নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা শিক্ষাৰ প্ৰসাৰৰ বাবে মৰিয়নি মহাবিদ্যালয়ৰ সজাগতামূলক কাৰ্য্যসূচী

বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ মৰিয়নি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ উদ্যোগত মহিলা শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে এক পষেকজোৰা সজাগতামূলক কাৰ্য্যসূচীৰ আজি শুভাৰম্ভ কৰা হয় । মৰিয়নি নগৰৰ ২নং ৱাৰ্ডত আজি এই কাৰ্য্যসূচী মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মঞ্জুলা বৰঠাকুৰে । শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা কাঞ্চনা দাসে আঁত ধৰা কাৰ্যসূচীত একে বিভাগৰে জ্যেষ্ঠা অধ্যাপিকা মিনতি বৰঠাকুৰে মহিলা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু উদ্দেশ্যৰ সম্পৰ্কে সাৰুৱা বক্তব্য প্ৰদান কৰে । তেওঁ লগতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বেটী বচাও বেটী পঢ়াও আঁচনিৰ ওপৰতো বক্তব্য ডাঙি ধৰে। বৰ্তমান সময়ত মহিলাই সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্রত আকাশ চুবলৈ সক্ষম হৈছে যদিও বহু ক্ষেত্ৰত এতিয়াও পিছপৰি ৰৈছে বুলি তেওঁ লগতে উল্লেখ কৰে । আনহাতে, শিক্ষাৰ ক্ষেত্ৰত বৰ্তমানেও বহু মহিলা পিছপৰি থকাৰ লগতে সমাজৰ ঠেক গণ্ডীৰ মানসিকতা আৰু অন্ধবিশ্বাসৰ বলি হ’ব লগা হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠা অধ্যাপিকাগৰাকীয়ে । শিক্ষা বিভাগৰে সহকাৰী অধ্যাপিকা পল্লৱী কলিতায়ো ভাষণ প্ৰসংগত উল্লেখ কৰে যে বেটী বচাও আৰু বেটী পঢ়াও আঁচনিয়ে ভাৰতৰ চুকে কোণে থকা চৰ অঞ্চলসূহ এতিয়াও প্ৰভাৱিত কৰিব পৰা নাই। উল্লেখযোগ্য যে, নাৰী শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি তথা জীয়ৰী সকলক আন্ধাৰৰ পৰা পোহৰৰ বাটলৈ আনিবৰ বাবেই এই পষেকযোৰা সজাগতামূলক কাৰ্য্যসূচী হাতত লোৱা হৈছে । এই সজাগতামূলক কাৰ্য্যসূচী মৰিয়নি নগৰৰ ২নং ৱাৰ্ডৰ পৰা আৰম্ভ কৰা হৈছে যদিও পৰৱৰ্তী সময়ত মৰিয়নি সমগ্র অঞ্চলৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহকো সামৰি লোৱা হ’ব বুলি আজি তেওঁলোকে জানিবলৈ দিয়ে । এই পষেকজোৰা সজাগতামূলক কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি মিনতি বৰঠাকুৰে লগতে জানিবলৈ দিয়ে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like