নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ এপ্রিল, চ’ত মাহৰ ২১ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : বিশাখা, যাত্রা : নাই

মেষ : আজি আপুনি ব্যয়ৰ ক্ষেত্রত সতর্ক হওক৷ প্রাপ্য ধন হাতলৈ নহাক লৈ কিছু সমস্যাত পৰিব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত বাধা৷ ৰাজনীতিৰ ক্ষেত্রত সতর্ক হওক৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃষ : আজি আপোনাৰ মনটো ভাল নাথাকিলেও কোনো দিশৰ পৰা ভাল পাব৷ প্রেমত মধ্যম৷ বিদ্যাত শুভ৷ দাম্পত্যত দৃঢ়তা থাকিব৷ কর্মক্ষেত্রত বাধা কম৷ শৰীৰৰ মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

মিথুন : আজি আপোনাৰ মনৰ অৱস্থা মধ্যম৷ আশা কৰা ধৰণে যোগাযোগত উন্নতি নহ’বও পাৰে৷ শৰীৰৰ যত্ন লওক৷ আর্থিকত মধ্যম৷ কর্মত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

কর্কট : আজি আপুনি কোনো কথাত অস্থিৰ হ’ব পাৰে৷ বন্ধুবর্গৰ পৰা সতর্ক হৈ থাকক৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

সিংহ : আজি আপুনি নিৰাশাত ভুগিলেও আশাৰ পোহৰ দেখিব পাৰে৷ শৰীৰ মধ্যম৷ যোৱা কেইদিনৰ তুলনাত উন্নত দেখা যাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷

কন্যা : আজি আপুনি সমস্যাৰ মাজেৰে অগ্রগতি লাভ কৰিব৷ বিশাখা জাতকৰ বাহিৰে দুই নক্ষত্রৰ বাবে ভ্রমণ আৰু যোগাযোগ ভালে নাযাব৷ দাম্পত্যত অশান্তি৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

তুলা : আজি আপুনি সংঘাতৰ সন্মুখীন হ’ব পাৰে৷ আৱেগ-প্রৱণতাক বিশ্বাসত নল’ব৷ আর্থিক চিন্তাৰ মাজতে কিছু অনুকূল যোগাযোগ থাকিব৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ২৷

বৃশ্চিক : আজি আপোনাৰ চেষ্টা কিছু কামত আহিব৷ ধর্মীয় চিন্তাবিদ অনুপ্রাণিত হ’ব৷ দাম্পত্যত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

ধনু : আজি আপুনি সকলো কথাত মন নিদিব৷ মূল কথাৰ প্রতি সজাগ হোৱা ভাল৷ শৰীৰ ভালে নাযাব৷ নতুন আশাত উৎসাহিত হ’ব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

মকৰ : আজি আপুনি কিছু চিন্তাত পৰিব পাৰে৷ সন্তানৰ বাবে থকা চিন্তাৰ পৰা মুক্ত হ’ব৷ বিদ্যার্থীৰ বাবে কিছু চিন্তা থাকিব৷ দাম্পত্যত অসুস্থতা থাকিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৮।

কুম্ভ : আজি আপোনাৰ কর্মক্ষেত্রত জটিলতা কমিব৷ দূৰদর্শী চিন্তাৰ বাবে সমস্যা নাথাকিব৷ বন্ধুবর্গৰ ভালেই৷ দাম্পত্যত থকা উৎকণ্ঠা নিয়ন্ত্রণ হ’ব৷ মনলৈ দৃঢ়তা আনক৷ বিদ্যাত মধ্যম৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

মীন : আজি আপোনাৰ শৰীৰ বা মনত আঘাত পাব পাৰে৷ কিছু পূর্বৰ কথাৰ বাবে কষ্ট পাব পাৰে৷ দাম্পত্যত মধ্যম৷ হাতলৈ অহা ধন খৰচৰ ক্ষেত্রত সতর্ক হ’ব৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৩৷

You might also like