নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰমতীত অৰুণাচলী সুৰাসহ এজনক আটক

অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে হাৰমতী আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ কাকো কেৰেপ নকৰে অবৈধ সুৰা ব্যৱসায়ীয়ে। আনকি আৰক্ষী, আবকাৰীৰ চোকা নজৰৰ মাজতে অবৈধ ব্যৱসায়ীসকলে অবাধে চলাই আছে মদৰ ব্যৱসায়।

শনিবাৰে নিশা লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম চেতিয়াৰ নেতৃত্বত যোৱা টহলদাৰী আৰক্ষীয়ে বান্দৰদেৱাৰ পৰা এখন নম্বৰ প্লেটবিহীন টেম্পোত গোপন খবৰৰ ভিত্তিত হাৰমতীত তালাচী চলাই প্ৰায় ২৮ হাজাৰ টকাৰ মূল্যৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে টেম্পো চালকজনক আটক কৰি আবকাৰীক গতাই দিয়ে।

উল্লেখ্য যে হাৰমতী বজাৰৰ কাষে কাষে গঢ় লৈ উঠা অবৈধ মদ ব্যৱসায় চলাই থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহ উচ্ছেদ নোহোৱা পৰ্যন্ত কোনোদিনেই শেষ কৰিব নোৱাৰে এই সুলভ ব্যৱসায়। মন কৰিবলগীয়া যে হাৰমতীত আবকাৰীৰ এটা কাৰ্যালয় থকাৰ পিছতো অবৈধ সুৰাৰ ব্যৱসায় কেনেকৈ চলি আছে, সেইটোহে মন কৰিবলগীয়া ৷

নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ১৯ জুলাই :
You might also like