নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’টিটি আৰু অসমীয়া চিনেমা

ভাৰতত অ’টিটি অর্থাৎ অভাৰ–দ্য–টপ প্লেটফর্মৰ দ্রুত বৃদ্ধিয়ে প্রমাণ কৰা কথাটি হ’ল দেশৰ মনোৰঞ্জনৰ পৰিৱেশ দ্রুতগতিত সলনি হৈ গৈছে৷ যোৱা দশকত, বিশেষকৈ ক’ৰোনাৰ কালছোৱাত ইয়াৰ শ্রীবৃদ্ধি চকুত লগাকৈ বৃদ্ধি পাইছিল৷ ক’ৰোনাৰ সময়ত চিত্রগৃহবোৰ বন্ধ হৈ থকাৰ সুবিধাতে চিনেমাৰ দর্শকক এই প্লেটফর্মসমূহে এই বিকল্প ব্যৱস্থা আনি দিছিল আৰু সেই ব্যৱস্থাটিয়ে দৃশ্য–শ্রাব্য মাধ্যমটিৰ বিষয়বস্তুৰ ক্ষেত্রতো প্রভাৱ বিস্তাৰ কৰিছিল৷ ভাৰতত ইণ্টাৰনেটৰ প্রয়োগৰ হাৰ বৃদ্ধি হোৱাটোৱে অ’টিটি প্লেটফর্মৰ বিকাশৰ মূল চালক হিচাপে কাম কৰি আহিছে৷ দ্রুতবেগী ইণ্টাৰনেট ব্যাপকভাৱে সহজলভ্য হোৱাৰ লগে লগে ডাটা প্লেনৰ ব্যয় সংকোচনে লাখ লাখ ভাৰতীয়ক ষ্ট্রীমিং সেৱা লাভ কৰিবলৈ আৰু উপভোগ কৰিবলৈ সক্ষম কৰি তুলিলে৷ বিশেষকৈ চহৰ অঞ্চলত এই ধাৰা স্পষ্ট হৈ পৰিছে, য’ত ইণ্টাৰনেটৰ আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি হৈছে৷ কিন্তু গ্রাম্য অঞ্চলতো মোবাইল নেটৱর্কৰ সম্প্রসাৰণ আৰু তথ্যৰ সহজলভ্যতাই অনলাইন বিষয়বস্তুৰ ব্যৱহাৰ সহজ কৰি তোলাত অৰিহণা যোগাইছে৷ স্মার্টফোন বিপ্লৱে অ’টিটি প্লেটফর্মক মনোৰঞ্জন উদ্যোগৰ আগস্থানলৈ আগুৱাই নিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ স্মার্টফোনৰ খৰচ হ্রাস পোৱা আৰু বাজেট অনুকূল বিকল্পৰ উত্থানৰ লগে লগে জনসংখ্যাৰ এক বৃহৎ অংশৰ হাততেই এতিয়া উচ্চমানৰ ভিডিঅ’ চাব পৰা একোটা যন্ত্র আছে৷ স্মার্টফোনৰ এই সর্বব্যাপকতাই ইয়াক ব্যক্তিগত মনোৰঞ্জন কেন্দ্রলৈ ৰূপান্তৰিত কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে চাওঁতে নিজৰ প্রিয় অনুষ্ঠান আৰু চিনেমা নিজৰ ইচ্ছামতে চাব পাৰে৷ এই প্লেটফর্মসমূহে কেৱল বিষয়বস্তুৰ এক বিশাল লাইব্রেৰী উপলব্ধ কৰোৱাই নহয়, মৌলিক আৰু একচেটিয়া বিষয়বস্তু উৎপাদনতো যথেষ্ট বিনিয়োগ কৰিছে৷ অ’টিটিৰ যাত্রাৰ এই বিন্দুুৰ পৰাই ই অডিঅ’ ভিজুৱেল অনুষ্ঠানৰ বিষয়বস্তুতো অধিকাৰ সাব্যস্ত কৰিবলৈ লৈছে৷ ক’ৰোনাৰ সময়ত চিত্রগৃহ বন্ধ হৈ থকা সময়তে বহু হিন্দী ছবিক অ’টিটি প্লেটফর্মত মুক্তি দিয়া হৈছিল৷ তাৰ অলপ আগৰে পৰা অ’টিটি প্লেটফর্মবোৰে নিজৰ অনুষ্ঠান প্রস্তুত কৰা কাম আৰম্ভ কৰিছিল আৰু প্রচলিত হিন্দী ছবিতকৈ তাক পৃথক কৰাৰ চিন্তা কৰিছিল৷ অ’টিটি প্লেটফর্মত চিনেমা চালেও সি চিত্রগৃহৰ ছবিৰ দৰে সামাজিক প্রদর্শন নহয়, অ’টিটিৰ প্রদর্শন হ’ল মূলতঃ ব্যক্তিগত প্রদর্শন৷ এই ধাৰণাৰ প্রকাশ ঘটিছিল অশ্লীল দৃশ্য আৰু সংলাপৰ সংযোজনত৷ কিন্তু এই দুবিধ উপাদান অতি বেছি পৰিমাণে সহজলভ্য হৈ যোৱাৰ ফলত তাৰ আবেদন হ্রাস পাই আহিবলৈ ধৰিলে৷ ফলত নির্মাতাসকলে নতুন নতুন