নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰক্ষকেই ভক্ষকঃ কাজিৰঙাত গঁড়ৰ খড়গসহ দুই বনকর্মী গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চল এলেকাত শনিবাৰে এগৰাকী বনকর্মী আৰু এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান গঁডৰ খড়গৰ টুকুৰাসহ গ্রেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্রতিক্রিয়া সৃষ্টি কৰিছে৷

জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নিৰাপত্তাৰ দায়িত্বত থকা দুজন বনকর্মীসহ গৃহৰক্ষী জোৱানৰ হাতৰ পৰা গঁড়ৰ খড়গ উদ্ধাৰ হোৱা ঘটনাই এই কথা স্পষ্ট কৰিছে যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ একাংশ বন বিভাগৰ লোক আৰু গৃহৰক্ষী বাহিনীৰ জোৱান গঁডৰ খড়গৰ ব্যৱসায়ৰ লগত জড়িত হৈ আহিছে৷

কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ এক সূত্রই জনোৱা মতে, বনাঞ্চলখনৰ ভৈচামাৰী বন শিবিৰৰ দায়িত্বত থকা ছনিয়া ওৰাং আৰু গৃহৰক্ষী বাহিনীৰ জোৱান দ্বীপেন কুমাৰ নাথে ৰাষ্ট্রীয় উদ্যানখনত পৰি থকা এটুকুৰা গঁড়ৰ খড়গৰ বিভাগীয় কার্যালয়ত জমা নিদি লুকুৱাই ৰাখিছিল৷

উদ্যানখনৰ কর্তৃপক্ষই গোপন সূত্রে এই খবৰ লাভ কৰি শনিবাৰে অভিযান চলাই উদ্যান কর্তৃপক্ষই খড়গৰ টুকুৰাটো তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিগত বর্ষত এই দুজন কর্মচাৰীয়ে চাৰিটাকৈ গঁড়ৰ খড়গ উদ্ধাৰ কৰি উদ্যানখনৰ কর্তৃপক্ষক জমা দিছিল যদিও এইবাৰ তেওঁলোকে উদ্ধাৰ কৰা গঁড়ৰ খড়গৰ টুকুৰাটো কর্তৃপক্ষক জমা নিদি বিক্রী কৰাৰ পৰিকল্পনাৰে লুকুৱাই ৰাখিছিল৷

জানিব পৰা মতে, এই দুজন কর্মচাৰীৰ লগত গঁডৰ খড়গৰ চোৰাং ব্যৱসায়ীৰ সম্পর্ক আছে৷ উল্লেখ্য যে বন বিভাগে গ্রেপ্তাৰ কৰা বনকর্মী ছনিয়া ওৰাঙৰ অৱসৰলৈ মাত্র এবছৰ বাকী৷ ঘটনা সন্দর্ভত বন বিভাগে দুয়োকে জেৰা অব্যাহত ৰখাৰ লগতে তদন্ত চলাই আছে৷ আৰক্ষীৰ তদন্তত গঁডৰ খড়গৰ চোৰাং ব্যৱসায় সন্দর্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ বন বিভাগে গ্রেপ্তাৰ কৰা ছনিয়া ওৰাঙৰ ঘৰ বাগৰিত আৰু দ্বীপেন কুমাৰ নাথৰ ঘৰ নগাঁৱৰ জাজৰিত বুলি জানিব পৰা গৈছে৷

You might also like