নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী সমষ্টিত অগপৰ সপক্ষে এতিয়া ছুনামি বৈছে : ড০ হিমন্ত বিশ্ব শৰ্মা

🎯ধুবুৰীত জাবেদ ইছলামৰ হৈ নিৰ্বাচনী সভা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২ মে’ : আজি ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজিত এক বিশাল নিৰ্বাচনী সভাত ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। প্ৰচণ্ড ৰ’দ আৰু গৰমকো নেওচি উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজক “পুনৰ এবাৰ মোদী চৰকাৰ” শীৰ্ষক বিজেপিৰ দলীয় সংগীতৰ তালে তালে মুখ্যমন্ত্ৰীৰ সৈতে নাচি-বাগি সভাথলীত এক আনন্দময়, উৎসৱথলী সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। নিজৰ স্বভাবসিদ্ধ ভংগীমাৰে ভাষণৰ আৰম্ভণিত ডঃ হিমন্ত বিশ্ব শৰ্মাই “ধুবুৰীত পদুম মানে কি” শুধা প্ৰশ্নৰ উত্তৰত উপস্থিত ৰাইজে তুমুল হৰ্ষধ্বনীৰে “হাতী” বুলি উত্তৰ দিয়ে। নিজৰ ভাষণত তেওঁ কয়, “মানুহে কয় ধুবুৰীত এজিপি নিজিকিব! কিন্তু ৰাতিপুৱাৰ পৰা মই গোলকগঞ্জ গলোঁ, বিলাসীপাৰা গলোঁ আৰু এতিয়া ধুবুৰীত। মইতো ইয়াত দেখিছোঁ, ইয়াত এজিপিৰ বতাহ বলি থকা নাই; এজিপিৰ চুনামি বৈ আছে। আৰু এইবাৰ যে এজিপি জিকিব ১০০ শতাংশই নিশ্চিত। ভাষণ প্ৰসংগত ধুবুৰীৰ এআইইডিএফ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইনক কটাক্ষ কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয়, “ইয়াত আজমল আৰু ৰকিবুল নাটক কৰি আছে। যোৱাবাৰ যেতিয়া বিধানসভা নিৰ্বাচনত হ’ল আজমল আৰু ৰকিবুল, দুইজনেই শকত-শকত, দুয়োজনে হাত মিলাই দিলে। হয় নে? দুয়োজনে তেতিয়া হাত সাৱটি কয় আমি বোলে মহাজোঁট। আৰু এইবাৰ লোকসভা নিৰ্বাচনত কলে আমি বোলে ভাঙাজোঁট। হয় নে? এক নিৰ্বাচনত তেওঁলোক হয় মহাজোট; পিছৰ নিৰ্বাচনত হয় ভাঙাজোঁট। আকৌ যেতিয়া ২৬ৰ নিৰ্বাচন আহিব মামাৰ ভয়ত তেওঁলোক পুনৰ মহাজোঁট হৈ যাব। হয় নে নহয়? তেওঁলোক কেতিয়া মহাজোঁট হয়, তেতিয়া ভাঙাজোঁট হয়, ধৰা টান।” তেওঁ আৰু কয়, “আপোনালোকেই কওকচোন আজমলৰ প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। আজমল জিকিলে প্ৰধানমন্ত্ৰী ৰূপে কাক সমৰ্থন দিব? ৰাহুল গান্ধী, হয় নে? ৰকিবুলে কাক সমৰ্থন কৰিব? ৰাহুল গান্ধী। জাবেদ ইছলামে কাক সমৰ্থন কৰিব? জাবেদ ইছলামে সমৰ্থন জনাব মোদীক; আজমল আৰু ৰকিবুলে সমৰ্থন জনাব ৰাহুল গান্ধীক। হয় নে?” ১৯৭১ চনৰ পৰা ধুবুৰীত ৰাইজে কেতিয়াবা কংগ্ৰেছক বিজয়ী কৰাৰ বিপৰীতে কেতিয়াবা এআইইউডিএফক বিজয়ী কৰাৰ প্ৰসংগটো উল্লেখ কৰি মুখ্যমন্ত্রী ডঃ শৰ্মাই নিজৰ ভাষণত কয়, “১৫ বছৰ আজমল ইয়াৰ সাংসদ হ’ল। এইবাৰ ৰকিবুল চালানী মাছ হৈ আহিছেআহিছে – ইয়াত সাংসদ হ’বৰ কাৰণে। হয় নে?” বুৰ্বক বনি পৰাই বিক্ৰী কৰা মতা গৰু এটাক দানা-পানী খুৱাই গাখীৰ নোপোৱা এজন ব্যক্তিৰ এক ৰসাত্মক উপমাৰে তেওঁ আৰু কয়, “আজমলৰ কবাত চৰকাৰ আছে নেকি? দিছপুৰত চৰকাৰ আছে নেকি? দিল্লীত চৰকাৰ আছে নেকি? তেনেদৰে ৰকিবুলৰ দিছপুৰত চৰকাৰ আছে নেকি? দিল্লীত ৰকিবুলৰ চৰকাৰ আছে? তেতিয়া হ’লে আজমল আৰু ৰকিবুলে গাখীৰ দিব পাৰিব নেকি? আজমল আৰু ৰকিবুলে ধুবুৰীৰ উন্নতি কৰিব পাৰিব? ধুবুৰীৰ কাম কৰিব পাৰিব? একোতো ধুবুৰীৰ কাম কৰিব নোৱাৰা? হয় নে নহয়? আজমল আৰু ৰকিবুলক ভোট দিয়া আৰু গাখীৰৰ লোভে মতা গৰুক দানা খুওৱা একে কথা হয় নে নহয়?” