নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসমুদ্ৰৰ মাজত লিডুত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্বাচনী ৰণডংকা

ডিজিটেল ডেস্ক, মাৰ্ঘেৰিটা, ২৯ মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰে তুংগত  উঠিছে। আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিবলৈ লিডুত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন।

আজি বৰগোলাই বাঁহবাৰী খেলপথাৰত নিৰ্ধাৰিত সময়ত ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰে। তাৰ পৰা তেওঁ পোনে পোনে নিৰ্বাচনী সভাৰ থলী লিডু বজাৰ হাইস্কুল খেলপথাৰত উপস্থিত হয়। হাজাৰ হাজাৰ বিজেপি কৰ্মী আৰু স্থানীয় ৰাইজৰ ‘ভাৰত মাতা কী জয়’ আৰু ‘বিজেপি জিন্দাবাদ’ ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল হৈ পৰে। সভাপতিগৰাকীৰ সৈতে আজিৰ এই গুৰুত্বপূৰ্ণ সভাত ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী অৰুণ চাহুও উপস্থিত থাকি দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

সভাত উপস্থিত ৰাইজক সম্বোধন কৰি নীতিন নবীনে কয় যে অসমত এতিয়া উন্নয়নৰ জোৱাৰ উঠিছে। কংগ্ৰেছৰ শাসনৰ সময়ছোৱাক ‘ক’লা দিন’ৰ সৈতে তুলনা কৰি তেওঁ উল্লেখ কৰে যে ২০১৬ চনৰ পৰা বিজেপিয়ে অসমৰ শাসনভাৰ লোৱাৰ পাছতহে ৰাজ্যখনত প্ৰকৃত শান্তি আৰু প্ৰগতি সম্ভৱ হৈছে। তেওঁ কয়- “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত।”

মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত পুনৰবাৰ ভাস্কৰ শৰ্মাক সৰ্বাধিক ভোটত জয়ী কৰোৱাটো অতি প্ৰয়োজনীয়। নিৰ্বাচনৰ প্ৰাকক্ষণত আজি লিডুৰ পৰা বিজেপিয়ে দিয়া এই নিৰ্বাচনী হুংকাৰে বিৰোধী শিবিৰত জোকাৰণি তোলাটো নিশ্চিত।

আজিৰ এই নিৰ্বাচনী সভাত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। বিশেষকৈ মহিলা আৰু যুৱক-যুৱতীসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে ৰাষ্ট্ৰীয় সভাপতিগৰাকীক যথেষ্ট উৎসাহিত কৰা দেখা গ’ল। ভাষণৰ অন্তত তেওঁ যথেষ্ট আত্মবিশ্বাসেৰে কয় যে মাৰ্ঘেৰিটাৰ ৰাইজে এইবাৰো বিজেপিৰ পক্ষত থিয় দিয়াটো থিৰাং কৰিছে।

You might also like