ফাগুন মানেই যেন ৰঙা ৰঙা শিমলু ফুলবোৰ ফুলাৰ সময় ৷ এই ৰঙা শিমলু ফুলে হৃদয়ৰ ৰক্তাক্ততা বিৰিঙায় ৷ উথলি উঠে মন-প্ৰাণ। পলাশ-মদাৰৰ তেজৰঙী আভাই চৌদিশে এক নৱ চেতনাৰ উন্মেষ ঘটাইছে। গছৰ ডালে ডালে ন-কুঁহিপাতৰ সেউজীয়া পৃথিৱীয়ে বুকুৰ মাজলৈ বাসন্তীৰ মৃদু অনুভৱ কঢ়িয়াই অনাৰ লগে লগে ৰাজ্যৰ অন্যতম মিচিং সমাজৰ অতি হেঁপাহৰ আলি-আয়ে-লৃগাং উৎসৱৰ উখল-মাখল পৰিৱেশ বৃদ্ধি পাইছে। ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন হোৱা কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাংৰ মাদকতা বৃদ্ধি পোৱাৰ লগে লগে ভাৱনাত যঁতৰৰ সূতাও চাগে ঘনে ঘনে ছিগিছে সুন্দৰী গাভৰুৰ তাঁতৰ শালত। মিচিং গাভৰুৰ সোণসেৰীয়া হাতৰ পৰশত ইতিমধ্যে ভিন্নৰঙী এৰকক, ৰিঃবি গাছেং, গাৰে, মিবু গালোক, মিচিং গালোক, দুমপুন, লাকপুনৰ সমান্তৰালভাৱে আটকধুনীয়া মুৰংঘৰ নিৰ্মাণ আদিও ন-ৰূপত প্ৰাণ পাই উঠিছে। বাজি উঠিছে চৌদিশে ঢোলৰ গুমগুমনি। ঐনিতমৰ সুৰ আৰু গুমৰাগৰ প্ৰীতিভৰা নৃত্যৰে উখল-মাখল হৈ পৰিছে মিচিং জনগোষ্ঠীয় অঞ্চল। তেনে এক সুমধুৰ ক্ষণৰ সাক্ষী হ’ব ফাগুনৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ ৷
কাইলৈ পুৱা আলি-আয়ে-লৃগাংৰ জৰিয়তে মিচিং জনগোষ্ঠীয় লোকসকলে আনুষ্ঠানিক বীজ সিঁচাৰ পৰ্ব আৰম্ভ কৰিব। পৰিয়াল অথবা গাঁৱৰ মুৰব্বীগৰাকীয়ে দঞি পঃলক তথা পূৰ্বপুৰুষসকলক স্মৰণ কৰি সামাজিক ৰীতি-নীতিৰে ধৰ্মীয় বিশ্বাস তথা পৰম্পৰাগতভাৱে এক নিৰ্দিষ্ট ঠাই এডোখৰত মাটি চহাই লোৱাৰ পিছত পঃৰ আপং, তৰাপাতত সিজোৱা টোপোলা পুৰাং, আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ, কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদিৰে মাংগলিক কাৰ্য সম্পাদন কৰা হয়। মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ গানেৰে সন্তুষ্ট নকৰিলে বৰষুণ নহ’ব, শস্য উৎপাদন নহ’ব। এনে পৰিপ্ৰেক্ষিততে গুমৰাগ নৃত্য-ঐনিতমৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে। অসমৰ আদিমতম এই কৃষিভিত্তিক উৎসৱ হিচাপে পৰিগণিত আলি-আয়ে-লৃগাং উলহ-মালহেৰে উদযাপন কৰাৰ বাবে মাজুলীৰ শতাধিক গাঁও তথা ৰাজহুৱা স্থানত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মাজুলীৰ লাচন, চিকাৰি, লখিমী বৰপমুৱা, জেংৰাই চাপৰি, কুমাৰবাৰী, নামনি চেৰপাই, কাৰ্কিচুক, হাতীমূৰীয়া মিচিং, উজনি জকাইবোৱা, শালমৰী, ৰতনপুৰ মিৰি, কুলামুৱা চাপৰি, বৰগঞা আদি বিভিন্ন গাঁৱত গুমৰাগ নৃত্যৰ আখৰা চলি থকা পৰিলক্ষিত হৈছে ।