নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ ছেপ্টেম্বৰ, আহিন মাহৰ ১২ তাৰিখ
সোমবাৰ : তিথি–শুক্লা সপ্তমী, নক্ষত্র : মূলা, যাত্রা : নাই

মেষ : মহা সপ্তমী তিথিত ব্যস্ততা বৃদ্ধি পাব৷ শ্রীশ্রী দুর্গাদেৱীক পদুম ফুলেৰে অঞ্জলি প্রদান কৰিব৷ গুলপীয়া বস্ত্র পৰিধান কৰিলে শুভ হ’ব৷

বৃষ : পুৱা থাপনাত তিনি গছি চাকি জ্বলাব৷ দেৱী মাক মিঠা বস্তু ভোগ দিব৷ হালধীয়া বস্ত্র পৰিধান কৰিলে শুভ হ’ব৷ পদুম ফুল আৰু জবা ফুলেৰে অঞ্জলি দিব৷ পূজা চলি থকা সময়ত ক’লা বস্ত্র পৰিধান নকৰিব৷

মিথুন : শুভ ৰং ৰঙা৷ ১০৮টা জবা ফুলৰ মালা দুর্গাদেৱীক অর্পণ কৰিব৷ ৰঙা ফুলেৰে অঞ্জলি দিব৷

কর্কট : আজি দেৱীৰ মহাসপ্তমী পূজা৷ আজি চন্দন মিশ্রিত পানীৰে স্নান কৰিব৷ আজি তাল খোৱা নিষিদ্ধ৷ দেৱীক অঞ্জলি প্রদানৰ সময়ত ৰঙা নাইবা হালধীয়া বস্ত্র পৰিধান কৰিলে শুভ হ’ব৷

সিংহ : আনন্দেৰে পূজাস্থলীত উপস্থিত থাকক আৰু দেৱীৰ চৰণত শ্রদ্ধা, ভক্তি নিবেদন কৰক৷

কন্যা : আজি ঘৰত আলহীৰ আগমন হ’ব৷ কিন্তু নিৰামিষ খাদ্য গ্রহণ কৰিব৷ সপ্তমী পূজাত বগা ফুল আৰু নীলা ফুলেৰে অঞ্জলি দিব৷ টেঙাজাতীয় বস্তু নোখোৱা ভাল৷ বগা আৰু নীলা শুভ ৰং৷

তুলা : সন্তানৰ সাফল্য৷ ধনত ভাল৷ ৰাজহুৱা অনুষ্ঠানত আগদান৷ খাদ্য নিয়ন্ত্রণ কৰিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ নিমপাত, কেৰেলা নাখাব৷ ১০টা পদুম ফুল দুর্গা মাতাক অর্পণ কৰিব। গুলপীয়া শুভ ৰং৷

বৃশ্চিক : পূজাত বগা চন্দন আৰু অগৰু সুগন্ধি দান দিব৷ ৰঙা বস্ত্র পৰিধান কৰি পূজাত অংশগ্রহণ কৰিব৷ অঞ্জলিত পদুম ফুল অৱশ্যে থাকিব৷

ধনু : দুর্গাপূজাৰ পুৰোহিতক শ্রীশ্রীচণ্ডী মাহাত্ম্য আৰু নগুণ দান দিব৷

মকৰ : ৰাতিপুৱা গৃহৰ উত্তৰ–পূব দিশত সাত গছি চাকি জ্বলাব৷ পদুম ফুলেৰে দুর্গা পূজাত অঞ্জলি দিব৷ আজি তিতা নাখাব৷

কুম্ভ : পূজা মণ্ডপত যোৱাৰ আগতে গণেশ মন্দিৰ দর্শন কৰিব৷ আজি পূজাত ৭ বিধ ফল দিব৷ উপবাসে থাকি অঞ্জলি দিব৷

মীন : বাসন্তী ৰঙৰ বস্ত্র পূজাত দান দিব পাৰে৷ ১০৮টা পদুম ফুলৰ মালা অর্পণ কৰিব৷ উপবাসে থাকি অঞ্জলি দিব৷

You might also like