নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰদ্ধাঞ্জলি উৰণ সেতু মুকলিৰ তদাৰক মন্ত্ৰী অশোক সিংহলৰ

বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ আজি মুকলি কৰা হব মহানগৰীৰ জুৰোডত নিৰ্মাণ কৰা শ্ৰদ্ধাঞ্জলি উৰণ সেতু। সেতুখন মুকলিৰ পূৰ্বে মন্ত্ৰী অশোক সিংহল উপস্থিত হৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰী সিংহলে কয় যে খুব সুন্দৰভাৱে অতি কম দিনৰ ভিতৰতে নিৰ্মাণ কৰা হৈছে উৰণ সেতুখন। আগতে এখন উৰণ সেতু নিৰ্মাণ কৰোঁতে ৭/৮ বছৰ লাগিছিল, কিন্তু আজিকালি চকুৰ আগতেই আৰম্ভ হৈ নিৰ্মাণ শেষ হব ধৰিছে। দিল্লীৰ দৰে দ্ৰুত গতিত কামবোৰ হব ধৰিছে, আগৰ অসম লাহে লাহে উন্নতিৰ পথত আগবাঢ়িছে। উৰণ সেতুৰ তলৰ অংশ পাৰ্কিঙৰ বাবে ৰখা হব, সকলোকে পাৰ্কিঙৰ স্থানসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ মন্ত্ৰীগৰাকীৰ। লগতে তেওঁ কয় যে য’তে-ত’তে গাড়ী ৰখোৱাটো বন্ধ কৰক। তেওঁ কয় যে উৰণ সেতুখনৰ বাবেই যানজঁটৰ সমস্যা নোহোৱা হব। সমগ্ৰ গুৱাহটীত এক উৎসৱমুখৰ পৰিবেশ দিবৰ বাবে প্ৰতিটো স্থানত লাইট লগোৱা হব, লাইট লগাবৰ বাবে মুখ্যমন্ত্ৰীয়ে ৮০ কোটি টকা অনুমোদন দিছে। আজি পৰিষ্কাৰ কৰা ঠাইবোৰ প্ৰত্যেকে নিজৰ দায়িত্ব বুলি ভাবি পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে অনুৰোধ মন্ত্ৰীগৰাকীৰ। ইফালে নাৰেংগীৰ পৰা হবলগীয়া নতুন উৰণ সেতুৰ কাম অতি কম দিনৰ ভিতৰত আৰম্ভ কৰা হব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ যানজঁটৰ সমস্যা সমাধানৰ বাবেই নতুন নতুন উৰণ সেতু বনোৱাৰ পৰিকল্পনা কৰাৰ কথাও ঘোষণা কৰে।

You might also like