নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ বেৰিকেড ভাঙি ক্ষোভৰ উদ্গিৰণ

ধৈর্যৰ বান্ধ ছিগিল লাইকা দধিয়াবাসীৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ  লাইকা দধিয়াবাসীৰ ২১ বছৰীয়া পুনৰ সংস্থাপনৰ দাবীত বিগত এমাহে প্রচণ্ড জাৰতো অনাহাৰ–নিদ্রাই আন্দোলন অব্যাহত ৰখাৰ অন্তত বৃহস্পতিবাৰে প্রতিবাদকাৰীসকলৰ্ ক্ষোভৰ বিস্ফোৰণ ঘটে৷ আজি তিনিচুকীয়া লেজাইহোলাৰ প্রতিবাদস্থলীৰ পৰা সহস্রাধিক প্রতিবাদকাৰীয়ে এক বিশাল সমদল কৰি জিলা উপায়ুক্তৰ কার্যালয়ৰ দিশে ধাৱমান হয়৷ ৰণচণ্ডী মূর্তি ধৰা প্রতিবাদকাৰীক বাধা প্রদানৰ বাবে উপায়ুক্ত কার্যালয়ৰ এশ মিটাৰ দূৰৈত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ মাজত বেৰিকেড স্থাপন কৰে৷ কিন্তু আৰক্ষীৰ এই বেৰিকেড নিমিষতে ভাঙি চূৰমাৰ কৰি প্রতিবাদী সমদল আগবাঢ়ি যায়৷ ‘অসম চৰকাৰ হায় হায় হয়, আমাক পুনৰ সংস্থাপন দিয়ক নহয় গুলীয়াই মাৰক’ আদি শ্লোগানেৰে উত্তাল কৰি তোলে জিলা উপায়ুক্তৰ কার্যালয়ৰ প্রৱেশদ্বাৰ৷ আৰক্ষীৰ বাধা সত্ত্বেও জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুুখতে এক প্রতিবাদী সভা অনুষ্ঠিত কৰি পুনৰ সংস্থাপনৰ দাবীত আন্দোলন অব্যাহত ৰাখিব বুলি সংকল্প গ্রহণ কৰে৷

প্রতিবাদস্থলীত পুনৰ সংস্থাপন দাবী সমিতিৰ মুখ্য আহ্বায়ক মিণ্টৰাজ মৰাঙে অতি ক্ষোভেৰে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গৃহ পঞ্চায়তৰ জনতাক উচ্চস্তৰীয় সমিতিৰ যোগেদি পুনৰ বান আক্রান্ত লখিমপুৰৰ পবা বনাঞ্চলত সংস্থাপন দিব বিচৰাটো তেওঁলোকে কোনোপধ্যেই মানি নলয়৷ পবা বনাঞ্চলত উচ্চস্তৰীয় সমিতিয়ে লাইকা দধিয়াবাসীক পুনৰ সংস্থাপিত কৰিব বিচৰা কার্যক ধিক্কাৰ জনোৱাৰ উদ্দেশ্যে আজি এই প্রতিবাদী কার্যসূচী হাতত লয়৷ আগন্তুক ৩১ জানুৱাৰীৰ ভিতৰত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে লাইকা দধিয়াবাসীয়ে নিজাববীয়া সিদ্ধান্ত গ্রহণ কৰি বনাঞ্চল ধ্বংস কৰি হ’লেও নিজৰ সংস্থাপনৰ ব্যৱস্থা কৰি ল’ব বুলি মন্তব্য কৰে৷ এইক্ষেত্রত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই দায়ী হ’ব বুলিও স্পষ্ট কৰি দিয়ে৷  জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত কেইবাঘণ্টা অৱস্থান কৰি ধর্ণা দিয়াৰ পাছত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রদান কৰে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে লাইকা দধিয়াবাসীক পুনৰ সংস্থাপনৰ বিষয়টো মীমাংসা নোহোৱাৰ আঁৰত একাংশ ৰাজনৈতিক নেতাৰ ভোটবেংকৰ অংকৰ লগতে একাংশ পুঁজিপতিক ৰক্ষণাবেক্ষণ দিয়াৰ কৌশল জড়িত হৈ আছে বুলি অভিযোগ উঠিছে৷

