নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ মার্চ, চ’ত মাহৰ ৭ তাৰিখ, দেওবাৰ

মেঘ : আজি ঘৰুৱা দিশত বাধা কম পাব৷ হঠাৎ ব্যস্ততা বৃদ্ধি পাব৷ ব্যৱসায়ত সমস্যাৰ সমাধান হ’ব৷ প্রেমত কষ্ট৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃষ : আজি কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দাম্পত্যত শুভ ফল৷ ব্যৱসায়ত টকা খটুৱালে লাভৰ যোগ৷ বিবাহৰ যোগাযোগত বাধা৷ প্রেমত বাধা আঁতৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷

মিথুন : আজি কর্মক্ষেত্রত সহকর্মীৰ মতামতক প্রাধান্য নিদিব৷ আর্থিক লেনদেনত গুৰুজনাৰ পৰামর্শ লোৱা উচিত৷ অভিনেতা–অভিনেত্রীসকলৰ অশুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷

কর্কট : আজি নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ পতি-পত্নীৰ মাজত মতবিৰোধ৷ শৰীৰৰ প্রতি যত্ন ল’ব৷ প্রেমত শুভ৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৯৷

সিংহ : আজি কর্মক্ষেত্রত মান–সন্মান বৃদ্ধিৰ যোগ৷ দাম্পত্যত শুভ৷ ব্যৱসায়ত সফলতা লাভ৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷

কন্যা : আজি পুত্র বা কন্যাৰ পৰা ক্ষতিৰ আশংকা৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ ধন লাভৰ যোগ৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৩৷

তুলা : আজি অপ্রয়োজনীয় কথাত মন গধুৰ হৈ থাকিব৷ বিদ্যাত শুভ৷ ব্যৱসায়–বাণিজ্যত উন্নতিৰ যোগ৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷

বৃশ্চিক : আজি শৰীৰৰ শুভ৷ পাৰিবাৰিক ক্ষেত্রত সু–সংবাদ লাভৰ যোগ৷ অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব৷ প্রেমত আনন্দ৷ শুভ ৰং পিংক, শুভ সংখ্যা ৮৷

ধনু : আজি কোনো শুভ সংবাদৰ যোগাযোগত উন্নতি৷ ভ্রমণত বাধা৷ আর্থিক দিশত বাধা৷ প্রেমত সাৱধান৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

মকৰ : আজি পাৰিবাৰিক কিছু অশান্তি৷ কর্মত বাধা৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত খৰচৰ মাত্রা বৃদ্ধি৷ প্রেমত উৎসাহ৷ শুভ ৰং গ্রে, শুভ সংখ্যা ১৷

কুম্ভ : আজি ব্যৱসায়ত চিন্তাৰ কোনো কাৰণ নাই৷ কর্মক্ষেত্রত শুভ৷ দাম্পত্যত শুভ৷ মানসিক দিশত শান্তি৷ প্রেমত মধ্যম৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷

মীন : আজি যোগাযোগত সুফল কম পাব৷ শৰীৰ সম্পর্কে চিন্তা৷ খৰচ–পাতি বর্জন কৰক৷ ঘৰত আলহীৰ আগমন হ’ব পাৰে৷ শুভ ৰং পার্পুল, শুভ সংখ্যা ৫৷

You might also like