বশিষ্ঠ আৰক্ষীৰ জালত তিনি কুখ্যাত চোৰ, মাষ্টাৰমাইণ্ড আকাশকো গ্ৰেপ্তাৰ
পুনৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে তিনি কুখ্যাত চোৰ। গ্ৰেপ্তাৰ হাতীগাঁওৰ কুখ্যাত চোৰ আকাশ সৰকাৰ, লখৰাৰ সঞ্জয় বাচক আৰু ৰতন হালৈ। ১৫ দিন পূৰ্বে বনগাঁৱৰ এটা বাসগৃহৰ পৰা লুটি নিছিল সোণৰ গহনাসহ অন্যান্য সামগ্ৰী। চুৰিকাৰ্যৰ মূল মাষ্টাৰমাইণ্ড আছিল আকাশ সৰকাৰ। যোৱানিশা আকাশ চৰকাৰক গ্ৰেপ্তাৰ কৰি অভিযান চলাইছিল বশিষ্ঠ আৰক্ষীয়ে।
অভিযানত গ্ৰেপ্তাৰ হৈছে আন দুটা অভিযুক্ত কুখ্যাত চোৰ সঞ্জয় বাচক আৰু ৰতন হালৈ। ধৃত আকাশ সৰকাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত চলিছিল এই অভিযান। কুখ্যাত চোৰ সঞ্জয় বাচক আৰু ৰতন হালৈয়ে নটৰাজ জুৱেলাৰ নামৰ প্রতিষ্ঠানখনত বিক্ৰী কৰিছিল চুৰি গহনাখিনি।
ধৃত চোৰকেইটাৰ পৰা বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিছে সোণৰ আঙঠি, সোণৰ চেইন, গলোৱা সোণ, ৬টা জন্তুৰ দাঁত, ৬৬৩.৩২ গ্ৰাম ৰূপ, ৰূপৰ আঙঠি, দুটা মবাইল ফোন আৰু অন্যান্য সোণৰ সামগ্ৰী।
বৰ্তমান তিনিও অভিযুক্তক জেৰা চলাই পুনৰ অব্যাহত ৰাখিছে তদন্ত প্রক্রিয়া। উল্লেখযোগ্য যে ধৃত আকাশ সৰকাৰে মহানগৰীৰ বিভিন্ন স্থানত চুৰিকাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। ইফালে সঞ্জয় বাচক আৰু ৰতন হালৈয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰি হোৱা সামগ্রী ক্ৰয় কৰি আহিছিল।
Niyomiya Barta Desk, 26 August