বিষয়ৰ সন্ধান কৰিলে, বিশেষকৈ সমাজ জীৱনক জোকাৰি যোৱা ঘটনা বিচাৰি উলিয়ালে, যিবোৰৰ চিত্রায়ন জনপ্রিয় হ’বলৈ নির্মাণ কৰা হিন্দী ছবিত সম্ভৱ নহ’লহেঁতেন৷ অ’টিটিৰ দর্শকে এনে উপাদানৰ ছবি বা ছিৰিজ গ্রহণ কৰাৰ পিছত বলীউডৰ হিন্দী ছবিয়েও এই ধাৰাত সন্নিৱিষ্ট হৈ পৰিছে৷ এই আটাইবোৰৰ মিশ্রণে অ’টিটি প্লেটফর্মক এতিয়া বিনোদনৰ নতুন মাধ্যম হিচাপে প্রতিষ্ঠিত কৰিছে৷
অ’টিটিয়ে বিশাল আকাৰৰ ছবিজগতক প্রভাৱিত কৰা আৰু অ’টিটি প্লেটফর্ম নিজে এক সুকীয়া মাধ্যম হিচাপে থিয় দিয়া অভিজ্ঞতাই অসমীয়া ছবিকো প্রভাৱিত কৰিছে৷ অ’টিটি প্লেটফর্মত বহু অসমীয়া চিনেমাক দর্শকৰ বাবে সহজলভ্য কৰি দিছে৷ গুদামত থকাৰ পৰিৱর্তে দর্শকে যিকোনো সময়তে চাব পৰা অৱস্থালৈ আহি ছবিবোৰে নতুন জীৱন লাভ কৰিছে৷ একাধিক অ’টিটি প্লেটফর্মে নিজাববীয়াকৈ ছবি আৰু ছিৰিজ নির্মাণ কৰিছে৷ যৌনতাৰ মুকলি প্রকাশ থকা ছিৰিজো এনে প্লেটফর্মে প্রচাৰ কৰিছে যদিও এই ধাৰাটিয়ে অসমত বিশেষ গা কৰি উঠিব পৰা নাই৷ বিভিন্ন মহলত আলোচিত হৈছে যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগেও অসম চলচ্চিত্র উন্নয়ন আৰু বিত্তীয় নিগমৰ যোগেৰে এটি অ’টিটি প্লেটফর্ম মুকলি কৰা কথা চিন্তা কৰিছে৷ বিনোদন আৰু তথ্য সংৰক্ষণৰ এই সময়ত এই চিন্তাই অসমীয়া ছবিৰ দেহত অলপ ৰক্তসঞ্চাৰ কৰিব পাৰিব৷ এই নিগমটিয়ে ভালেকেইখন অসমীয়া ছবি সংগ্রহ কৰি নিজৰ সংগ্রহালয়ত ৰাখিছে৷ অ’টিটি প্লেটফর্মত এই ছবিবোৰ সহজলভ্য কৰি দিলে দর্শকৰ উপকাৰ হ’ব, চিনেমাৰ বিষয়ে পঢ়া–শুনা কৰা ছাত্র–ছাত্রীসকলৰ উপকাৰ হ’ব আৰু ছবিকেইখনে পুনৰ জীৱন লাভ কৰিব৷ এতিয়াও এই ছবিবোৰ নিগমৰ অফিচলৈ আহি চাব পৰা ব্যৱস্থা আছে, কিন্তু এই ব্যৱস্থা সকলোৰে বাবে সহজলভ্য নহয়৷ প্রযুক্তিবিদ্যাই দিয়া সুবিধা গ্রহণ কৰি এই সাংস্কৃতিক সম্পদবোৰ ৰাইজৰ বাবে মুকলি কৰি দিয়াটো অসমীয়া ছবি জগতৰ বাবে মংগলজনক কথা হ’ব৷ অকল ইমানেই নহয়, অসমীয়া ছবিৰ প্রযোজকৰ বাবেও এই প্লেটফর্ম মুকলি কৰি দি ছবি প্রদর্শনৰ এই নতুন ব্যৱস্থাটিৰ সুবিধা আগবঢ়াব লাগে৷ চৰকাৰে এবাৰতে টকা দি ছবিকেইখন কিনি লোৱাৰ পৰিৱর্তে দর্শনৰ বিপৰীতে ৰয়েল্টী দিয়া ব্যৱস্থা কৰিলেহে ছবিৰ প্রযোজক আৰু সংশ্লিষ্টসকলে ছবিখন আৰু প্লেটফর্মটিৰ বিষয়ে আগ্রহী হ’ব আৰু প্লেটফর্মটিৰ বিকাশত সহযোগ কৰিব৷ এই ব্যৱস্থাটিয়ে ইণ্ডিপেণ্ডেণ্ট ছবি নির্মাতাসকলক অধিক সহায় কৰিব আৰু তেওঁলোকে খুব কম খৰচতে নিজৰ ছবি আন্তর্জাতিক স্তৰত প্রদর্শন কৰিব পাৰিব৷ চুটি ছবি আৰু তথ্যচিত্র নির্মাতাসকলৰ বাবেও এই সুবিধা আকর্ষণীয় হ’ব৷ অলপ গঠনমূলক ভাবেৰে চিন্তা কৰিলে চৰকাৰে এই প্লেটফর্মৰ জৰিয়তে অসমীয়া ছবিৰ উন্নতি আৰু বিকাশত ভালেখিনি সহায় আগবঢ়াব পাৰিব৷

You might also like