আজি ১৪ এপ্রিল, চ’ত মাহৰ ৩০ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : শতভিষা, যাত্রা : নাই
মেষ : আজি কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ অশুভ৷ পাৰিবাৰিক সমস্যা থাকিব৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
বৃষ : আজি কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত উৎসাহজনক দেখা নাযায়৷ ব্যৱসায়ত নিজে ভবা মতে ফল নাপাব৷ ভ্রমণত অশুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷
মিথুন : আজি আপোনাৰ কোনো মানুহৰ সৈতে মানসিক দণ্ডৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব, বিদ্যাত মধ্যম৷ ব্যৱসায়ত বাধা৷ প্রেমত শুভ৷ শুভ ৰং– সেউজীয়া৷ শুভ সংখ্যা ৯৷
কর্কট : আজি কামত উৎসাহ পাব৷ ঘৰুৱা দিশত সহানুভূতি থাকিব৷ দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই৷ অসম্পূর্ণ কামবোৰ আজি সম্পূর্ণ হ’ব৷ শুভ ৰংবগা, শুভ সংখ্যা ৭৷
সিংহ : আজি নতুন কাম–কাজৰ আৰম্ভণিত আহুকাল হ’ব৷ বন্বুূ–বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব৷ শৰীৰত দুর্বলতা থাকিব৷ বিদ্যাত মধ্যম৷ শত্রুৰ পৰা সতর্ক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
কন্যা : আজি সাৱধানেৰে কামত আগুৱাওক৷ শৰীৰ অশুভ, সন্তানৰ শুভ৷ পঢ়া–শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব৷ প্রেমত সাৱধান৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
তুলা : আজি শৰীৰত কিছু সমস্যা হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ ঘৰুৱা দিশত অশান্তি৷ সন্তানৰ শুভ৷ প্রেমত বুজাবুজি৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১৷
বৃশ্চিক : আজি কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব৷ ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
ধনু : আজি ব্যৱসায়ৰ ক্ষেত্রত নজৰ ৰাখিব৷ দাম্পত্যত শাৰীৰিক দুশ্চিন্তা আৰু কর্মক্ষেত্রত বাধা৷ বিদ্যাত শুভ৷ প্রেমত আনন্দ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪৷
মকৰ : আজি আর্থিক দিশত খৰচৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যাত পাৰিবাৰিক বাধা আহিব পাৰে৷ নিবনুৱাসকলৰ কর্মসংস্থাপনৰ যোগ৷ প্রেমত শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷
কুম্ভ : আজি অংশীদাৰী ব্যৱসায়ত উন্নতি৷ বন্বুূবর্গৰ পৰা দূৰত্ব বজাই ৰাখিব৷ বিদ্যাত সফলতা পাব৷ প্রেমত আৱেগ বৃদ্ধি৷ শুভ ৰং বেঙুনীয়া, শুভ ৰং ৯৷
মীন : আজি চাকৰিয়ালৰ কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ বন্বুূৰ পৰা সাৱধান৷ শৰীৰত আঘাত পাব পাৰে৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