নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিঞ্জিৰাম নৈত পকী দলঙৰ অভাৱত বিপদসংকুল যাত্ৰা ডিংডিঙা-হাৰুৱাফুটাবাসীৰ

ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী : ডিংডিঙা-হাৰুৱাফুটাবাসীৰ যাতায়াতৰ যন্ত্ৰণা। এখন পকী দলঙৰ অভাৱত বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ ডিংডিঙা-হাৰুৱাফুটাবাসী ৰাইজে বছৰ বছৰ ধৰি ভুগিছে চৰম দুৰ্ভোগ। নিজৰ জীৱনক তুচ্ছ কৰি নিতৌ বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে ডিংডিঙা-হাৰুৱাফুটাবাসীয়ে।

বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ ডিংডিঙা-হাৰুৱাফুটা সংযোগী জিঞ্জিৰাম নৈৰ। এখন পকী দলঙৰ অভাৱত এতিয়া হাহাকাৰ কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। বৰ্তমান এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৱেই হৈছে হাজাৰ হাজাৰ লোকৰ একমাত্ৰ ভৰসা। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগীলৈকে সকলোৱে মৰণক শৰণ দি পাৰ হ’ব লগা হয় এইখন সাঁকোৰে।

বাৰিষা অহাৰ লগে লগে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে। টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰিব লগা হয় নদীখনেৰে। বছৰ বছৰ ধৰি এখন পকী দলঙৰ বাবে দাবী জনাই আহিছে যদিও আজিও কাৰ্যকৰী নহ’ল ভিন্নজনৰ প্ৰতিশ্ৰুতি। এতিয়াও ৰাইজৰ অপেক্ষা— কেতিয়া নিৰ্মাণ হ’ব এখন পকী দলং?

You might also like