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰকিবুল আৰু আজমলে কাণ খুলি শুনি লওত যে দিছপুৰত আৰু ৫০ বছৰ কংগ্ৰেছ মাহে। আৰু ৫০ বছৰ পিছত কংগ্ৰেছ দলে নাথাকিব। আৰু, দিল্লীত মোদী আৰু অমিত শ্বাহ থকা লৈকে কংগ্ৰেছৰ চৰকাৰ দূৰদূৰণিলৈকে নহয়। কংগ্ৰেছে চৰকাৰ কৰিলে চন্দ্ৰ গ্ৰহণ কৰিব লাগিব নহলে সূৰ্য্যত কৰিব লাগিব, পৃথিবীততো নহ’ব। সেইকাৰণে ৰাইজ কংগ্ৰেছক ভোট দিয়াৰ আৰু ইউডিএফক ভোট দিয়াৰ কোনো দৰ্কাৰ নাই। অসমত বিজেপি আছে, এজিপি আছে – আমি ল’গ লাগি সকলোৰে উন্নতিৰ কাৰণে কাম কৰিম। নিজৰ ভাষণত কংগ্ৰেছৰ আঁচনি কি আছিলে বুলি ধুতি, লুঙী, সূতা, কম্বল আৰু আঠুৱা বুলি মন্তব্য কৰি তেওঁ কংগ্ৰেছ আৰু এআইইউডিএফে নহয় বিজেপিহে কৰিব বুলি দাবী কৰে। নিজৰ ভাষণ প্ৰসংগত ডঃ শৰ্মাই এই বছৰৰ ভিতৰত আৰু ৫০ হাজাৰ চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰাৰ সমান্তৰালকৈ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নথকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে অতিৰিক্ত ভাবে ১০ নম্বৰ দিয়া হ’ব বুলি ঘোষণা কৰে। ল’গতে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলক সুখবৰ দি চৰকাৰী চাকৰি নোপোৱা সকলক আত্ম নিৰ্ভৰ অসম নামৰ এখন নতুন আঁচনিৰ জৰিয়তেতেওঁলোকক কৰ্মসংস্থানৰ বাট মোকলাবলৈ ২ লাখ টকাকৈ দিয়া হ’ব বুলি ঘোষণা কৰাৰ সমন্তৰাল সেই ২ লাখ টকাৰ ১ লাখ টকা উভতাই দিলেই হ’ব বুলিও জনায় তেওঁ। “লাখপতি বাইদেউ” আঁচনিৰ আবেদনকাৰীসকলৰ বেংক একাউন্টত অতি শীঘ্ৰে ১০ হাজাৰ টকাকৈ সুমাব বুলিও অৱগত কৰাৰ সমান্তৰালকৈ ধনখিনিৰ সু ব্যৱহাৰ কৰা সকলক পিছত পুনৰ ২৫ হাজাৰ কৈ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে তেওঁ। আনহাতে আজিৰ নিৰ্বাচনী সভাখনতেই মুখ্যমন্ত্রী গৰাকী এইবাৰ ৰাজ্যৰ উচ্চতাত মাধ্যমিক পৰীক্ষাৰ্থীসকলৰ বাবে মহাবিদ্যালয়ৰ নামভৰ্তি বিনামূলীয়া হ’ব বুলিও ঘোষণা কৰে। নিৰ্বাচনী সভাখনৰ পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত এইবেলি ধুবুৰীত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’ব বুলি মন্তব্য কৰে আৰু এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম বিজয়ী হোৱাৰ সম্ভাবনা থকা বুলি দাবী কৰে। আনহাতে সম্প্ৰতি ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বালাজানৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়াংকা গান্ধীয়ে বিজেপিক ৱাছিং মেছিন বুলি কৰা কটাক্ষৰ ওপৰত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁলোকৰ তাত আৰু ডাঙৰ ৱাছিং মেছিন থকা বুলি কটাক্ষ কৰি ডাঃ শৰ্মাই কয়, “অৰবিন্দ কেজৰিৱালক কি ধৰণৰ ৱাছিং মেছিনেৰে ধুলে তেওঁলোকে! আপুনি প্ৰিয়াংকা গান্ধীক শুধক – চাৰিমাহ পূৰ্বে তেওঁ কৈ আছিল, অৰবিন্দ কেজৰিৱালে সুৰাৰ ধন লুণ্ঠন কৰিছে। আৰু, চাৰি মাহ পিছত কৈ আছে অৰবিন্দ কেজৰিৱাল ভাল মানুহ। তেওঁৰ তাত কি, হাই ভোল্টেজ ৱাছিং মেছিন আছে? কওকচোন!” উল্লেখ্য যে, আজিৰ সভাখনত এনডিএ প্ৰাৰ্থী জাবেদ ইছলামৰ উপৰিও অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস, ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ, অগপৰ ৰাজ্যিক উপ-সভাপতি অপূৰ্ব কলিতা, বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত, সম্পাদকদ্বয় নিৰ্মাল্য পাল আৰু ভাগীৰথ ওঝা, দলটোৰ জ্যেষ্ঠ নেতা বিমল ওচৱাল, ডাঃ দেৱময় সান্ন্যাল, দীপক কুমাৰ সাহা প্ৰমুখ্যে বিজেপি আৰু অগপৰ বিভিন্ন স্তৰৰ কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like