নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্মান্তিক… ৰঙিয়াৰ কানিকুছিত অ/গ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

ৰঙিয়াৰ কানিকুছিত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। শোকাৱহ ঘটনাটোত মাতৃ ৰীতামণি চৌধুৰীৰ সৈতে একেলগে প্ৰাণ হেৰুৱালে পুত্ৰ মোজাক্কিৰ হুছেইন।

উল্লেখ্য যে ঘৰৰ পাছফালে থকা জাবৰ পেট্ৰ’ল ঢালি জ্বলাইছিল পুত্ৰ মোজাক্কিৰে। তাৰ পাছতে মোজাক্কিৰৰ গাত জুই লাগে। অগ্নিদগ্ধ পুত্ৰক ৰক্ষা কৰিবলৈ যাওঁতে মাতৃ ৰীতামণি চৌধুৰীও অগ্নিদগ্ধ হয়।

পিছত অগ্নিদগ্ধ মাতৃ-পুত্ৰক জি এম চি এইচত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় মাতৃ-পুত্ৰৰ। ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল মোজাক্কিৰ হুছেইন।

বিশেষ বাৰ্তা, নগাঁও, ২৯ জানুৱাৰী :

You might also like