আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ১৬ ছেপ্টেম্বৰ, ভাদ মাহৰ ৩০ তাৰিখ
মঙলবাৰঃ তিথি–কৃষ্ণা দশমী, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ নাই
মেষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷
বৃষঃ শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷
মিথুনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷
কর্কটঃ শুভ ৰং বগা, সংখ্যা ৮৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ– অগৰু–চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷
সিংহঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাব পাব পাৰে৷ ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷
কন্যাঃ শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷
তুলাঃ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ আনৰ কথা শুনি কোনো কাম নকৰিব৷ প্রতিকাৰ– পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাব৷
বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ প্রতিকাৰ– পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷
ধনুঃ শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব৷
মকৰঃ শুভ ৰং হালধীয়া, সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ প্রতিকাৰ– তুলসী গছৰ গুৰিত পানী ঢ়ালি ধূপ–চাকি জ্বলাব৷
কুম্ভঃ শুভ ৰং নীলা, সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ প্রতিকাৰ– তিনিটা ৰঙা জবা ফুল লৈ শিৱৰ লিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷
মীনঃ শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱৰ ধ্যান কৰিব৷