নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ডিজিটেল যুগত অসমীয়া সাহিত্য

অসমীয়া সাহিত্য সম্প্রতি গুৰুত্বপূর্ণ সন্ধিক্ষণত থিয় দিছে৷ সহস্র বছৰৰ সমৃদ্ধ পৰম্পৰাৰ বিপৰীতে আহিল বিশ্বায়ন, প্রযুক্তি আৰু নতুন প্রজন্মৰ ৰুচিৰ প্রত্যাহ্বান৷ এই পৰিৱর্তনৰ সময়ত অসমীয়া সাহিত্যই নিজৰ শিপা ধৰি ৰাখিব পাৰিবনে?

ম’বাইল স্ক্রীনে কিতাপৰ স্থান লৈছে৷ ৰীল, শ্বর্টছৰ যুগত গভীৰ পঠনৰ অভ্যাস কমিছে৷ ইংৰাজী আৰু হিন্দী ভাষাৰ আধিপত্যৰ মাজত নতুন প্রজন্মই মাতৃভাষাত লিখা–পঢ়া কৰিবলৈ সংকোচ কৰে৷ প্রকাশন উদ্যোগো সংকটমুখী হৈছে৷

জীৱনৰ ৰূঢ় বাস্তৱৰ সলনি হোৱাটছএপ কবিতা আৰু ফেচবুক গল্পই ঠাই লৈছে৷ সঁচা কথাৰ সাহসেৰে সোৱাদ লগাকৈ কোৱাৰ পৰিৱর্তে লাইক পোৱাৰ প্রৱণতাই সাহিত্যক পাতল কৰিছে৷ আমি উভতি চালে দেখোঁ যে চর্যাপদৰ পৰা আৰম্ভ কৰি শংকৰদেৱ–মাধৱদে বৰগীত–অংকীয়া নাট, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰসৰচনা, জ্যোতিপ্রসাদৰ বিপ্লৱী গীত, বিষ্ণু ৰাভাৰ জনজাগৰণৰ কবিতা, বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ ‘মৃত্যুঞ্জয়’, ‘ইয়াৰুইংগম’ বা মামণি ৰয়ছম গোস্বামীৰ ‘মামৰে ধৰা তৰোৱাল’লৈকে অসমীয়া সাহিত্যই সমাজৰ দাপোণ হিচাপে কাম কৰি আহিছে৷

ই কেৱল মনোৰঞ্জন নহয়, ই আছিল জাতীয় চেতনাৰ বাহক৷ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্রকুমাৰ আগৰৱালা, হেমচন্দ্র গোস্বামীৰ দৰে জোনাকী যুগৰ সাহিত্যিকসকলে অসমীয়া ভাষা আৰু জাতীয় চেতনাক জাগ্রত কৰিছিল৷

আজিৰ লেখকসকলেও বিভিন্ন জনগোষ্ঠীৰ জীৱন, পৰিৱেশ, পৰিৱর্তনশীল ৰাজনীতি আৰু সাংস্কৃতিক সংঘাতক সাহিত্যৰ মাধ্যমেৰে তুলি ধৰিছে৷ কিন্তু যুৱপ্রজন্মৰ মাজত অসমীয়া সাহিত্যৰ প্রতি আগ্রহ হ্রাস হোৱাটো চিন্তনীয়৷ ডিজিটেল মাধ্যম, ইংৰাজী আৰু হিন্দীৰ প্রভাৱ, দ্রুতগতিৰ জীৱনশৈলীয়ে পাঠকক সৰু সৰু ফর্মেটৰ কনটেণ্টৰ ফালে আকর্ষিত কৰিছে৷ বহু পৰম্পৰাগত প্রকাশনৰ বিক্রী হ্রাস পাইছে আৰু নতুন লেখকসকলৰ বাবে প্রকাশৰ সুযোগ সীমিত হৈ পৰিছে৷

তথাপি নিৰাশ হোৱাৰ কাৰণ নাই৷ নতুন লেখকসকলে ডিজিটেল মাধ্যমক সাৰথি কৰি লৈছে৷ ব্লগ, ইউটিউবত কবিতা পাঠ, কিণ্ডলত ই–বুক, অডি’ বুকবোৰে অসমীয়া সাহিত্যক নতুন পাঠকৰ ওচৰলৈ নিছে৷ অনুবাদ সাহিত্যৰ জৰিয়তে অসমীয়া গল্প জগত সভালৈ গৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ ইংৰাজী ভাষাত সাহিত্য চর্চা কৰাসকলে অসমৰ কাহিনী বিশ্ববাসীক কৈছে৷

