আইপিএলত দিল্লীৰ ধাৰাবাহিক জয়, পৰাস্ত মুম্বাই
দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছে ৬ উইকেটত পৰাস্ত কৰিছে। দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এই খেলত মুম্বাইয়ে প্ৰথমে বেটিং কৰি ১৬২ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উত্তৰত সমীৰ ৰিজভীৰ ৯০ ৰানৰ ধুমুহা ইনিংছৰ সহায়ত দিল্লীয়ে ১৯তম অভাৰত লক্ষ্য পূৰণ কৰে। এইটো IPL ২০২৬ত দিল্লীৰ ধাৰাবাহিক দ্বিতীয়টো জয়।
১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি দিল্লীৰ আৰম্ভণি ভাল নাছিল। ৰাহুলে মাত্ৰ ১ ৰান কৰি আউট হয় আৰু নীতিশ ৰাণাই কোনো ৰান নকৰাকৈ আউট হয়।
কিন্তু সমীৰ ৰিজভীয়ে একেবাৰে ভিন্ন মুডত খেলিছিল। তেওঁ ৩১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে আৰু তাৰ পিছত অধিক আক্ৰমণাত্মক হৈ উঠে। মুঠ ৫১টা বলত ৯০ ৰান কৰি ৭টা চাৰি আৰু ৭টা ছয় মাৰে। এতিয়া তেওঁ মাত্ৰ ২খন খেলতে ১৬০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগতে লক্ষ্ণৌৰ বিৰুদ্ধেও তেওঁ এক ধুমুহা অৰ্ধশতক কৰিছিল।
খেলত অসুস্থতাৰ বাবে নিয়মীয়া অধিনায়ক হাৰ্দিকে খেলিব পৰা নাছিল। তেওঁৰ ঠাইত সূৰ্যকুমাৰে অধিনায়কত্ব কৰি ৫১ ৰানৰ অৰ্ধশতক কৰে। আনহাতে ৰোহিতে ৩৫ ৰান যোগদান দিছিল, কিন্তু ৰিজভিৰ অসাধাৰণ ইনিংছৰ আগত সকলো ম্লান হৈ পৰে।
অক্ষৰৰ অধিনায়কত্বত দিল্লী কেপিটেলছে IPL ২০২৬ত দৰ্শনীয় আৰম্ভণি কৰিছে। প্ৰথমখন খেলত তেওঁলোকে লক্ষ্ণৌক ৬ উইকেটত পৰাস্ত কৰিছিল। এতিয়া মুম্বাই ইণ্ডিয়ান্সকো ৬ উইকেটত হৰুৱাই তেওঁলোকে এই ছিজনত ধাৰাবাহিক দ্বিতীয়টো জয় লাভ কৰিছে।
ডিজিটেল ডেস্ক, ৪ এপ্ৰিল