নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱতম প্ৰযুক্তিৰে ৰাইজৰ কাষত অসম কৃষি বিশ্ববিদ্যালয়, জিন বেংক প্ৰতিষ্ঠা 

অসম কৃষি বিশ্ববিদ্যালয়ে ন ন উদ্ভাৱনৰে ৰাজ্য খনৰ কৃষি আৰু কৃষকৰ বাবে নতুন সমল আগবঢ়াই আহিছে । বিশ্ব বিদ্যালয় খনে বিগত পঞ্চাছ বছৰে ভাৰত চৰকাৰৰ পৰা ৪০ ৰো অধিক বিভিন্ন শস্যৰ সচ কৃষকৰ হাতত তুলি দি অৰ্থনৈতিক ভেটি সবল কৰাত সফলতা লাভ কৰিছে। শেহতীয়াকৈ বিগত পাচ বছৰত ২৪ টা বিভিন্ন  শস্যৰ সচ উদ্ভাৱন কৰাটো বিশ্ববিদ্যালয় খনৰ বাবে  অন্য এক সফলতা । তদুপৰি শিক্ষা প্ৰদান, গৱেষণা আৰু সম্প্ৰসাৰণ এই তিনিটা দিশত অসম কৃষি বিশ্ববিদ্যালয়ে সেৱা আগবঢ়ায় স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছে।

আজি অসম কৃষি বিশ্ববিদ্যালয়ত অনুস্থিত হোৱা এখন সংবাদ মেলত এই কথা সদৰি কৰে অসম কৃষি বিশ্ব বিদ্যালয়ৰ গৱেষণা সঞ্চালক ড সঞ্জয় কুমাৰ চেতিয়াই এই কথা সদৰি কৰিছে৷ তেওঁ কয় যে ষাঠিৰ দশকতে ভাৰতবৰ্ষত আৰম্ভ হোৱা সেউজ বিপ্লৱে অসমক প্ৰভাৱ পেলাব পৰা নাছিল যদিও নব্বৈদশকৰ উদ্ভাৱিত ধানৰ ৰঞ্জিত সঁচে অসমৰ কৃষিক্ষেত্ৰক খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তোলাত বহুমূলীয়া অৱদান আগবঢ়ায়৷ ধানৰ বজাৰত ৰঞ্জিৎ ধানৰ সঁচে ৩৬০০ কোটি টকাৰ অংশীদাৰিত্ব বহন কৰি আছে বুলি তেওঁ উল্লেখ কৰে। পঁচপন্ন বছৰ গৰকা অসম কৃষি বিশ্ববিদ্যালয়ে যোৱা পাঁচ বছৰত ধান, সৰিয়হ, তিল, বেঙেনা, নাৰিকল, মাটিমাহ, মগুমাহ, কণীধান, মটৰমাহ ইত্যাদি শস্যৰ ২৪ বিধ সঁচ উদ্ভাৱন কৰিছে যি বিগত পঞ্চাশ বছৰত উদ্ভাৱিত ধান আৰু মৰাপাটৰ কেৱল ১৬ বিধ সঁচতকৈ বহুগুণে বেছি৷ ইয়াৰোপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত উদ্ভাৱিত বিভিন্ন শস্যৰ বিভিন্ন সঁচ কৃষক ৰাইজৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ে অনুমোদন জনাইছে৷

