতো পৰিবহণ বিভাগে কঠোৰ নীতি–নির্দেশনাসমূহ পালন কৰাটো বাঞ্ছনীয়৷ ভাৰতবর্ষত শিক্ষিত গণ্য–মান্য ব্যক্তিও সুৰাপান কৰি গাড়ী চলাই যোৱাটো এটা অভ্যাসত পৰিণত হৈছে৷ সেয়েহে পৰিবহণ বিভাগে সুৰামত্ত চালকৰ বিৰুদ্ধে অভিযান চলাই বিহিত ব্যৱস্থা গ্রহণ কৰি আহিছে৷ বাইক, স্কুটী আৰোহীয়ে হেলমেট পৰিধান নকৰা, চাৰিচকীয়া বাহনত ছিট বেল্ট পৰিধান নকৰা, ম’বাইলত ব্যস্ত হোৱা আদি বিভিন্ন কাৰণত পথ দুর্ঘটনা সংঘটিত হৈছে৷ বাণিজ্যিক বাহনসমূহত কেতিয়াবা প্রকৃত চালকৰ বিপৰীতে হেণ্ডিমেনেও গাড়ী চলোৱা পৰিলক্ষিত হয়৷ এই অসাৱধানতাৰ বাবেও বহু সময়ত দুর্ঘটনা সংঘটিত হয়৷ বাণিজ্যিক বাহনসমূহে য’ত–ত’ত পার্কিং কৰাৰ বাবেও শীতকালত অধিক দুর্ঘটনা সংঘটিত হোৱা দেখা যায়৷ দুর্ঘটনাৰ কাৰণ যিয়েই নহওক কিয়, সাধাৰণ শিক্ষিত নাগৰিক অলপ সচেতন হ’লেই বহু দুর্ঘটনা ৰোধ কৰিব পৰা যায়৷ কিন্তু ৰাইজ সচেতন নহ’লে এই দুর্ঘটনাৰ সংখ্যা কোনো কাৰণতে হ্রাস কৰিব পৰা নাযাব৷ সম্প্রতি উদণ্ড অভিনেত্রীৰ গাড়ীৰ খুন্দাত নিহত হোৱা ছামিউলৰ কাণ্ডই এই কথাই প্রমাণ কৰে যে বহু শিক্ষিত লোকে যান–বাহন আইন, নীতি–নির্দেশনা মানি নচলে৷ যাৰ বাবে এই কাণ্ডই বিশেষ চর্চা লাভ কৰিলে৷ দুর্ভাগ্যজনক কথাটো হ’ল যে দুর্ঘটনা সংঘটিত কৰাৰ পাছত অভিনেত্রীগৰাকীয়ে যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ পৰিৱর্তে পলায়ন কৰা বুলিহে সর্বত্র চর্চা হৈছে৷ ই শিক্ষিত সমাজৰ বাবে অতিশয় লজ্জিত বিষয়৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পথ দুর্ঘটনাক লৈ গভীৰভাৱে চিন্তা–চর্চা কৰাৰ উপৰি বিহিত ব্যৱস্থাও গ্রহণ কৰি আহিছে৷ তেওঁ বাৰে বাৰে ৰাইজক অনুৰোধ জনাইছিল যে পথ দুর্ঘটনা ৰোধ কৰাৰ বাবে সকলোৱে একেলগে কাম কৰিব লাগিব৷ ৰাইজ, চৰকাৰ উভয়ে সজাগ–সচেতন হ’ব লাগিব৷ চৰকাৰেও জনসাধাৰণৰ মাজত যান–বাহন আইন, যান–বাহন নিয়মৰ সজাগতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে৷ যান–বাহন আইন উলংঘা কৰিলে কি কি শাস্তিৰ সন্মুখীন হ’ব পাৰে সেই সম্পর্কেও চৰকাৰে জনসাধাৰণক অৱগত কৰি আহিছে৷ কিন্তু পৰিতাপৰ বিষয় যে তাৰ পিছতো এচাম লোক যান–বাহন আইনক লৈ সজাগ–সচেতন নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই এই বছৰৰ প্রথম মাহতেই ঘোষণা কৰিছে যে বিগত বর্ষৰ তুলনাত ২০২৪ চনৰ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ জানুৱাৰীৰ ভিতৰত ৰাজ্যখনত পথ দুর্ঘটনাৰ সংখ্যা যথেষ্ট হ্রাস পাইছে৷ কিন্তু তেওঁ কৈছিল– এই সংখ্যা হ্রাস পালেও ১৬৩জন লোকে প্রাণ হেৰুৱাটো গুৰুতৰ চিন্তাৰ বিষয় হৈ আছে৷ গতিকে এই মৃত্যুক ৰোধ কৰিবলৈ সামূহিক প্রচেষ্টা অতিকৈ প্রয়োজন৷ কাৰণ সামূহিক প্রচেষ্টাইহে পথ দুর্ঘটনা ৰোধ কৰিব পাৰিব৷ সচেতন নাগৰিকসকলো সজাগ হ’বই লাগিব৷