নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্বাভাৱিক দামবৃদ্ধি কৰিলেই বাতিল হ’ব ট্রেড লাইচেঞ্চ, মূল্যবৃদ্ধিক লৈ কঠোৰ ড০ শৰ্মা

ডিজিটেল ডেস্ক, ১৯ মে’ : ইন্ধনজাত সামগ্রীৰ দামবৃদ্ধিৰ পিছতে বজাৰত অত্যাৱশ্যকীয় সামগ্রীৰ অস্বাভাৱিক দামবৃদ্ধিয়ে একপ্রকাৰ দিশহাৰা কৰিছে সাধাৰণ লোকক৷ বিশেষকৈ হঠাতে হোৱা খাদ্য সামগ্রীৰ অভাৱনীয় দামবৃদ্ধিয়ে খাটি খোৱা লোকৰ বাবে নমাই আনিছে সংকট৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়ে ৰাজ্য চৰকাৰে সামগ্রীৰ অস্বাভাৱিক দামবৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিশেষকৈ পৰিস্থিতিৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে প্রতিবিধ সামগ্রীৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰাৰ ফলত বজাৰত সৃষ্টি হৈছে এক অৰাজকতা৷

এনে পৰিস্থিতিত জনসাধাৰণক সকাহ দিবলৈ সোমবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এলানি কঠোৰ নির্দেশনা জাৰি কৰে৷ মুখ্যমন্ত্রীৰ স্পষ্ট ঘোষণা– অস্বাভাৱিক দামবৃদ্ধি কৰিলে বাতিল হ’ব ট্রেড লাইচেঞ্চ৷ তদুপৰি এতিয়াৰে পৰা সকলো দোকানত খুচুৰা, পাইকাৰী মূল্য প্রদর্শন কৰাটো হ’ব বাধ্যতামূলক৷

জনতা ভৱনত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই বজাৰৰ সন্তুলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বাভাৱিক দামবৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ নির্দেশনা জাৰি কৰে৷ এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত ৩–৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান কৰা হ’ব৷ এই বৈঠকতে অত্যাৱশ্যকীয় সকলো সামগ্রীৰ দামবৃদ্ধিৰ ওপৰত পর্যালোচনা কৰা হ’ব তথা কোনো ব্যৱসায়ীয়ে অস্বাভাৱিক দাম বৃদ্ধি কৰিছে নেকি সেই দিশতো চকু ৰখা হ’ব৷

আন এক নির্দেশ অনুসৰি সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্রদর্শন কৰাটো এতিয়াৰে পৰা বাধ্যতামূলক হ’ব৷ অর্থাৎ প্রতিখন দোকানে খুচুৰা মূল্য আৰু পাইকাৰী মূল্যৰ তালিকা আঁৰি থ’ব লাগিব৷ জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাবোৰৰ মাজত সাপ্তাহিক পর্যালোচনা বৈঠক অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি অস্বাভাৱিক দাম বৃদ্ধি ধৰা পেলোৱা আৰু প্রতিৰোধৰ বাবে তীব্রতৰ ক্ষেত্র পর্যায়ৰ নিৰীক্ষণ হ’ব৷ অর্থাৎ এতিয়াৰে পৰা ৰাজ্যৰ প্রতিখন বজাৰতে ছাডেন ভিজিটেৰে সামগ্রীৰ দামবৃদ্ধিৰ বিষয়টো পৰীক্ষা কৰা হ’ব৷

ইফালে, ৰন্ধন গেছৰ নাটনি আৰু ক’লা বজাৰত এলপিজি চিলিণ্ডাৰৰ বিক্রীক লৈও মুখ্যমন্ত্রীয়ে কঠোৰ নির্দেশনা জাৰি কৰে৷ সেইমর্মে এলপিজি চিলিণ্ডাৰ বিতৰণৰ আসোঁৱাহ দূৰ কৰিবলৈ প্রধানমন্ত্রীৰ উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক দ্রুত আধাৰ সংযোগ কৰাৰ নির্দেশ দিয়া হৈছে৷ অর্থাৎ ৰন্ধন গেছৰ উপভোক্তাসকলৰ আধাৰ লিংক বাধ্যতামূলক হ’ব৷

মন কৰিবলগীয়া যে ৰাজ্যত পেট্র’ল–ডিজেলৰ হঠাৎ দামবৃদ্ধিয়ে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্রায় প্রতিবিধ খাদ্য সামগ্রীৰ দামবৃদ্ধিৰ ফলত বজাৰত সৃষ্টি হৈছে বিশৃংখলা ৷ পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্রীৰ দাম ১০–১৫ টকালৈ বৃদ্ধি কৰাৰ লগতে কৃত্রিম নাটনিৰো ইংগিত প্রদান কৰিছে৷ এনে অৱস্থাত খুচুৰা বজাৰৰ লগতে পাইকাৰী বজাৰতো প্রতিদিনে বৃদ্ধি পাইছে সামগ্রীৰ দাম৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই সোমবাৰে মুখ্যমন্ত্রীয়ে জাৰি কৰা কঠোৰ নির্দেশনাই বজাৰৰ দাম নিয়ন্ত্রণ কৰাৰ সম্ভাৱনা আছে৷ অস্বাভাৱিক দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে লাইচেঞ্চ বাতিলৰ বাবে দিয়া সকীয়নিয়ে বজাৰৰ দাম নিয়ন্ত্রণ কৰিব বুলি আশা ৰাখিছে ৰাইজে৷

You might also like