সংবাদ মেলত ড সঞ্জয় চেতিয়াই উল্লেখ কৰে যে যোৱা কেইবছৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত জহা চাউল, কাজি নেমু, গামোচা, জুডিমা (ডিমাচা থলুৱা সুৰা), চকোৱা চাউলে ভৌগোলিক সূচ্যাংক (GI) লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰোপৰি অৰুণাচল প্ৰদেশৰ মনপা গোমধান, কাৰ্বি আৰু দেউৰীসকলৰ পৰম্পৰাগত সাজ-পোছাক তথা অলংকাৰৰ ভৌগোলিক সূচ্যাংক আহৰণৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ তদুপৰি যোৱা পাঁচ বছৰত মগুমাহৰ বীজ সংৰক্ষণ, চাহপাত শুকুওৱা যন্ত্ৰ, তৰলীকৃত উপকাৰী ভেঁকুৰ কৰ্ষণৰ সংৰক্ষণ পদ্ধতি আৰু তৰলীকৃত জৈৱিক কীটনাশক শীৰ্ষক ৪ টা প্ৰযুক্তিৰ অসম কৃষি বিশ্ববিদ্যালয়ে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি কাজিনেমুৰ ৰস সংৰক্ষণ, এৰী সূতাত লাৰ ৰং দিয়া পদ্ধতি, জৈৱিক কীটনাশকৰ প্ৰস্তুতকৰণ, চুঙাচাউল প্ৰস্তুতকৰণৰ আহিলা, সাজপানী প্ৰস্তুতকৰণৰ উন্নত পদ্ধতি, পশুধনৰ চিকৰা নিয়ন্ত্ৰণৰ জৈৱিক মলম ইত্যাদিকে সামৰি ১১ বিধ প্ৰযুক্তিৰ পেটেণ্টৰ বাবে আবেদন কৰা হৈছে বুলিও ড চেতিয়াই জানিবলৈ দিয়ে।

বৰ্তমান সময়ৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ে জৈৱিক আৰু প্ৰাকৃতিক কৃষিত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে কেইবাটাও গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰিছে৷ জৈৱিক কৃষিত প্ৰত্যাহ্বানস্বৰূপ ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে বায়’ভীৰ, বায়’গাৰ্ড, বায়’চোনা, বায়’শক্তি ইত্যাদি জৈৱিক কীটনাশক উদ্ভাৱন কৰিছে আৰু কৃষকৰ মাজত সহজলভ্য হ’বৰ বাবে ইতিমধ্যে বহুকেইটা প্ৰতিষ্ঠানৰ লগত বুজাবুজি চুক্তি  স্বাক্ষৰ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা বহুকেইটা সঁচৰ গৱেষণালব্ধ সম্প্ৰসাৰণৰ বাবে আন্তৰ্জাতিক প্ৰতিষ্ঠান যেনে, নৰৱে চৰকাৰৰ নিবিঅ’ (NIBIO), জাৰ্মান চৰকাৰৰ জি আই জেড (GI), ফিলিপাইনৰ ইৰি (IRRI) কমনৱেলথ জোঁটৰ কেবি (CABI) ইক্ৰিচাট (ICRISAT), ইউ এন ডব্লিউ ফুড প্ৰগেম ইত্যাদি, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান যেনে, আই চি এ আৰ (ICAR), সৰিয়হ গৱেষণা সঞ্চালকালয়, মাহ গৱেষণা প্ৰতিষ্ঠান, ধান গৱেষণা প্ৰতিষ্ঠান ইত্যাদি, স্বতন্ত্ৰ প্ৰতিষ্ঠান যেনে এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠান ইত্যাদিৰ সৈতে কাৰ্যপন্থা হাতত লৈছে৷ তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ঔদ্যোগিক প্ৰতিষ্ঠান যেনে, গডৰেজ এগ্ৰ’ভেট, ৰিলায়েঞ্চ ইণ্ডাষ্টি˜জ, ধনুকা এগ্ৰিটেক, টেৰি ইত্যাদিকে সামৰি বহুজাতিক প্ৰতিষ্ঠান যেনে, চিনজেণ্টা আদিৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইয়াৰ সমান্তৰাল ভাবে বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত জাতসমূহৰ বীজ উৎপাদন তথা বাণিজ্যিকীকৰণৰ বাবে অসম তথা পশ্চিমবংগ, বিহাৰ আৰু ঊৰিষ্যাৰ ১৫ টা বীজ কোম্পানীৰ লগত প্ৰযুক্তি কৌশল বিনিময় চুক্তি স্বাক্ষৰিত কৰা হৈছে৷  সাংবাদ মেল খনত কৃষি বিজ্ঞানী ড  সঞ্জয় চেতিয়াই কয় যে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভুত প্ৰযুক্তি যেনে, বায়’গাৰ্ড, বায়’ভীৰ (জৈৱিক কীটনাশক), সাজপানী (পৰম্পৰাগত পানীয়), ধানৰ সঁচ যেনে- লাৱণ্য, থলুৱা বনৌষধিৰ গুড়ি আদিৰ বাণিজ্যিকীকৰণৰ বাবে বিভিন্ন সংস্থাক কতৃত্ব প্ৰদান কৰা হৈছে৷

