সম্পাদকীয় : জেন জেডৰ বিদ্রোহ
সামাজিক ন্যায় প্রতিষ্ঠান আৰু যুৱপ্রজন্মৰ প্রত্যাশা পূৰণ অবিহনে ক্ষমতা দখলৰ যুঁজখন কিমান ভয়াৱহ হ’ব পাৰে সেয়া পুনৰ প্রমাণ হ’ল নেপালত৷ নেপালৰ শেহতীয়া হিংসাত্মক বিদ্রোহৰ বাবে জেন জেডক জগৰীয়া কৰা হৈছে৷ ১৯৯৭ৰ পৰা ২০১২ৰ ভিতৰত জন্মগ্রহণ কৰা ছাত্র–যুৱপ্রজন্মক জেন জেড প্রজন্মৰূপে অভিহিত কৰা হৈছে৷
নেপাল এখন সৰু দেশ৷ জনসংখ্যাৰ জোখাৰে অসমতকৈ কমসংখ্যক লোক বাস কৰে৷ সাধাৰণতে শান্তিপূর্ণ দেশৰূপে পৰিচিত নেপালত কিয় যুৱপ্রজন্মই হিংসাত্মক বিদ্রোহ সংঘটিত কৰি চুবুৰীয়া দেশখনৰ চৰকাৰখনৰ পতান ঘটালে তাক লৈ বিভিন্ন চর্চা চলিছে৷
দীর্ঘকাল ৰাষ্ট্রতন্ত্রৰ অধীনত চলা নেপালত ২০০৮ চনৰ পৰাহে গণতান্ত্রিক ব্যৱস্থা প্রৱর্তন হৈছে৷ কিন্তু বিগত ১৭ বছৰত নেপালত কোনো এখন গণতান্ত্রিক চৰকাৰে নির্ধাৰিত কার্যকাল সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা নাই৷ এই সময়ছোৱাত ১২বাৰ চৰকাৰ তথা নেতৃত্ব সলনিৰে গণতান্ত্রিক শাসন ব্যৱস্থাৰ অস্থিৰতা বাৰম্বাৰ প্রতিফলন হৈছে৷
নেপালত ছাত্র–যুৱপ্রজন্মৰ হিংসাত্মক বিদ্রোহৰ অন্তৰালত আছে চুবুৰীয়া দেশখনৰ অর্থনৈতিক অনগ্রসৰতাৰ লগতে চৰকাৰী পর্যায়ত চলি থকা সীমাহীন দুর্নীতি৷ প্রায় ৩ কোটি জনসংখ্যাৰ দেশখনত ৩০ শতাংশই নিবনুৱা তথা কর্মসংস্থাপনহীন লোক৷ নেপালক এখন সমৃদ্ধিশালী দেশৰূপে প্রতিষ্ঠা কৰিবলৈ ক্ষমতাত থকা নেতাসকলে বিগত সময়ছোৱাত ইতিবাচক ভূমিকা গ্রহণ কৰাৰ বিপৰীতে বক্রপথেৰে আহৰণ কৰা অগাধ সম্পত্তিৰে জনৰোষত পৰিছে৷
নেপালৰ সামগ্রিক উন্নয়ন আৰু যুৱপ্রজন্মৰ নিশ্চিত নিযোগৰ ব্যৱস্থাৰ দাবীত জেন জেড প্রজন্মই বিগত কিছু বছৰৰ পৰা সামাজিক মাধ্যমত এক আন্দোলন আৰম্ভ কৰিছিল৷ এই আন্দোলনত চৰকাৰবিৰোধী শক্তিয়েও সহযোগ কৰে৷ কিন্তু ছাত্র–যুৱপ্রজন্মৰ এনে প্রতিবাদক বিশেষ গুৰুত্ব প্রদান কৰা নাছিল নেপালৰ প্রধানমন্ত্রী কে পি শর্মাই৷ জেন জেডৰ এনে সংগ্রামক প্রতিহত কৰাৰ বাবে নেপালত সামাজিক মাধ্যম সম্পূর্ণৰূপে বন্ধ কৰা হৈছিল৷
চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৬ ছেপ্ঢেম্বৰৰ পৰাই ছাত্র–যুৱ সমাজ ৰাজপথলৈ ওলাই আহিছিল৷ কিন্তু এনে প্রতিবাদক কাণষাৰ নিদিয়াৰ ফলত ছাত্র–যুৱ সমাজৰ প্রতিবাদে নেপালৰ ৰাজধানী কাঠমাণ্ডুত ৮ ছেপ্ঢেম্বৰত হিংসাত্মক ৰূপ ধাৰণ কৰে৷ জেন জেডৰ বিদ্রোহৰ অগনি ইমানেই ভয়াৱহ আছিল যে চুবুৰীয়া দেশখনৰ ৰাষ্ট্রপতিয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়৷
প্রধানমন্ত্রী কে পি শর্মাই পদত্যাগ কৰি দেশ ত্যাগ কৰে৷ ফলত এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰে নেপালত৷ উত্তেজিত প্রতিবাদকাৰীয়ে কেইবাজনো মন্ত্রীক আক্রমণ কৰাৰ উপৰি এগৰাকী প্রাক্তন প্রধানমন্ত্রীৰ পত্নীকো জ্বলাই দিয়াৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে৷ কাঠমাণ্ডুত ৰাষ্ট্রপতি, প্রধানমন্ত্রী, মন্ত্রীসকলৰ বাসভৱন ভস্মীভূত কৰাই নহয়, সচিবালয়কে ধৰি চৰকাৰী কার্যালয়সমূহ ভস্মীভূত কৰা হৈছে৷ অভিজাত হোটেলসমূহো জ্বলাই দিয়া হৈছে৷
