নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে আক্রান্ত ২,৩৭৫ মৃত ২৮

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  শনিবাৰে ৰাজ্যখনত ২,৩৭৫জন লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে শনিবাৰৰ দিনটোত ক’ভিডত আক্রান্ত ২৮জন লোক মৃত্যুমুখত পৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে প্রকাশ কৰা অনুসৰি শনিবাৰে ৰাজ্যখনত মুঠ ১,৩৪,০৮৫জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ২,৩৭৫জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ১.৭৭ শতাংশ৷ শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত গোলাঘাটৰ ৩১৬, যোৰহাটৰ ২৩১, কামৰূপ মেট্র’ৰ ১৬৮, লখিমপুৰৰ ১৬৬জন লোক আছে৷

আনহাতে, ক’ভিডত আক্রান্ত হৈ শনিবাৰে ২৮জন লোকৰ মৃত্যু হয়৷ চৰাইদেউ–যোৰহাট–ন তিনিজনকৈ, ডিব্রুগড়–কামৰূপত দুজনকৈ, বিশ্বনাথ–বঙাইগাঁও– আৰু শোণিতপুৰৰ এজনকৈ লোকৰ মৃত্যু হৈছে৷

ইপিনে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ২,৫২৪জন লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৪.২৪ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৯০ শতাংশ৷ অসমত বর্তমান ২৩,৭৩৭জন সক্রিয় ক’ভিড ৰোগী আছে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি যোৱা ২৪ জুনৰ পৰা শনিবাৰেলৈকে ১০টা দিনত জিলা অনুসৰি ক’ভিড ৰোগীৰ সংখ্যা এনেধৰণৰ– গোলাঘাটৰ ২,৭৫৪জন, শোণিতপুৰৰ ১,৯৯০জন, যোৰহাটৰ ১,৬৯৩জন, কামৰূপ মেট্র’ৰ ১,৬২৮জন, নগাঁৱৰ ১,৩৬৪জন, ডিব্রুগড়ৰ ১,৩২৬জন, বিশ্বনাথৰ ১,৩০৮জন, লখিমপুৰৰ ১,২৭৯জন, কামৰূপৰ ১,১০১জন, মৰিগাঁৱৰ ১,০৫৯জন, তিনিচুকীয়াৰ ৯৩৩জন, শিৱসাগৰৰ ৮৪২জন, গোৱালপাৰাৰ ৬৯৮জন, ধেমাজিৰ ৬৯৭জন, কাছাৰৰ ৬৫৫জন, বাক্সাৰ ৫৪৪জন, বৰপেটাৰ ৫৩৯জন, কার্বি আংলঙৰ ৫৩১জন, কৰিমগঞ্জৰ ৪৯৯জন, নলবাৰীৰ ৪৮৩জন, দৰঙৰ ৪৩৬জন, কোকৰাঝাৰৰ ৪২৯জন, চৰাইদেউৰ ৩৮৩জন, ওদালগুৰিৰ ৩১৯জন, হোজাইৰ ৩১৪জন, বঙাইগাঁৱৰ ২৯০জন, চিৰাঙৰ ২০৭জন, ধুবুৰীৰ ২০০জন, ডিমা হাছাওৰ ১৭৯জন, মাজুলীৰ ১৪৪জন, হাইলাকান্দিৰ ১২৫জন, পশ্চিম কার্বি আংলঙৰ ১০৩জন আৰু দক্ষিণ শালমাৰাৰ ২২জন৷

You might also like