আজি ১৮ মে’, জেঠ মাহৰ ৩ তাৰিখ
সোমবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : উত্তৰ ভাদ্রপদ, যাত্রা : নাই
মেষ : আজি প্রিয় বন্বুূ–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে৷ দায়িত্বপূর্ণ কামৰ ক্ষেত্রত সচেতন হওক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷
বৃষ : আজি যান–বাহন চলোৱা লোকসকল সাৱধানে থাকক৷ বিবাহিত জীৱনত শুভ৷ উচ্চ শিক্ষাৰ বাবে সমস্যা হ’ব পাৰে৷ প্রেমত কষ্ট৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷
মিথুন : আজি সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে৷ গৃহ নির্মাণৰ ফলত বাধা৷ দেহৰ অশান্তি হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধান৷ বিদ্যাত শুভ৷ প্রেমত শুভ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷
কর্কট : আজি গৱেষণামূলক কামৰ প্রতিভাৰ বিকাশ৷ আশা কৰা কোনো যোগাযোগ বিফল হ’ব পাৰে৷ আর্থিক দিশত শুভ৷ বিদ্যাত সাফল্য লাভ৷ শুভ ৰংবগা, শুভ সংখ্যা ৮৷
সিংহ : আজি আর্থিক উন্নতিৰ কাৰণে যোগাযোগ সফল হ’ব পাৰে৷ পুৰণি অসুখ কষ্টদায়ক হ’ব পাৰে৷ আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধিৰ যোগ৷ প্রেমত শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
কন্যা : আজি স্বাস্থ্যৰ অসুবিধা হ’ব পাৰে৷ পঢ়া–শুনাৰ চেষ্টাৰ প্রতি গুৰুত্ব দিয়ক৷ পাৰিবাৰিক কোনো বিষয়ে চিন্তা বৃদ্ধি৷ প্রেমত বাধা৷ ব্যৱসায়ত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷
তুলা : আজি আর্থিক অসুবিধা কিছু পৰিমাণে লাঘৱ হোৱাৰ আশা৷ কোনো প্রভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব৷ কর্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
বৃশ্চিক : আজি কর্মক্ষেত্রত নিজৰ দায়িত্বৰ বিষয়ে সর্তক থাকিব৷ আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা৷ অত্যধিক পৰিশ্রম বর্জন কৰিব৷ শৰীৰৰ মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
ধনু : আজি যিকোনো কাম আৰম্ভ কৰাৰ আগত নিজে স্থিৰভাৱে চিন্তা কৰি লওক৷ পাৰিবাৰিক সিদ্ধান্ত গ্রহণৰ পূর্বে গুৰুজনৰ লগত আলোচনা হ’ব পাৰে৷ প্রেমত সাৱধান৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷
মকৰ : আজি যিমান পাৰে দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰাই ভাল হ’ব৷ ভ্রমণৰ দিশত বাধা৷ আনৰ কথাৰ ওপৰত নির্ভৰ নকৰিলে ভাল৷ দাম্পত্যত কষ্ট৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ২৷
কুম্ভ : আজি আয় বৃদ্ধিৰ ক্ষেত্রত বাধা দেখা যায়৷ কর্মক্ষেত্রত কিছু বাধা আহিব পাৰে৷ বিদ্যাত মধ্যম৷ ব্যৱসায় ক্ষেত্রত অশান্তি হ’ব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
মীন : আজি ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ বিদ্যার্থীসকলৰ বাবে শুভ৷ প্রেমত মতবিৰোধ৷ মাতৃৰ শৰীৰ শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