আজি ২০ জুলাই, শাওণ মাহৰ ৩ তাৰিখ
সোমবাৰ : তিথি–ষষ্ঠী, নক্ষত্র : হস্তা, যাত্রা : নাই
মেষ : আজি কোনো পদযাত্রাত অংশগ্রহণ নকৰিব৷ পৰিয়ালৰ লগত সময় কটাব পাৰিব৷ বহুদিন পেলাই থোৱা কোনো সৰু কাম সম্পূর্ণ হ’ব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
বৃষ : আজি কোনো সৰু পৰিৱর্তনে মনত আনন্দ দিব৷ ব্যৱসায়ত উন্নতি হ’ব৷ জুইৰ পৰা সাৱধানে থাকিব৷ নিজৰ পছন্দৰ কামত অলপ সময় দিয়ক৷ শুভ ৰং সোণালী, শুভ সংখ্যা ২৷
মিথুন : আজি কোনো সৃষ্টিশীল চিন্তাই ভৱিষ্যতে লাভজনক ৰূপ ল’ব পাৰে৷ বন্বুূ–বান্ধৱৰ সহায় লাভ কৰিব৷ প্রেমত মধ্যম৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
কর্কট : আজি ব্যয় বৃদ্ধি পাব৷ শৰীৰৰ ক্ষেত্রত অশুভ৷ কর্মত জটিলতা থাকিব৷ যিকোনো কাম কৰাৰ আগতে চিন্তা কৰিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৯৷
সিংহ : আজি মনৰ অস্থিৰতা থাকিব৷ দূৰদর্শীসকলৰ উন্নতি হ’ব৷ আনক প্রলোভিত কৰিবলৈ চেষ্টা নকৰিব৷ শিক্ষার্থীসকলৰ শুভ৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
কন্যা : আজি নতুন অভিজ্ঞতাই আত্মবিশ্বাস বৃদ্ধি কৰিব৷ প্রেমত সমস্যা থাকিব৷ বিদ্যার্থীসকলৰ শুভ৷ আয় বৃদ্ধিৰ যোগ৷ শুভ ৰং সেডজীয়া, শুভ সংখ্যা ৩৷
তুলা : আজি আনৰ প্রশংসা পাব৷ কাহ–জ্বৰ হ’ব পাৰে৷ কোনো সৰু উপহাৰ বা মৰমৰ কথাই আপোনাৰ দিনটো বিশেষ কৰি তুলিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
বৃশ্চিক : আজি খৰচৰ মাত্রাবৃদ্ধি পাব৷ যাকে–তাকে বিশ্বাস নকৰিব৷ শৰীৰৰ চর্চা কৰাসকলে সুফল পাব৷ বিদেশ ভ্রমণৰ যোগ দেখা যায়৷ প্রেমত শুভ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৮৷
ধনু : আজি ভ্রমণৰ সম্ভাৱনা আছে৷ শিক্ষা আৰু জ্ঞান লাভৰ ক্ষেত্রত শুভ৷ কাৰো সৈতে তর্ক নকৰিব৷ কর্মত আনৰ সহযোগ পাব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷
মকৰ : আজি ৰক্তচাপ বৃদ্ধি পাব পাৰে৷ কোনো লোকে মানহানি কৰিব পাৰে৷ পৰিয়ালৰ সহায়–সহযোগ লাভ কৰিব৷ কর্মক্ষেত্রত উন্নতিৰ যোগ দেখা যায়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷
কুম্ভ : আজি দাম্পত্য আৰু প্রেমৰ ক্ষেত্রত মধুৰতা বৃদ্ধি পাব৷ বন্বুূ–বান্ধৱৰ লগত আনন্দৰ সময় কটাব৷ কোনো সমস্যাৰ সমাধান হ’ব৷ বিবাহৰ প্রস্তাৱ আহিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
মীন : আজি আধ্যাত্মিক কাম–কাজত মনোযোগবৃদ্ধি পাব৷ মানসিক শান্তি অনুভৱ কৰিব৷ সৎ সাহস বৃদ্ধি পাব৷ বিদ্যার্থীসকলৰ শুভ৷ দাম্পত্যত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