ডিজিটেল ডেস্ক, ১৪ এপ্রিল : ঋতুৰাজ বসন্তৰ আগমনত হৰিৎবসনা প্রকৃতিৰ লাস্যময়ী ৰূপ৷ ধৰাৰ বুকুত বলিছে ভৰপক যৌৱনৰ বলিয়া বা৷ সৃষ্টিৰ নৱ উন্মেষ৷ প্রথম বসন্তৰ বহু প্রত্যাশিত পশ্চিমী মৌচুমীৰ আগমনত ধূলি ধূসৰিত পৃথিৱীৰ বুকুত সংগোপনে বীজ অংকুৰিত হোৱাৰ সময়৷ নিজান ৰাতি দূৰৈৰ পৰা ভাহি অহা কুলি–কেতেকীৰ বিননিত উগুল–থুগুল মন৷ এই হেন প্রাণ প্রাচুর্যময় পৰিৱেশতে আকৌ আহিছে হেঁপাহৰ ব’হাগ৷ জাতিৰ আয়ুস ৰেখা–গণ জীৱনৰ সাহ ব’হাগ মানেই প্রাণৰ ৰঙালী বিহু৷ আজি চ’তৰ সংক্রান্তি– গৰু বিহু৷ প্রাণৰ ৰঙালীৰ উছাহত বিধৌত হৈ পৰিছে প্রতিজন অসমীয়া৷ এইবাৰ বিহুৰ প্রস্তুতিৰ সময়তে ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হৈ গৈছে৷ যোৱা ৯ এপ্রিলত ১২৬টা বিধানসভা সমষ্টিত ভোটগ্রহণ সম্পন্ন হয়৷ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা শাসক–বিৰোধী–নির্দল্ মুঠ ৭২২জন প্রার্থীৰ ভাগ্য ইতিমধ্যে বন্দী হৈছে ইভিএমত৷ সম্প্রতি জয়–পৰাজয়ৰ হিচাপ–নিকাচ চলিছে৷
এনে এক ৰাজনৈতিক পৰিৱেশৰ মাজতো কৃষিজীৱী অসমীয়াই বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ সকলোধৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ সর্বত্র এতিয়া ৰঙালীৰ ৰং৷ ৰঙালী বিহুৱে কঢ়িয়াই আনে জীয়াই থকাৰ ৰৌদ্রোজ্জ্বল পোহৰৰ বাটৰ সন্ধান৷ জীৱন জীয়াই থকাৰ আকূতি৷ বসন্তৰ সমুজ্জ্বল পোহৰত এই ব’হাগতে যৌৱন উতলা হয়৷ ঢ়োলৰ ছেৱত, পেঁপাৰ মাতে উন্মনা কৰি তোলে তাঁতৰ পাটত বহি গামোচাত চেনাইধনৰ বাবে আকাশী সৰগ ৰচা নাচনীৰ মন৷ বাৰে বাৰে সৰি পৰে তাঁতৰ মাকো৷ এই পুৰাতন পৃথিৱীত এদিন পুৰণিবোৰ নতুন হয়৷ প্রকৃতিৰ বুকুত ফুল ফুলে, নতুন কুঁহিপাতেৰে গছ হৈ পৰে সেউজীয়া৷ কাল পৰিক্রমাৰ নীতি অনুসৰিয়েই এইবাৰো প্রকৃতিৰ বুকুলৈ আহিছে ৰঙালী বিহু৷ ঠিক প্রত্যেক অসমীয়াই কামনা কৰাৰ দৰে– বিহুটি বছৰি আহিবা…৷ ইতিমধ্যে ঢ়োল–তাল, পেঁপা–গগনা, টকাৰ মাতত ৰজনজনাইছে দশোদিশ৷ ঢ়োলৰ ছেৱত নাচনীয়ে কঁকাল ভাঙি নাচিছে৷ বিহুৱা–বিহুৱতীয়ে একমুখে জুৰিছে বিহুনাম–বিহুগীতৰ সুৰীয়া সুৰ৷ আজি গৰু বিহুৰ দিনা গো–ধনক মাহ–হালধিৰে নোৱাই লাও–বেঙেনা–হালধি–থেকেৰাৰে প্রস্তুত কৰা ‘চতি খুৱাই, গা ধুৱাই, নতুন পঘা দিয়াৰ বাবে কৃষিজীৱী জনতাই প্রয়োজনীয় সকলো সামগ্রী যোগাৰ কৰিছে৷’ গৰুক গা ধুওৱাৰ সময়ত লোকাচাৰ–পৰম্পৰা অনুসৰি গোৱা হ’ব– ‘লাও খা, বেঙেনা খা/বছৰে বছৰে বাঢ়ি যা/মাৰ সৰু, বাপেৰ সৰু তই হ’বি বৰ গৰু৷’ গ্রাম্য জীৱনৰ সৈতে জড়িত গৰু বিহুৰ মাদকতা একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ গ্রাসত ক্রমাৎ টুটি আহিলেও ইয়াক পৰম্পৰাগতভাৱে পালন কৰাত ত্রুটি কৰা নাই কৃষক জনতাই৷ গৰু বিহুৰ পৰম্পৰা–আনুষ্ঠানিক অন্ত পৰাৰ পিছদিনাই অর্থাৎ পহিলা ব’হাগত অসমীয়াই পালন কৰিব মানুহ বিহু৷ অসমীয়া নৱবর্ষৰ আৰম্ভণিৰ দিনটোত পৰিয়ালৰ জ্যেষ্ঠ–কনিষ্ঠজন আত্মীয় আৰু চেনাইধনক বিহুৱান দিয়াটো প্রচলিত প্রথা৷ সম্প্রতি আধুনিকতাৰ কবলত নিজ হাতেবোৱা বিহুৱান দিয়া প্রথাত কিছু ব্যাঘাত জন্মিলেও বিকল্প হিচাপে ইয়াৰ বাবে বজাৰত ভুমুকি মাৰিছে অনেকে৷
পিছে এইক্ষেত্রত সুবিধাবাদী এটা চক্রই এইবাৰো মুনাফা অর্জনত উঠিপৰি লাগিছে৷ বহিঃৰাজ্যৰ পাৱাৰলুমত বোৱা আমদানিকৃত বিহুৱান বজাৰত উলিয়াই দি চক্রটোৱে কার্যতঃ অশনি সংকেত নমাই আনিছে অসমৰ চিৰপ্রবহমান পৰম্পৰালৈ৷ লক্ষণীয়ভাৱে ইতিমধ্যে অসমীয়া গামোচাই ভৌগোলিক সূচাংক (জিআই টেগ) লাভ কৰিছে৷ তৎসত্ত্বেও মুনাফালোভী চক্রটোৱে চকুত ধূলি দি নামি পৰিছে ন্যস্ত স্বার্থ পূৰণত৷ অৱশ্যে ইয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে অভিযান চলোৱা পৰিলক্ষিত হৈছে৷ তদুপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই থলুৱা ব্যৱসায়ীৰ সামগ্রী আৰু শিপিনীৰ হাতেবোৱা বিহুৱান ক্রয় কৰিবলৈ ৰাইজক আহ্বান জনায়৷
উল্লেখ্য যে ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা ব’হাগৰ ৬ তাৰিখলৈ মুঠ সাত দিন পালন কৰা হয়৷ প্রতিটো দিনকে সুকীয়াকৈ নামকৰণ কৰা হৈছে৷ গৰু বিহু আৰু মানুহ বিহুৰ পাছত বাকী পাঁচ দিনত অসমীয়াই পালন কৰে ক্রমে গোসাঁই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু৷ যাক সাত বিহুৰূপে জনা যায়৷ ৰঙালীক আদৰিবলৈ প্রতিজন অসমীয়া ব্যস্ত হৈ পৰিলেও এনে উৎসাহত যেন কিছু হ’লেও চেঁচাপানী ঢ়ালিছে বজাৰত দাম বৃদ্ধিৰ জুয়ে৷ বিশেষকৈ নিম্ন মধ্যবিত্ত পৰিয়ালৰ বিহুৰ আয়োজন চৰা দামে ম্লান কৰিছে৷ তাৰ মাজতে গুৱাহাটী মহানগৰীকে ধৰি উজনি–নামনিৰ বজাৰ ভৰি পৰিছে ফুলাম গামোচা, দৈ–ক্রীম, হুৰুং, চিৰা, দীঘলতি–মাখিয়তী আদি বিহুৰ খাদ্য সামগ্রী আৰু উপাদানেৰে৷ বজাৰত সামগ্রীৰ জুই–ছাই দাম অথবা প্রকৃতিৰ তাণ্ডৱলীলা একোৱেই যেন কাৰক হৈ থকা নাই পদূলিমুখৰ ৰঙালী বিহুটিক আদৰাত৷ প্রত্যেকৰে মন উন্মনা কৰি তুলিছে ৰঙালীৰ ৰঙে৷ বিনন্দীয়া ব’হাগত সকলোৰে মন থৌকি–বাথৌ বাপতিসাহোন ৰঙালীৰ উন্মাদনাত বিলীন হ’বলৈ৷