অভিযোগ মতে, লাইকা দধিয়াৰ প্রায় ৭ হাজাৰ ভোট নিজৰ সমষ্টিত সংৰক্ষিত কৰি ৰখাৰ স্বার্থতে ৰাজনৈতিক নেতাই ষডযন্ত্র কৰি লখিমপুৰৰ পবা বনাঞ্চলত সংস্থাপিত কৰিবলৈ তৎপৰ হৈ পৰিছে৷ উচ্চস্তৰীয় সমিতিয়ে প্রেৰণ কৰা প্রস্তাৱত পবা বনাঞ্চলৰ কথা উল্লেখ কৰিছে৷ উক্ত পবা বনাঞ্চলৰ আদাকনা যিহেতু প্লাৱিত অঞ্চল, গতিকে লাইকা দধিয়াবাসীয়ে উক্ত স্থানত সংস্থাপিত কৰাৰ ঘোৰ বিৰোধিতা কৰিছে৷ আনহাতে, তিনিচুকীয়াৰ টিংকুপানী আৰু পাহাৰপুৰ অঞ্চলত সংস্থাপিত কৰিব বিচাৰিছে যদিও উক্ত দুয়োটা স্থানত জুৱেল আলীকে ধৰি কেইবাগৰাকীও পুঁজিপতিৰ শ শ বিঘাৰ অবৈধ চাহ বাগিচা আছে৷ পুঁজিপতিসকলৰ উক্ত বাগিচাসমূহ উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ স্বার্থতে একাংশ ৰাজনৈতিক নেতাই এই দুয়ো স্থানত পুনৰ সংস্থাপন দিয়াটোত বিধি–পথালিৰ সৃষ্টি কৰিছে৷ ইফালে, প্রতিবাদকাৰী লাইকা দধিয়াবাসীয়ে তিনিচুকীয়া জিলা প্রশাসনে পূর্বতে ঘোষণা কৰা অনুসৰি ডিগবৈ বন সংমণ্ডলৰ অন্তর্গত ঔগুৰি অঞ্চলত সংস্থাপন কৰিলে সন্মত হ’ববুলি উচ্চস্তৰীয় সমিতিক লিখিতভাৱে জনাইছে৷ কিন্তু ৰাজনৈতিক নেতাৰ ভোটবেংকৰ অংক আৰু পুঁজিপতিৰ অবৈধ বাগিচা মালিকৰ স্বার্থত লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো জটিলতাৰ মাজত সোমাই পৰিছে৷ এইক্ষেত্রত আন্দোলনকাৰীসকলে তেওঁলোকৰ দাবীক চৰকাৰে গুৰুত্ব প্রদান নকৰিলে অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷
লাইকা দধিয়াবাসীক সংস্থাপনৰ দাবীৰে অসম জাতীয় পৰিষদৰ বিক্ষোভ
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সভাত ১ লাখ লোকক মাটিৰ পট্টা বিতৰণ কৰিব৷ তাৰ পূর্বে দীর্ঘদিনে আন্দোলনৰত লাইকা দধিয়াবাসীৰ ভূমিৰ অধিকাৰৰ দাবীত প্রতিবাদমুখৰ হৈ উঠিছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ৷ লাইকা দধিয়াৰ দুর্গত ৰাইজক সংস্থাপিত কৰা, অসমৰ বান–খহনীয়াত ক্ষতিগ্রস্ত সকলো লোকক সংস্থাপিত কৰা আৰু হৰিশংকৰ ব্রহ্ম সমিতিৰ প্রতিবেদন কার্যকৰী কৰাৰ দাবীত দলটোৱে ৰাজ্যজুৰি অৱস্থান ধর্মঘট কার্যসূচী গ্রহণ কৰে৷ ৰাজ্যৰ ভিন্ন প্রান্তত দলৰ সদস্যসকলে আজি দিনৰ ১১ বজাৰ পৰা বিক্ষোভ প্রদর্শন কৰে৷ মহানগৰীৰ গুৱাহাটী ক্লাবত এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷

You might also like