নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সঞ্জিত কুমাৰ ৰয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি ৰূপহী তিনিআলিত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলায় এক অভিযান ৷
আৰক্ষীৰ অভিযানত এএছ-১২ এম-৫৫০২ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ কফ ছিৰাফ জব্দ কৰে ৷ বাহনখনৰ পৰা আৰক্ষীয়ে দুটা কাৰ্টনত ২৪০টা কফ ছিৰাপৰ বটল জব্দ কৰে ৷ লগতে নিচাজাতীয় কফ ছিৰাফ সৰবৰাহৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ কৰা লোক দুজন হ’ল বিতুমণি শইকীয়া আৰু জেহিৰুল ইছলাম ৷ বিতুমণি শইকীয়াৰ ঘৰ নগাঁও খুটিকটীয়াত আৰু জেহিৰুল ইছলামৰ ঘৰ নগাঁও মিলনপুৰত ৷ ৰূপহীহাট আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
প্ৰেৰক জহিৰুল ইছলাম