নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালুক আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

লখিমপুৰ জিলাৰ লালুকত আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ যোৱানিশাও  লালুক আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী৷ লালুক আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত লালুক থানাৰ অ’চি সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে যোৱানিশা লালুক-বিহপুৰীয়া সংযোগী ৰাজ্যিক ঘাইপথত কৰুণাবাৰী নামৰ ঠাইত অভিযান চলাই এখন ই-ৰিক্সাত তালাচী চলাই পাঁচ পেকেট ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলায়৷

লালুক থানাৰ অ’চি সীমান্ত পাঠকে জনোৱা মতে, খাইৰুল ইছলাম (৩০) আৰু আব্দুল জলিল (৪৯) নামৰ লোক দুজন লোকে পাঁচটা চাবোনৰ বাকচত পাঁচ পেকেট ড্ৰাগছ ভৰাই ই-ৰিক্সাৰে বঙালমৰা দিশৰ পৰা লালুক অভিমুখে আহি আছিল৷ কৰুণাবাৰীত আৰক্ষীৰ দলটোৱে ই-ৰিক্সাখন ৰখাই তালাচী চলাওঁতে ড্ৰাগছখিনি উদ্ধাৰ হয়৷ লগতে খাইৰুল ইছলাম আৰু আব্দুল জলিলকো আৰক্ষীয়ে কৰায়ত্ত কৰে৷

ড্ৰাগছ সৰবৰাহকাৰী  খাইৰুল ইছলাম হৈছে বিহপুৰীয়া থানাৰ অন্তৰ্গত ২নং ইছলামপুৰৰ আব্দুল মালেকৰ পুত্ৰ৷ আনহাতে, আব্দুল জলিল লালুক থানাৰ অন্তৰ্গত ইছলামপুৰ গাঁৱৰ আব্দুল ৰছিদৰ পুত্ৰ৷ আৰক্ষীয়ে ড্ৰাগছসহ সৰবৰাহকাৰী দুয়োটাকে লালুক থানালৈ আনি আজি দুয়োকে জে’ললৈ নিক্ষেপ কৰিছে৷

নিয়মীয়া বাৰ্তা, লালুক, ২৯ মাৰ্চ :
You might also like