উদয় ভানুক জামিন পাটিয়ালা হাউছ ক’ৰ্টৰ
ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবক AI ছামিট কাণ্ডত পাটিয়ালা হাউছ কৰ্টে জামিন প্ৰদান কৰিছে। আদালতে দিল্লী আৰক্ষী ক্ৰাইম ব্ৰান্সৰ সাত দিনৰ ৰিমান্ডৰ আবেদন অপ্রতুল ভিত্তি বুলি উল্লেখ কৰি খাৰিজ কৰে। আদালতে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত চিবক জামিন দিয়ে। লগতে তেওঁ নিজৰ পাছপ’ৰ্ট আৰু ইলেক্ট্ৰনিক গেজেটসমূহ আদালতত জমা দিব লাগিব বুলি চৰ্ত আৰোপ কৰা হৈছে।
দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে নিশা দেৰি কৰি আদালতত উদয় ভানু চিবৰ আৰক্ষীৰ ৰিমাণ্ড সাত দিন বঢ়োৱাৰ আবেদন কৰিছিল। এই ঘটনাৰ সৈতে জড়িত আন দুজন অভিযুক্তৰ বাবেও পৃথক আবেদন দাখিল কৰা হৈছিল।
প্ৰতিৰক্ষা পক্ষই জামিন আবেদন দাখিল কৰাৰ পিছতে ডিউটি মেজিষ্ট্ৰেটে উদয় ভানু চিবক স্বস্তি প্ৰদান কৰি জামিন মঞ্জুৰ কৰে। আদালতে নিজৰ আদেশত কয় যে ক্ৰাইম ব্ৰাঞ্চে ৰিমাণ্ড বঢ়োৱাৰ বাবে যথেষ্ট কাৰণ দাখিল কৰিব পৰা নাই।
শেহতীয়াকৈ দিল্লীত এআই ছামিট অনুষ্ঠিত হৈছিল। অনুষ্ঠানটো ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছিল, য’ত বিশ্বৰ বিভিন্ন দেশৰ নেতা আৰু বৃহৎ কোম্পানীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল।
ছামিট চলি থকাৰ সময়ছোৱাত কংগ্ৰেছৰ প্ৰতিবাদ কাৰ্যসূচীত ব্যাপক হুলস্থূলৰ সৃষ্টি হয়। তাৰ পিছতে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি উদয় ভানু চিবসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰী মেমোত চিবক ভাৰত মণ্ডপমত অবৈধভাৱে সমাৱেশ সংগঠনৰ মুখ্য ষড়যন্ত্ৰকাৰী আৰু মাষ্টাৰমাইণ্ড বুলি উল্লেখ কৰা হৈছিল। দেশৰ আন আন ঠাইৰ পৰাও কেইবাজনো কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হয়।
এই প্ৰতিবাদ কাণ্ডক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাত দেখা যায়। বিজেপিয়ে ইয়াক দেশৰ ভাবমূর্তি ক্ষুণ্ণ কৰাৰ চেষ্টা বুলি অভিহিত কৰে। আনহাতে কংগ্ৰেছে উদয় ভানু চিবৰ গ্ৰেপ্তাৰীক অসাংবিধানিক বুলি দাবী কৰি কয় যে দেশৰ সংবিধানে প্ৰতিজন নাগৰিকক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে আৰু এই ধৰণৰ ব্যৱস্থাৰ পৰা তেওঁলোক ভয় নাখায়।
ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী