নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক ছাগলীয়া আৰক্ষীৰ

🔹 আৰক্ষীক দেখি খিৰিকীৰে পলাবলৈ ল‌ওঁতে ভৰি ভাঙিল মুছাবুলৰ

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : ধুবুৰী জিলাৰ অসম-পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক কৰা হয় দুই সৰবৰাহকাৰীক। যোৱানিশা ছাগলীয়া আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত গাজিৰকুটিত অভিযান চলায়। অভিযানত ৯৬টা সন্দেহজনক হেৰ‌’ইনৰ কন্টেইনাৰ জব্দ কৰে । জব্দকৃত প্ৰায় এশ বাইশ গ্ৰাম ওজনৰ হেৰ‌’ইনখিনিৰ বজাৰ মূল্য পাঁচ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছৰ লগতে দুই সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে কাষৰীয়া পশ্চিমবংগৰ বক্সিৰহাট থানাৰ বালাকুঠীৰ মুছাবুল সেখ আৰু ছোটো লাউকুঠীৰ বিশ্বজিৎ সূত্ৰধাৰ। আৰক্ষীক দেখি মুছাবুলে খিৰিকীৰে জঁপিয়াই পলাবলৈ ল‌ওঁতে পৰি ভৰি এখন ভাঙে। আৰক্ষীয়ে তেওঁক চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like