ই–আলোচনী, ছ’চিয়েল মিডিয়া গোট, ডিজিটেল আর্কাইভ আৰু অনুবাদৰ জৰিয়তে অসমীয়া সাহিত্যৰ ব্যাপক প্রসাৰ ঘটিছে৷ নবীন লেখক–লেখিকাই অসমীয়া সাহিত্যক জাতীয় আৰু আন্তঃৰাষ্ট্রীয় মঞ্চত তুলি ধৰিছে৷ অসম সাহিত্য সভাই ডিজিটাইজেচন আৰু যুৱ লেখকক উৎসাহিত কৰাৰ প্রয়াস কৰিছে৷

প্রথমতে, শিক্ষা ব্যৱস্থাত অসমীয়া সাহিত্যক অধিক গুৰুত্ব দিব লাগিব৷ বিদ্যালয় আৰু মহাবিদ্যালয়ত কেৱল পাঠ্যপুথি নহয়, সমকালীন সাহিত্য আলোচনাৰ ব্যৱস্থা কৰিব লাগিব৷

দ্বিতীয়তে, প্রকাশকসকলে নতুন লেখকক সুযোগ দিয়াৰ লগতে ডিজিটেল প্লেটফর্ম ব্যৱহাৰ কৰি পাঠকৰ ওচৰলৈ যাব লাগিব৷

তৃতীয়তে, আমি সকলোৱে (লেখক, পাঠক, সমালোচক আৰু সাধাৰণ নাগৰিক) অসমীয়া ভাষা–সাহিত্যক জীয়াই ৰাখিবলৈ দায়িত্বশীল হ’ব লাগিব৷

অসমীয়া সাহিত্য কেৱল অতীতৰ গৌৰৱ নহয়, ই ভৱিষ্যতৰ দিশ–নির্দেশক৷ যদি আমি ইয়াক সঠিকভাৱে লালন–পালন কৰোঁ, তেন্তে ইয়াৰ জৰিয়তে অসমৰ বৈচিত্র্যময় সংস্কৃতি, ভাষা আৰু চেতনা চিৰকাল জীয়াই থাকিব৷ ক্ষণস্থায়ী মনোৰঞ্জনৰ ধামখুমীয়াত বৃহৎসংখ্যক লেখক–পঢ়ুৱৈ জীৱনমুখী সাহিত্য চর্চাৰ পৰা আঁতৰি গৈছে৷

ইয়াৰ ফলত ভাষা, চিন্তাশক্তি আৰু সৃজনশীলতাৰ ওপৰতো প্রভাৱ পৰাৰ আশংকা বিদ্যমান৷ এই পৰিস্থিতিত সাহিত্যচর্চাক পুনৰুজ্জীৱিত কৰিবলৈ বিদ্যালয়, মহাবিদ্যালয়, সাহিত্য সংগঠন, সাহিত্যপ্রেমী আৰু শিক্ষাসদীসকলে একেলগে আগবাঢ়ি আহিব লাগিব৷ নদীয়ে যেনেকৈ নতুন পানী বোৱাই নিজকে চিৰ যৌৱনা কৰি ৰাখে, সাহিত্যয়ো নতুন চিন্তা, নতুন প্রযুক্তি, নতুন প্রজন্মক আঁকোৱালি লৈহে জীয়াই থাকিব৷

অসমীয়া সাহিত্যৰ দায়িত্ব কেৱল সাহিত্যিকৰেই নহয়, এই দায়িত্ব প্রত্যেক অসমীয়া পঢ়ুৱৈ, অভিভাৱক, শিক্ষক, নীতি–নির্ধাৰকৰো৷ কাৰণ যি জাতিয়ে কিতাপ নপঢ়ে, সেই জাতিৰ অস্তিত্ব নাই যি জাতিৰ সাহিত্য নাই, সেই জাতিৰ ভৱিষ্যৎ নাই যি জাতিয়ে সাহিত্যক পাহৰে, সেই জাতিয়ে নিজৰ আত্মাক হেৰুৱায়৷

You might also like