ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : মাথোঁ দহ মাহৰ বাবে আহি মানৱতাৰ বাণী বিলাই গ’ল এটি কণমানিয়ে। কেৰালাত এক আৱেগিক পৰিৱেশত শেষ বিদায় জনোৱা হ’ল ১০ মহীয়া শিশু এলিন শ্বেৰিন আব্ৰাহামক, যি ৰাজ্যখনৰ সৰ্বকনিষ্ঠ অংগদাতা। দেওবাৰে বিপুল জনসমাগমৰ মাজত ৰাজ্যিক সন্মানেৰে শেষ বিদায় জনোৱা হয় কণমানিগৰাকীক।
শুকুৰবাৰে চিকিৎসকে শিশুটিক ব্ৰেইন ডেড ঘোষণা কৰাৰ পিছতো কণমানি এলিনে পাঁচজনক নতুন জীৱন দান কৰে। কণমানিগৰাকীৰ লিভাৰ, দুয়োটা কিডনী, হাৰ্ট ভালভ আৰু চকু দুটি দান কৰা হয়। এলিন আছিল পথনমথিত্তা জিলাৰ মল্লপল্লি নিৱাসী অৰুণ আব্ৰাহাম আৰু শ্বেৰিন এন জনৰ কন্যা।
উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত কেৰালাৰ কোট্টায়ামৰ ওচৰৰ পল্লমত এমচি ৰোডত মাতৃ আৰু ককাক-আইতাকৰ সৈতে যাত্ৰা কৰাৰ সময়ত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত পায় কণমানি এলিনে। কেইবাদিনীয়া চিকিৎসাৰ পিছত চিকিৎসকসকলে দহমহীয়া শিশুটিৰ ব্ৰেইন ডেড নিশ্চিত কৰে। শিশুটিৰ মৃত্যুৰ পিছত অসাধাৰণ সাহসৰ পৰিচয় দি শোকাহত পিতৃ-মাতৃয়ে নিজ কন্যাৰ অংগদানৰ সিদ্ধান্ত লয়।
শিশুটিৰ এই কাহিনীয়ে সমগ্ৰ দেশবাসীৰ হৃদয় স্পৰ্শ কৰিছে। অসহনীয় যন্ত্ৰণাৰ মাজতো তেওঁৰ পিতৃ-মাতৃয়ে এক সাহসী সিদ্ধান্ত লৈ অন্য পৰিয়ালক নতুন আশা প্ৰদান কৰে। বহুতে এই কৰ্মক অসাধাৰণ বুলি অভিহিত কৰিছে।