নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলাৎকাৰৰ অভিযোগত ৯ বছৰৰ কাৰাদণ্ড ৰবীনহোক

🔹 ২০১৩ চনত ইটালীত সংঘটিত হৈছিল মহিলাক দলবদ্ধ বলাৎকাৰৰ ঘটনা

বিশেষ বাৰ্তা, ২৩ মার্চ : ডানি আলভেছৰ পাছত বলাৎকাৰৰ অপৰাধত কাৰাদণ্ড বিহা হ’ল ব্রাজিলৰ আন এগৰাকী তাৰকা ফুটবলাৰক৷ ইটালীত বলাৎকাৰৰ অভিযোগত কাৰাবাস খাটিব ৰবীনহোই৷ অৱশ্যে ব্রাজিলৰ তাৰকা ফুটবলাৰগৰাকীক ইটালীৰ পৰিৱর্তে ব্রাজিলৰ জে’লত ৰখা হ’ব৷ ব্রাজিলৰ প্রাক্তন ফুটবলাৰগৰাকীক বলাৎকাৰৰ গোচৰত ৯ বছৰৰ কাৰাদণ্ড বিহা হৈছে৷ দুবছৰ পূর্বে তেওঁক দোষী সাব্যস্ত কৰা হৈছিল আৰু এইবাৰ শাস্তি ঘোষণা কৰা হয়৷ ২০১৩ চনত ইটালীত এগৰাকী মহিলাক দলবদ্ধ বলাৎকাৰ কৰা হৈছিল৷ সেই বলাৎকাৰৰ গোচৰত ৰবীনহো জড়িত আছিল৷ ইটালী চৰকাৰে কয় যে ৰবীনহোই ব্রাজিলৰ জে’লত থাকিব৷ ইমানদিনে তেওঁ গৃহবন্দী হৈ আছিল৷ এইবাৰ তেওঁক জে’ললৈ লৈ যোৱা হ’ব৷ ব্রাজিলৰ আদালতেও একে ৰায় দিয়ে৷ ২০১৩ চনত এ চি মিলান ক্লাবত থকাৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল৷ ব্রাজিলৰ হৈ ১০০খন মেচ খেলি ২৮টা গ’ল স্ক’ৰ কৰা ষ্ট্রাইকাৰগৰাকীয়ে কাৰাদণ্ড বাতিলৰ আবেদন জনাইছিল যদিও ব্রাজিলৰ আদালতে বৃহস্পতিবাৰে নাকচ কৰে৷

You might also like