জেন জেডৰ হিংসাত্মক বিদ্রোহৰ ফলত নেপালত সৃষ্টি হোৱা অস্থিৰতা আৰু বিস্তৰ ক্ষতি সহজে পূৰণ কৰাটো সম্ভৱ নহ’ব৷ ২০১৫ চনৰ বিধ্বংসী ভূমিকম্প আৰু ক’ভিড মহামাৰীয়ে বিধ্বস্ত কৰা নেপালৰ অর্থনীতিয়ে এতিয়াও মূৰ দাঙি উঠিব পৰা নাই৷
যোৱা ৫ দিন ধৰি নেপালত বিশেষ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই৷ নেপালৰ প্রথম মহিলা বিচাৰপতি সুশীলা কার্কীয়ে অন্তর্ৱর্তীকালীন চৰকাৰৰ মুৰব্বীৰূপে কার্যভাৰ গ্রহণ কৰাৰ পিছত জেন জেডৰ বিদ্রোহ কিছু পৰিমাণে শাম কাটিছে৷
আন্দোলনকাৰী ছাত্র–যুৱ সমাজে এতিয়া ৰাজপথৰ আৱর্জনা পৰিষ্কাৰ অভিযানত নামিছে৷ কিন্তু নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথ পৰিষ্কাৰ কৰিলেও জেন জেডৰ বুকুত জ্বলি থকা বিদ্রোহৰ অগনি শীঘ্রে নির্বাপন হ’ব বুলি আশা কৰিব নোৱাৰি৷ বিগত ৪ বছৰৰ ভিতৰত ভাৰতৰ চুবুৰীয়া ৩খন দেশত যুৱ–ছাত্রই হিংসাত্মক বিদ্রোহৰ বাবে চৰকাৰ পতন হৈছে বুলি ২০২২ চনত শ্রীলংকা, ২০২৪ত বাংলাদেশ আৰু শেহতীয়াকৈ নেপালৰ বিদ্রোহৰ নেতৃত্ব লৈছিল ছাত্র–যুৱ সমাজে৷ দক্ষিণ এছিয়াৰ দেশসমূহক অস্থিৰ কৰাৰ বাবে বহিঃশক্তি প্রৰোচনা অথবা পৃষ্ঠপোষকতাৰ অভিযোগো
শেহতীয়াকৈ উত্থাপন হৈছে৷ তৎসত্ত্বেও নেপালৰ জেন জেডৰ বিদ্রোহে কেইবাটাও গুৰুত্বপূর্ণ বার্তা বহন কৰিছে৷ বিশেষকৈ দেশ এখনৰ ভৱিষ্যৎ ছাত্র–যুৱ সমাজক প্রত্যাশা আৰু আৱেগক শাসক পক্ষই গুৰুত্ব দিবই লাগিব৷ বর্তমান যুৱপ্রজন্ম অধিক শক্তিৱান আৰু নিজৰ অধিকাৰক লৈ সচেতন৷ মাথোঁ ক্ষমতা দখলৰ ৰাজনীতিৰে যুৱপ্রজন্মক আকৃষ্ট কৰাটো সম্ভৱ নহয়৷ চৰকাৰী পর্যায়ত চলি থকা দুর্নীতিৰ মহামাৰী আৰু কর্মসংস্থাপনৰ বাট যোগ্যজনৰ বাবে মুকলি নহ’লে এনে ক্ষোভ–সন্তুষ্টি নির্বাপন কৰাটো সম্ভৱ নহয়৷ নেপালৰ জেন জেডৰ বিদ্রোহৰ পিছত ভাৰতবর্ষতো এনে হিংসাত্মক বিদ্রোহ সংঘটিত হ’ব বুলি আশা পালি আছে একাংশ বিৰোধী দলৰ নেতাই৷
চৰকাৰবিৰোধী এই শক্তিটোৱে এনে বিদ্রোহক সামাজিক মাধ্যমত ন্যায্যতা প্রদান কৰাও পৰিলক্ষিত হৈছে৷ কিন্তু নেপালৰ জেন জেডৰ বিদ্রোহত চুবুৰীয়া দেশখনৰ বিৰোধী নেতাসকলো সাৰি যোৱা নাই৷ দুর্নীতিত অভিযুক্ত কেইবাজনো নেতাক আক্রমণ কৰাৰ লগতে তেওঁলোকৰ বাসভৱন ভস্মীভূত কৰা হৈছে৷ বিৰোধী নেতৃত্বই এই কথা ভালদৰে উপলব্ধি কৰা উচিত যে বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র ভাৰতত এনে বিদ্রোহ সংঘটিত হোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই৷
বিশ্বৰ পঞ্চম অর্থনীতিৰ দেশৰূপে প্রতিষ্ঠিত ভাৰতে আজি আমেৰিকাৰ দৰে দেশৰ ৫০ শতাংশ শুল্কযুদ্ধৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছে৷ আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত চলা অভিযানে নির্ণায়ক পর্যায়ত উপবিষ্ট হৈছে৷ এনে পৰিস্থিতিত জেন জেডৰ বিদ্রোহক উচটনি দিয়াৰ অর্থই হ’ল দেশক ক্ষতি কৰা৷ কিয়নো এনে হিংসাত্মক বিদ্রোহৰ জৰিয়তে গণতান্ত্রিক চৰকাৰ এখন ভংগ কৰা আৰু ৰাজহ সম্পত্তি ক্ষতি কৰিলেই মূল সমস্যাৰ কেতিয়াও সমাধান নহয়৷