নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ-খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত শিঙিয়া পানীগাঁও ব্ৰহ্মচাৰী সত্ৰ আৰু হালোৱা গাঁৱত যোৱানিশা বনৰীয়া হাতীয়ে ঘৰ ভাঙি লণ্ডভণ্ড কৰে ৷
উল্লেখ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীয়ে নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ-খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ বিভিন্ন অঞ্চলত এক আতংকময় পৰিস্থিতি সৃষ্টি কৰাত স্থানীয় ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগাত পৰিছে৷ উদমাৰী উপ-খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত গ্ৰামাঞ্চলসমূহত বনৰীয়া হাতীয়ে নিশা হ’লেই উপদ্ৰৱ চলাই আহিছে। চামগুৰিৰ গ্ৰামাঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই বহু লোকৰ বাসগৃহৰ লগতে ধানৰ ভঁৰাল আৰু পাকঘৰ, গোসাঁই ঘৰ ভাঙি তহিলং কৰাৰ লগতে খাদ্যবস্তুৰো অনিষ্ট সাধন কৰিছে। বাৰীৰ কলগছ, নাৰিকল গছ আদি খোৱাৰ লগতে তহিলং কৰিছে। দিনৰ ভাগত ঘন জংঘলত সোমাই থাকি নিশা হ’লেই পথাৰ আৰু গঞা ৰাইজৰ বাৰীত সোমাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে।
যোৱানিশা শিঙিয়া পানীগাঁও নিবাসী বীৰেন শৰ্মা আৰু বনমালী শৰ্মা নাম লোক দুজনৰ ঘৰৰ গোসাঁই ঘৰ আৰু জগত শৰ্মা নামৰ লোকজনৰ ঘৰৰ ভঁৰাল ঘৰ আৰু ব্ৰহ্মচাৰী সত্ৰৰ অৰিন্দম শাণ্ডিল্যৰ ঘৰ, গোসাঁই ঘৰ বনৰীয়া হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰে ৷ আনহাতে, হালোৱা গাঁৱৰ নিবাসী লক্ষীৰাম বৰা নামৰ লোকজনৰ পকী ঘৰটো বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীয়ে লোকজনৰ ঘৰৰ ভিতৰত থকা সামগ্ৰীসমূহ ভাঙি তহিলং কৰে বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বৃহত্তৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে প্ৰতি বছৰে উপদ্ৰৱ চলাই বহু লোকৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰি আহিছে যদিও বন বিভাগৰ তৰফৰ পৰা উপযুক্ত ক্ষতিপূৰণ পোৱা নাই। বন বিভাগৰ লোকে হাতী খেদিবলৈ আহে যদিও বিফল হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চামগুৰিৰ গ্ৰামাঞ্চলসমূহত বছৰৰ যিকোনো সময়তে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বহু লোকৰ বাসগৃহ, ভঁৰালঘৰ আদি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে নাৰিকল গছ, কলগছ আৰু পথাৰৰ ধান আদিৰ বৃহৎ ক্ষতি কৰি আহিছে যদিও বন বিভাগে বনৰীয়া হাতী খেদাৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। বন বিভাগে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত পূৰ্বতকৈ বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে বুলি অভিযোগ উঠিছে। স্থানীয় ভুক্তভোগী ৰাইজে অতি সোনকালে বন বিভাগৰ লগতে প্ৰশাসনক বনৰীয়া হাতী খেদোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
নিয়মীয়া বাৰ্তা, চামগুৰি, ২৩ ডিচেম্বৰ :