পুনৰ দেউলীয়া ঐতিহাসিক ইষ্ট ইণ্ডিয়া কোম্পানী…
ডিজিটেল ডেস্ক, ২৮ ফেব্রুৱাৰী : ইংৰাজসকলৰ সংস্থা আছিল ইষ্ট ইণ্ডিয়া কোম্পানী৷ ব্যৱসায় কৰাৰ ছলেৰে ভাৰতত প্রৱেশ কৰি উপনিৱেশ স্থাপন কৰাৰ পিছত দেশ শাসন কৰিবলৈ লয়৷ পিছত কোম্পানীটো দেউলীয়া হৈ পৰে৷ এইবাৰ দ্বিতীয়বাৰলৈ বন্ধ হৈ গ’ল কোম্পানীটো৷ প্রথমবাৰ বন্ধ হৈছিল ১৭০ বছৰ পূর্বে৷
১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ পিছতে ভাৰতৰ কোম্পানীৰ শাসনভাৰ পোনপটীয়াকৈ ব্রিটিছ চৰকাৰৰ হাতলৈ যায়৷ তেতিয়াৰে পৰা পোনপটীয়াকৈ ব্রিটিছৰ ৰাজত্ব আৰম্ভ হয় ভাৰতত৷ কোম্পানীটোৱে সেই সময়ত বিশ্ব বাণিজ্যত পৰিৱর্তন আনিবলৈ সক্ষম হৈছিল ঠিকেই, কিন্তু ভাৰতসহ এছিয়াৰ বিস্তীর্ণ অঞ্চলত চলাইছিল শোষণ ৷ বেংগল প্রভিঞ্চসহ বিস্তীর্ণ অঞ্চলত এই কোম্পানীৰ কাৰণেই হৈছিল দুর্ভিক্ষ৷ এই দুর্ভিক্ষত মৃত্যুমুখত পৰিছিল কমেও ৩ কোটি লোক৷ সেইবাবেই পৰৱর্তী সময়ত এই কোম্পানীটোৰ সৈতে যুক্ত হয় নেতিবাচক শব্দ৷ অৱশ্যে প্রায় ১৫২ বছৰ পূর্বে ব্যৱসায় বন্ধ হৈ গৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ৷
২০১০ চনত ব্রিটিছ–ভাৰতীয় ব্যৱসায়ী সঞ্জীৱ মেহতাই কোম্পানীটোৰ নামৰ স্বত্ব ক্রয় কৰিও উচ্চ মানৰ চাহ আৰু মুখৰোচক খাদ্যৰ ব্যৱসায় আৰম্ভ কৰিছিল৷ সেই সময়ত বিশ্বজুৰি বিয়পি পৰিছিল এই খবৰটো৷ খবৰৰ শিৰোনাম আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ মালিক এজন ভাৰতীয়৷ ব্রিটিছ কোম্পানীটোক এজন ভাৰতীয়ই কিনি লোৱাৰ এই কার্যক প্রতিশোধ হিচাপে উল্লেখ কৰা হৈছিল৷ অৱশেষত দেউলীয়া হৈ এই কোম্পানীটোও বন্ধ হৈ পৰিল৷
জানিব পৰা মতে সঞ্জীৱৰ মূল ইষ্ট ইণ্ডিয়া কোম্পানী লিমিটেড আৰু ইষ্ট ইণ্ডিয়া নামাংকিত কেইবাটাও সংস্থা ঋণ আৰু কৰৰ বোজাত জর্জৰিত৷ তাৰ লগতে যোগ হৈছে কর্মচাৰীসকলক দৰমহা দিব নোৱাৰা অৱস্থা৷ সকলো মিলি দেউলীয়া হৈ বন্ধ হ’ল কোম্পানীটো৷ ১৬০০ চনত নীল, নিমখ, মচলা, চাহ, ৰেচম আদিৰ ব্যৱসায় আৰম্ভ কৰা কোম্পানীটোৱে পিছলৈ প্রায় আঢ়ৈ লাখ ব্যক্তিগত সেনা ৰখা সময়তে বন্ধ হৈ যোৱাৰ পিছত ২০১০ চনত এজন ভাৰতীয়ৰ হাতত ধৰি মচলা, মিঠাই বিক্রী কৰি বাণিজ্যৰ পথত আগবঢ়া কোম্পানীটো পুনৰ বন্ধ হৈ পৰিল৷ যি সময়ত কোম্পানীটো চলাবলৈ এজন ভাৰতীয় ব্যর্থ হ’ল, সেই সময়তে আন এজন ভাৰতীয়ই ঐতিহাসিক নথিৰ সহায়ত ব্রিটিছৰ বিৰুদ্ধে ১৯১৭ চনৰ ৪ জুনত তেওঁৰ ককাকৰ পৰা ধাৰে লোৱা ধন ওভতাই দিয়াৰ বাবে আইনী যুদ্ধত নামিছে৷