তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশত BNP চৰকাৰ, দেশৰ ১১সংখ্যক প্ৰধানমন্ত্ৰী হিচালে শপত গ্ৰহণ
মঙলবাৰে বাংলাদেশে নতুন প্ৰধানমন্ত্ৰী হিচাপে পালে তাৰিক ৰহমানক। বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ সভাপতি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী খালিদা জিয়াৰ পুত্ৰ হিচাপে তেওঁ দেশৰ নেতৃত্ব গ্ৰহণ কৰিলে। তাৰিক ৰহমান দেশৰ ১১তম প্ৰধানমন্ত্ৰী। সাম্প্ৰতিক নিৰ্বাচনত বৃহৎ সংখ্যাৰে বিজয় লাভ কৰিছে বিএনপিয়ে।
শপত গ্ৰহণ অনুষ্ঠান ঢাকাত সংসদ ভৱনৰ দক্ষিণ প্লাজাত সন্ধিয়া ৪ বজাত অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰপতি মোহাম্মদ চাহাবুদ্দিনে তেওঁক শপত গ্ৰহণ কৰোৱায়। তাৰিকৰ সৈতে নতুন চৰকাৰৰ মন্ত্ৰীসভাকো শপত গ্ৰহণ কৰোৱা হৈছিল।
শপত গ্ৰহণ অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিক নিমন্ত্ৰণ জনোৱা হয়। ভাৰতৰ পৰা লোকসভা অধ্যক্ষ ওম বিৰলা আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰী ঢাকাত উপস্থিত হৈছিল। লগতে মালয়েচিয়াৰ প্ৰধানমন্ত্ৰী, পাকিস্তান, মালদ্বীপ, তুৰ্কী আৰু শ্রীলঙ্কাৰ প্ৰতিনিধিয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। চীন, ছৌদি আৰব, ইউএই আৰু ব্ৰুনেইকো নিমন্ত্ৰণ পঠোৱা হৈছিল।
উল্লেখ্য যে সাম্প্ৰতিক নিৰ্বাচনত BNPয়ে ২৯৭ আসনৰ মাজত ২০৯ আসন লাভ কৰিছিল। জমাত-এ-ইছলামী ৬৮ আসনত সীমাবদ্ধ হৈ ৰ’ল। এই নিৰ্বাচনত শেখ হাছিনাৰ আৱামী লীগক অংশগ্ৰহণৰ অনুমতি দিয়া হোৱা নাছিল।