জন্মলগ্নৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ে বহুতো প্ৰযুক্তি উদ্ভাৱন কৰিছিল যদিও এই প্ৰযুক্তিসমূহৰ প্ৰসাৰ কৃষকৰ মাজত সীমিত আছিল৷ কিন্তু যোৱা পাঁচ বছৰত উপভোক্তা কৃষক সমাজৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ে ৫০ টা প্ৰযুক্তি কৌশল বাণিজ্যিক কৰণ ৰ প্ৰচেষ্টা হাতত লৈছে৷ ইয়াৰ দ্বাৰা অনাগত ভৱিষ্যতত কৃষক সমাজ অধিক লাভান্বিত হ’ব বুলি আশা কৰা হৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা “লাৱণ্য” (ধানৰ সঁচ)ক অহা ১৫ বছৰৰ বাবে ভাৰত চৰকাৰে পঞ্জীয়ন কৰিছে যাৰ দ্বাৰা অনাগত দিনবোৰত এই সঁচবিধৰ অধিক বাণিজ্যিকীকৰণ সম্ভৱপৰ হ’ব৷ তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ে ভোল, জলকীয়া, বেঙেনা, লাইশাক ইত্যাদি শস্যৰ থলুৱা জাত যেনে প্ৰৱালী (জলকীয়া), লাইকা আৰু কাজলী (লাইশাক) কুনকুনী জহা, ক’লা জহা (ধান) আদিৰ বীজ বাণিজ্যিকীকৰণৰ প্ৰচেষ্টাও হাতত লোৱা বুলি কোৱা হৈছে।

ইয়াৰোপৰি ৰঙা বাও, ককুৱা বাও, তৰা বাও ইত্যাদি ধানৰ সঁচৰ বাণিজ্যিকীকৰণৰ প্ৰচেষ্টাই এই জাতবোৰৰ ৰপ্তানি কৰণৰ জৰিয়তে অসমৰ অৰ্থনীতি টনকিয়াল কৰিব বুলি অসম কৃষি বিশ্ববিদ্যালয় আশাবাদী৷ কৃষক সুবিধাৰ বাবে এই বৰ্ষত ‘শস্যৰক্ষক’ নামৰ এটি মোবাইল এপ অসম কৃষি বিশ্ববিদ্যালয়ে মুকলি কৰিছে৷ যাৰ জৰিয়তে কৃষকসকলে কীট-পংতগ তথা ৰোগ চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণৰ দ্বাৰা অধিক উৎপাদন লাভ কৰিব বুলি আশা কৰা হৈছে৷

অসম কৃষি বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা কৰিছে৷ এই জিন বেংকত ৭০০০ ধানৰ সঁচৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ ২০২৫ বৰ্ষত আৰম্ভ কৰা এই জিন বেংকত বিভিন্ন শস্যৰ সঁচ সংৰক্ষণৰ ব্যৱস্থা আছে৷ জৈৱবৈচিত্ৰ সংৰক্ষণত অদূৰ ভৱিষ্যতে ই এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি  সংবাদ মেলত কৃষি বিজ্ঞানী ড সঞ্জয় চেতিয়াই জানিবলৈ দিয়ে ।

সংবাদ মেল খনত সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল শইকীয়া, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ড: ৰঞ্জিত কুমাৰ সাউদ, কৃষি অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ নিবেদিতা ডেকা, কৃষি গৱেষণা সঞ্চালকালয়ৰ বিজ্ঞানী ডঃ নিলয় বৰা আৰু ড: আৰাধনা বৰুৱা,ড: সুৰজিত কলিতা উপস্থিত থাকে।

বিশেষ বাৰ্তা, যোৰহাট, ৩০ জুলাই

You might also like